Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Solution | SEBA Assam

SEBA Class 10 Assamese Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা

SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 14 – ধৰ ঝাড়ু ধৰ ভাইৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।

📖 অধ্যায়ৰ বিষয়বস্তু:

ধৰ ঝাড়ু ধৰ ভাই হ’ল এটি প্ৰেৰণাদায়ক সাহিত্যিক ৰচনা, সম্ভৱতঃ কবিতা, প্রবন্ধ, বা বর্ণনামূলক গদ্য, যি পৰিচ্ছন্নতা, সামাজিক দায়িত্ব, আৰু সম্প্ৰদায়ৰ ঐক্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পাঠত সমাজৰ সকলো সদস্যক পৰিচ্ছন্নতাৰ অভিযানত যোগদানৰ বাবে উৎসাহিত কৰা হয়, যি স্বচ্ছ ভাৰত অভিযানৰ দৰে উদ্যোগৰ সৈতে সংনাদী। ৰচনাটোৰ মূল বাৰ্তা হ’ল পৰিৱেশ সুৰক্ষা আৰু সামূহিক কৰ্মৰ জৰিয়তে সমাজৰ উন্নতি। ছাত্ৰ-ছাত্ৰীয়ে এই অধ্যায়ৰ জৰিয়তে অসমীয়া সাহিত্যৰ সামাজিক সচেতনতামূলক শৈলী আৰু পৰিচ্ছন্নতাৰ সামাজিক মূল্য শিকিব। [দ্ৰষ্টব্য: নিৰ্দিষ্ট ৰচনা বা লেখক অবিহনে, আমি ধৰি লৈছোঁ যে এইটো পৰিচ্ছন্নতাৰ ওপৰত এটি প্ৰতিনিধিত্বমূলক ৰচনা।]

📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:

  • পাঠৰ সাৰাংশ – ধৰ ঝাড়ু ধৰ ভাইৰ মূল বাৰ্তা আৰু পৰিচ্ছন্নতাৰ গুৰুত্বৰ সংক্ষিপ্ত ব্যাখ্যা।
  • সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে প্ৰেৰণাদায়ক সুৰ, আহ্বানমূলক ভাষা, আৰু প্রতীকী উপমা।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
  • শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
  • সাংস্কৃতিক তাৎপৰ্য – ধৰ ঝাড়ু ধৰ ভাইৰ অসমীয়া সাহিত্য আৰু সমাজত পৰিচ্ছন্নতাৰ প্ৰসাৰৰ ওপৰত প্ৰভাৱ।
  • নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।

📚 Ospin Academy কিয় বাছি ল’ব?

  • SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
  • সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
  • বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
  • সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।

💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 14 – ধৰ ঝাড়ু ধৰ ভাইৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।

Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই

দশম শ্ৰেণী : অসমীয়া

অধ্যায় – 14 (Ospin Academy)

ধৰ ঝাড়ু ধৰ ভাই

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰ :- অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰ :- সাতামপুৰুষীয়া ‘সোণৰ চোতাল-গৰ’ ‘কত যুগৰ ভূওঁৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।

(গ) জাতিৰ জীবন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰ :- জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে অসমীয়া ভাইসকলক বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰ :– কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে।

২। “হ’ল এৱে তোৰ সময় হ’বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই।”

-ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?

উত্তৰ :- ঝাড়ুৰে জাৱৰ-জোঁথৰ সাৰি-পুছি ঘৰ-চোতাল চিকুণাই তোলা হয়। উক্ত কবিতাটোৰদ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান কৰি তাৰদ্বাৰা পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰাৰ সময় হ’ল বুলি উল্লেখ কৰিছে। ইমান দিনে দেশৰ ভাইসকলে পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা অর্চনা দি স জীৱন অতিবাহিত কৰিছিল। ফলত পৰাধীনতাৰ কালিমাই আমাৰ পুৰণি নি ঐতিহ্য বিনষ্ট কৰি পেলাইছিল। গতিকে এই কালিমা আঁতৰ কৰাৰ এয়ে নি উপযুক্ত সময় হোৱা বুলি কৈ দেশৰ ভাইসকলক ঝাড়ুদাৰ হৈ ওলাই আহি সেই কাজল, ছাইৰূপী পৰাধীনতাৰ কলংক আঁতৰাবলৈ আহ্বান জনাইছে।

