দশম শ্ৰেণী অসমীয়া অধ্যায় 11 – অৰণ্যযাত্ৰা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 11 – অৰণ্যযাত্ৰা (অনুৰাধা শৰ্মা পূজাৰী) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ একাদশ অধ্যায় ‘অৰণ্যযাত্ৰা’ বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 11 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘অৰণ্যযাত্ৰা’ নামৰ এই পাঠটিত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, বন্যপ্ৰাণী আৰু অৰণ্য সংৰক্ষণৰ গুৰুত্ব তথা লেখিকাৰ এক মনোমোহা অৰণ্য ভ্ৰমণৰ অভিজ্ঞতা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- অৰণ্যযাত্ৰা পাঠৰ মূল বিষয়বস্তু, প্ৰকৃতি প্ৰেম আৰু অৰণ্য সংৰক্ষণৰ বাৰ্তাৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- অৰণ্যযাত্ৰা পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
অৰণ্য যাত্রা ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. পাহিৰ ককায়েকৰ নাম কি? {2026}
উত্তৰঃ পাহিৰ ককায়েকৰ নাম হ’ল পল।
2. পল কোন শ্রেণীত পড়ে? {2025}
উত্তৰঃ পল নৱম শ্ৰেণীত পড়ে।
3. “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”- কথাষাৰৰ বক্তা কোন? {2020}
উত্তৰঃ এই কথাষাৰৰ বক্তা হ’ল পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।
4. অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? {2024}
উত্তৰঃ অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে পাহিক দায়িত্ব দিয়া হৈছিল।
5. অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে কি বটা লাভ কৰিছিল? {2023}
উত্তৰঃ ‘ৰেনেছাঁ অসম বঁটা’ লাভ কৰিছিল।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? {Bajali,Tamulpur}
উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপীৰাম হাজৰিকা।
2. কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজন কোন? {Baksa,Lakhim}
উত্তৰঃ মহীচন্দ্ৰ মিৰি।
3. লর্ড কার্জন কোন? {Barpeta,Dhubri,Sonitpur}
উত্তৰঃ লর্ড কার্জন তদানীন্তন বৃটিছ চৰকাৰৰ ভাইচৰয় আছিল।
4. বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী কোন আছিল? {Kamrup M, Darrang}
উত্তৰঃ মহীচন্দ্ৰ মিৰি।
5. ‘জুবিন গাৰ্গ জিন্দাবাদ’ গ্রন্থখন কোনে ৰচনা কৰিছিল? {Kamrup R,Majuli}
উত্তৰঃ প্ৰাঞ্জল শৰ্মা।
6. “চেমনীয়াৰ বিশ্ব সাহিত্য’ৰ লেখক কোন? {Lakhimpur}
উত্তৰঃ ড° জয়শ্রী গোস্বামী মহন্ত।
7. মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম বাক্তি গৰাকী কোন আছিল? {Udalguri}
উত্তৰঃ মহীচন্দ্ৰ মিৰি।
8. অনুৰাধা শৰ্মা পুজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে কি বঁটা লাভ কৰে? {Nalbari}
উত্তৰঃ ২০১৩ চনত ৰেনেছাঁ অসম বঁটা লাভ কৰে।
9. ড° জয়শ্রী গোস্বামী মহন্ত কোনখন কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে? {Biswanath}
উত্তৰঃ ‘এদিনৰ সংবাদ’ কাকতৰ।
10. অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোৱৰণী বঁটা লাভ কৰে? {Biswanath}
উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’ উপন্যাসৰ বাবে।
11. ‘আগন্তুক’ উপন্যাসখনৰ ৰচক কোন? {Darrang}
উত্তৰঃ ড° নীলমণি ফুকনৰো
12. ডঃ জয়শ্রী গোস্বামী মহন্তৰ দ্বাৰা ৰচিত এখন উপন্যাসৰ নাম লিখা। {Darrang,Salmara}
উত্তৰঃ ‘চাণক্য’
13. মহীচন্দ্র মিৰি কোন? {Dhubri,Golaghat}
উত্তৰঃ মহীচন্দ্ৰ মিৰি প্ৰথম অসম তথা ভাৰতীয় বন বিষয়া।
14. অনুৰাধা শর্মা পূজালীৰ এখন উপন্যাসৰ নাম লিখা। {Dhubri}
উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’ ।
15. কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? {Hojai}
উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’।
16. অৰণ্য যাত্ৰাৰ দলটোত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছিল? {Hojai}
উত্তৰঃ পঞ্চাশগৰাকী (৫০ জন)।
17. ড° জয়শ্রী মহন্তই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। {Morigaon}
উত্তৰঃ ‘চাণক্য’।
18. প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া জনৰ নাম কি? {Morigaon}
উত্তৰঃ মহীচন্দ্ৰ মিৰি।
19. মানুহৰ জীৱনৰ প্রথম পাঠশালা কি? {Tinisukia,Salmara}
উত্তৰঃ প্ৰকৃতি।
20. অনুৰাধা শৰ্মা পূজাৰীয়ে ‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল? {Nagaon}
উত্তৰঃ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা (২০০৩ চনত)।
21. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিবী বিখ্যাত? {Kokrajhar}
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে পৃথিবী বিখ্যাত।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক অৰণ্য দৰ্শনৰ বাবে পুৱা কিমান বজাত উঠিবলৈ কৈছিল?
উত্তৰঃ পুৱা চাৰি বজাত।
2. অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি আছিল?
উত্তৰঃ তপন বৰুৱা।
3. বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল?
উত্তৰঃ মালৱিকা বাইদেউ।
4. খোৱা মেজৰ বেৰত ইংৰাজীতে কি লিখা আছিল?
উত্তৰঃ ‘Self Service’ (ছেল্ফ ছাৰ্ভিচ)।
5. পল, আফতাব আৰু সৌৰভক বিলৰ পৰা কোনে উদ্ধাৰ কৰিছিল?
উত্তৰঃ গাঁওখনৰ পাঁচজনী ছোৱালীয়ে (দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী)।
6. পলহঁতক উদ্ধাৰ কৰা ডাঙৰ ছোৱালীজনীৰ নাম কি আছিল?
উত্তৰঃ দীপালী।
7. পলহঁত যিখন নাৱত উঠিছিল, তাত পানী কিয় সোমাইছিল?
উত্তৰঃ নাওখনৰ তলিত এটা ফুটা থকাৰ বাবে পানী সোমাইছিল।
8. মানুহ সুস্থ শৰীৰে জীয়াই থাকিবলৈ হ’লে অতি কমেও কিমান শতাংশ অম্লজানৰ প্ৰয়োজন?
উত্তৰঃ অতি কমেও পঁয়ত্রিশ (৩৫) শতাংশ।
9. গছ আৰু বহু জীৱই উশাহত কি গেছ এৰি দিয়ে?
উত্তৰঃ এঙাৰ গেছ (কাৰ্বন ডাই অক্সাইড)।
10. কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
11. লেডী কাৰ্জনক কোনে প্ৰথমে গঁড় দেখুৱাইছিল?
উত্তৰঃ নিগনা চিকাৰী বা বাপীৰাম হাজৰিকাই।
12. মহীচন্দ্ৰ মিৰিয়ে কাজিৰঙাৰ গঁড় ক’লৈ পঠিয়াইছিল?
উত্তৰঃ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ।
13. কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়া ব্যক্তি গৰাকী কোন?
উত্তৰঃ কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়া ব্যক্তি গৰাকী মহীচন্দ্ৰ মিৰি।
14. অনুৰাধা শর্মা পূজাৰীয়ে কিহৰ বাবে ২০১৩ চনত ‘ৰেনেছা অসম বঁটা’ লাভ কৰিছিল?
উত্তৰঃ সাহিত্য আৰু সংবাদ সেৱাৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে ‘ৰেনেছা অসম বঁটা’ লাভ কৰিছিল।
15. ‘হৃদয় এক বিজ্ঞাপন’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী
16. কাজিৰঙাৰ প্ৰথম অসমীয়া বন বিষয়া কোন?
উত্তৰঃ মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম অসমীয়া বন বিষয়া।
17. অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্তু ভৰাই লৈছিল?
উত্তৰঃ অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত সৰু আৰু ডাঙৰ দুখন টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামোচা, প্রথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপোৰ আৰু কলম বস্তু ভৰাই লৈছিল।
18. ‘চন্তৰী’ মানে কি?
উত্তৰঃ চন্তৰী মানে প্ৰহৰী।
19. ‘টুলুং ভুটুং’ মানে কি বুজা লিখা।
উত্তৰঃ সহজতে লৰচৰ কৰা বা পানীত নাৱে বৰকে কাটিকুটা কৰা।
20. পাহি আৰু পল কোন শ্ৰেণীত পঢ়ে?
উত্তৰঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
21. অৰণ্য যাত্ৰাৰ দলটোত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা কিমান আছিল?
উত্তৰঃ অৰণ্য যাত্ৰাৰ দলটোত পাঁচ-ছয়গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছিল।
22. ছাত্ৰ-ছাত্ৰীসকলক লগত কি কি বস্তু নিবলৈ মানা কৰা হৈছিল?
উত্তৰঃ কেমেৰা আৰু ম’বাইল ফোন।
23. যাত্ৰাৰ সময়ত বাছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ কাক দায়িত্ব দিয়া হৈছিল?