(৩) “নহ’লে যে বিশ্বসভাত

নহ’ব তোৰ বহাৰ ঠাই।”

বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰ :- আমাৰ ভাইসকলে ইমানদিনে পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা, সেৱা কৰি দিন অতিবাহিত কৰিলে। কিন্তু এতিয়া এইবোৰ কৰি থকাৰ সময় অতিবাহিত হৈছে। এতিয়া সকলোরে ঝাড়ুদাৰ হৈ নিজৰ মাজত থকা হিংসা-দ্বেষ, ঘৃণা-অহংকাৰ, ভেদা-ভেদ আদি মলি মামৰ আঁতৰ কৰি একত্রিতভাবে দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনিব লাগে। অসমীয়া ভাইসকলক বীৰৰ বেশেৰে আগবাঢ়ি গৈ দেশৰ হেৰুওৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰি আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ এই কবিতাটোৰদ্বাৰা কবিয়ে নির্দেশ দিছে।

৪। ‘ধৰ ঝাড়ু ধৰ ভাই’-কবিতাটিৰ মূলভাব লিখা।

উত্তৰ :- ঝাড়ুৰে ঘৰ-দুৱাৰ সাৰি-পুছি চাফ-চিকুণ কৰা হয়। এই কবিতাটোৰ দ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান জনাইছে। পৰাধীনতাৰ কাজল-ছাই বা- কলংকৰে আমাৰ দেশখন ভৰি পৰিছে। আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতালঘৰ আদি বহু যুগৰ ভূঁহুৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছে। ইমানদিনে পৰৰ গোলামি কৰা, পৰৰ পূজা-সেৱা কৰা দেশৰ ভাইসকলে আজি ঝাড়ুৰে সাৰি-পুছি নিজৰ মাজত থকা ভেদা-ভেদ, হিংসা-দ্বেষ, ঘৃণা-অহংকাৰ আদি আঁতৰ কৰি সকলোৱে একত্রিতভাৱে দেশখনৰ হেৰুওৱা স্বাধীনতা পুনৰ ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে নির্দেশ দিছে।

৫। ব্যাখ্যা কৰা:

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,

ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ

কত যে কি মলি মামন

ভৰি জাতিৰ জীৱন যায়।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিপ্লবী কৰি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ‘ধৰ ঝাড়ু ধৰ ভাই’ নামর কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

এই কবিতাটোৰদ্বাৰা কবিৰ দেশৰ প্ৰতি থকা প্রেম, ভালপোৱাৰ সুন্দ প্রতিফলন ঘটিছে। সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলিয়া ডাবদে আৱৰি ধৰিছিল। লোকসকলৰ মাজত হিংসা-দ্বেষ, ভেদা-ভেদ, ঘৃণা অহংকাৰ আদিয়ে প্রাধান্য পাইছিল। ফলত দেশখনৰ চৌপাশ কাজল-ছাই বহু যুগৰ ভূত্বৰ আদিৰে ভৰি পৰিছিল। কবিয়ে দেশখনৰ এই সকলোবোৰ আৱৰ্জনা আঁতৰ কৰি জাতিটোৰ জীৱন ৰক্ষা কৰিবলৈ অর্থাৎ পবাধীনতাৰ কলংক আঁতৰাই দেশখনক পুনৰ স্বাধীন কৰিবলৈ দেশৰ ভাতৃসকলক ঝাড়ুদাৰ হ’বলৈ আহ্বান জনাইছে। এওঁলোকে ঝাড়ুদাৰৰ ৰূপ ধাৰণ কৰি লোকসকলৰ মাজত থকা হিংসা-দ্বেষ, ভেম-অহংকাৰ আদি আঁতৰাই সকলোৱে একত্ৰিতভাবে দেশৰ হেৰুওৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিব লাগে। নহ’লে ভৱিষ্যতে বিশ্বৰ দৰবাৰত এই জাতিটোৱে স্বকীয় বৈশিষ্ট্যকে নিজক প্রতিস্থিত কৰিব নোৱাৰিব। গতিকে কবিয়ে দেশৰ সকলো ভাইকে ঝাড়ুদাৰ হৈ আগবাঢ়ি আহি দেশ পুৰণি কলংক-কালিমা আঁতৰাই দেশখনৰ স ৰূপত গঢ়িবলৈ আহ্বান জনাইছে।