উত্তৰঃ পাহি আৰু বিদিশাক।
24. যাত্ৰাৰ সময়ত খাদ্যবস্তু আৰু পানীৰ বটল বিতৰণ কৰিবলৈ কাক দায়িত্ব দিয়া হৈছিল?
উত্তৰঃ সৌৰভ আৰু আফতাবক।
25. অংকৰ শিক্ষকজনৰ নাম কি আছিল?
উত্তৰঃ ৰঞ্জিত হাজৰিকা।
26. অনুৰাধা শৰ্মা পূজাৰীৰ এখন গল্প-সংকলনৰ নাম লিখা।
উত্তৰঃ ‘বসন্তৰ গান’ (বা ‘এজন অসামাজিক কবিৰ বায়গ্রাফী’)।
27. ‘কাঞ্চন’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী।
28. অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান কোনখন মাহেকীয়া আলোচনীৰ সম্পাদক?
উত্তৰঃ ‘সাতসৰী’ আলোচনীৰ।
29. ‘কাতি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ এঢলীয়া বা এফালে ওখ এফালে চাপৰ হৈ পৰা।
30. ‘গির্জনি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ বহুত মানুহে একেলগে হঁহাৰ শব্দ।
HSLC PYQs (2023-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।’
-কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? {2026}
2. অৰণ্য যাত্রা দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? {2024}
3. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? {2025}
4. “অ’ বাইদেউহঁত আমাক বচোৱা বচোৱা।” কোনে, কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল? {2024}
5. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? {2023,20}
6. ‘কামত ল’ৰা-ছোৱালী’ বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”- এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আতিগুৰি মাৰি লিখা। {2023}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? {Baksa,Jorhat,Kamrup M}
2. নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেঁও প্রথমে কাক কাজিৰঙাৰ গঁড় দেখুৱাইছিল? {Barpeta}
3. কাজিৰঙালৈ যাওঁতে পাহি আৰু পলক মাক-দেউতাকে কি উপদেশ দিছিল? {Kamrup R}
4. চৈয়দ আব্দুল মালিকৰ দুখন উপন্যাসৰ নাম লিখা। {Kamrup R}
5. “আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছিল।”- কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছিল লিখা। {Lakhimpur}
6. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থী সকলে শিক্ষক-শিক্ষয়িত্রী সকলক অৱগত কৰিছিল? {Udalguri}
7. “আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।” – কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? {Nalbari}
8. “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।” – কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল? {Nalbari}
9. “পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ।” – কথাষাৰ কোনে, কাক কি প্রসংগত কৈছিল? {Bongaigaon}
10. ‘একোখন অৰণ্য মানুহৰ হাঁওফাঁওৰ দৰে।’ -এইদৰে কোনে কাক কৈছিল লিখা। {Darrang}
11. প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে? {Golaghat}
12. প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? {Hojai,Nagaon}
13. কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়াজন কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কি ভূমিকা গ্রহণ কৰিছিল? {Majuli}
14. প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৰ্ষণ কৰে? {Morigaon}
15. ড’ জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে? তেখেতক ভাৰত চৰকাৰে কি উপাধিৰে সন্মানিত কৰে? {Tamulpur}
16. নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল? {Tinisukia,Salmara}
17. পাহিয়ে গছ-গছনিক কিয় ভাল পাইছিল? {Kokrajhar}
18. ‘সৌৱা চা, এখন নাও আছে পুখুৰীটোত।’ -কোনে দেখুৱাইছিল? পিছত সৌৰভে পুখুৰী সম্পর্কে কি ক’লে? {Kokrajhar}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল, আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? {Baksa}
2. প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে। {Barpeta}
3. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্রী সকলক অৱগত কৰিছিল? {Lakhimpur}
4. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? {Sonitpur}
5. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাৰ তিনিটা উল্লেখ কৰা। {Sonitpur}
6. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থী সকলে শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল? {Nalbari,Bajali,Kamrup M,Bongaigaon,Darrang, Morigaon, Salmara,Hojai}
7. ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা।’ – এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল। আতিগুৰি মাৰি লিখা। {Biswanath}
8. প্রকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে? {Tamulpur}
9. শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল? {Nagaon}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কাজিৰঙালৈ গৈ শিক্ষার্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে? {Jorhat}
2. “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।” এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় কথাষাৰ ক’বলগীয়া হৈছিল বুজাই লিখা। {Dubri}
3. শিক্ষক শিক্ষয়িত্ৰী সকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত পৰিস্থিতি কি হ’ল বহলাই লিখা? {Kokrajhar}