( খ )ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল ছাই।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰী ৰায়চৌধুৰীদেবে ৰচনা কৰা ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে।

এই কবিতাটোৰদ্বাৰা কবিৰ দেশৰ প্ৰতি থকা প্রেম, ভালপোৱা আদিৰ সুন্দৰ প্ৰকাশ ঘটিছে। সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলীয়া ভাৱৰে আৱৰি ধৰিছিল। সাতামপুৰুষীয়া চোতালঘৰ আদিৰ পুৰণি ঐতিহ্য-গৰিমা বহু যুগৰ ভূইৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছিল। গতিকে কবিয়ে -এই জাৱৰ-জোঁথৰবোৰ আঁতৰ কৰি অৰ্থাৎ পৰাধীনতাৰ পৰা দেশখনক উদ্ধাৰ কৰি দেশৰ পুৰণি গৰিমা-কীৰ্তি পুনৰ ওভতাই আনিবলৈ দেশৰ লোকসকলক ঝাড়ুদাৰ হ’বলৈ আহ্বান জনাইছে। দেশৰ ভাইসকল পৰাধীন হৈ থকাৰ সময় শেষ হ’বলৈ উপক্রম হৈছে। ইতিমধ্যেই এওঁলোকৰ মুখ বিকাজল ছাইৰে ভৰি পৰিছে। গতিকে সকলোৱে একত্রিতভাৱেৰে এই কাজল ছাই আঁতৰাই কলংক মোচন কৰাৰ সময় আহি পৰিছে বুলি কবিয়ে উল্লেখ কৰিছে।

৬। ‘ধৰ ঝাড়ু ধৰ ভাই’- কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰ : – ‘ধৰ ঝাড়ু ধৰ ভাই’ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেবে বিচনা কৰা এটা দেশপ্রেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল কাৰাগাৰত তেওঁক পায়খানা সাৰি চাফাই কৰা কাম দিয়া হৈছিল। এই কা কৰোঁতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গৈছিল। কবি ৰায়চৌধুৰীদেৱে ঝাড়ুৰে পায়খানাৰ ময়লা পৰিষ্কাৰ কৰোঁতে দেশখনক আৱৰি ধৰা কাজল-ছাইৰূপী, পৰাধীনতাৰ কলংক-কালি এইবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ ভাইসকলক ঝাড়ুদাৰ হৈ আগব আহিবলৈ আহ্বান জনাইছে। আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতাল ঘৰ বহু যুগৰ পৰাই ভূইব পৰি পৰি পোেত খাই যোৱাৰ উপক্রম হৈছে । গতিকে দেশৰ ভাইসকলে হাতত ঝাড়ুলৈ সেই ভূঁহৰবেৰ সাৰি-পছি- আঁতৰ কৰি চোতাল ঘৰ পৰিষ্কাৰ কৰি সেই পুৰণি ঐতিহ্য কীর্তি পুনৰ ফিৰাই আনিব লাগে। ইমানদিনে এই দেশৰ লোকসকলে আনৰ গোলামি কৰিলে আনৰ চৰণত পুজা অর্চনা দিলে। কিন্তু এতিয়া এওঁলোকে জাতিৰ হেৰুবা স্বাধীনতা পুনব উদ্ভাবৰ বাবে হাতত ঝাড়ু লোৱাৰ সময় আহি গৈছে এওঁলোকে এতিয়া নিজৰ ভিতৰত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ভেম – অহংকাৰ আদি ৰূপী মলি-মামৰবোৰ ঝাড়ু দি আঁতৰ কৰি বীৰৰ বেশেদে একত্রিত হৈ দেশব হেকরা স্বাধীনতা পুনৰ ঘুৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চস্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে উক্ত কবিতাটিত দেশপ্রেমৰ সুন্দৰ নিদর্শন ফুটি উঠা দেখা গৈছে।

ভাষা-বিষয়ক:

১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা

কৰা:

(ক) হীনে-ঘিণে,

(খ) ধাৰে-ঋণে,

(গ) ঘৃণা-ঘৃণি,

(ঘ) জাহি-জাবদ

(ঙ) সাৰি-পুছি,

(চ) মলি-মামৰ।

উত্তৰ :-

(ক)হীনে-ঘিণে: দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশ লোকসকলে হীনে-ঘিণে হ’লেও

পৰৰ গোলামি কৰিবলৈ বাধ্য হৈছিল

(খ) ধাৰে-ঋণেঃ হৰেণে ধাৰে-ঋণে পোত গৈ হ’লেও ছোৱালীজনী

উচ্চ শিক্ষা দিবলৈ চেষ্টা কৰিছে।

(গ) ঘৃণা-ঘৃণি : পৰাধীনতাৰপৰা উদ্ধাৰ হ’বলৈ দেশৰ লোকসকলের নিজৰ মাজত থকা

ঘৃণা-ঘৃণি ত্যাগ কৰি মাৰবান্ধি থিয় দিছিল।

(ঘ) জাহি-জাবৰ: মীৰাই পলকতে চোতালৰ জাহি-জাবৰবো আঁতৰাই চোতালখন পৰিষ্কাৰ

কৰি পেলালে।

ঙ) সাৰি-পুছিঃ আমি সদায় ঘৰ-চোতাল সাৰি-পুছি নিকা কৈ ৰাখিব লাগে।

(চ) মলি-মামৰ: আমি সকলোৱে আমাৰ মাজত থকা হিংসা-দ্বেষ, ভেম-অহংকাৰ, উচ্চ-নীচ

আদিৰূপী মলি-মামৰবোৰ আঁতৰ কৰিব লাগে।

। তলৰ শব্দবোৰত মূর্ছণ্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শেবো:

(ক) সোণ, (খ) ঘৃণা, (গ) ঋণ।

উত্তৰ :-

(ক) সোণ: কিছুমান শব্দত স্বাভাৱিকতেই মূর্ছণ্য ‘ণ’ হয়।

(খ) ঘৃণা : ঋ-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ছণ্য ‘ণ’ হয়।

(গ) ঋণঃ ঋ-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ছণ্য ‘ণ’ হয়।

৩। বিপৰীত শব্দ লিখা:

(ক) ঘৃণা, (খ) স্বার্থ, (গ) জীৱন, (ঘ) বীৰ।

উত্তৰ :- শব্দ বিপৰীত শব্দ

(ক) ঘৃণা —– প্রেম

(খ) স্বার্থ —— নিঃস্বার্থ

(গ) জীৱন —— মৰণ

(ঘ) বীৰ —— ভয়াতুৰ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Assamese Chapter 14 – ধৰ ঝাড়ু ধৰ ভাই FAQs
ধৰ ঝাড়ু ধৰ ভাই পাঠটোৰ মূল বিষয় কি?
ধৰ ঝাড়ু ধৰ ভাই হ’ল পৰিচ্ছন্নতা আৰু সামাজিক দায়িত্বৰ গুৰুত্ব তুলি ধৰা এটি প্ৰেৰণাদায়ক ৰচনা। (Dhar Jharu Dhar Bhai is an inspirational composition highlighting the importance of cleanliness and social responsibility.)
ধৰ ঝাড়ু ধৰ ভাইৰ সাহিত্যিক বৈশিষ্ট্য কি?
পাঠটোত প্ৰেৰণাদায়ক ভাষা, আহ্বানমূলক সুৰ, প্রতীকী উপমা, আৰু সৰল কিন্তু প্রভাৱশালী শৈলীৰ ব্যৱহাৰ দেখা যায়। (It features inspirational language, a motivating tone, symbolic metaphors, and a simple yet impactful style.)
ধৰ ঝাড়ু ধৰ ভাইৰ সাংস্কৃতিক তাৎপৰ্য কি?
এই পাঠে পৰিচ্ছন্নতাৰ সংস্কৃতি আৰু সামূহিক দায়িত্বৰ মূল্যবোধ প্ৰচাৰ কৰে, অসমীয়া সাহিত্যৰ জৰিয়তে সমাজ সচেতনতা বৃদ্ধি কৰে। (It promotes a culture of cleanliness and the value of collective responsibility, enhancing social awareness through Assamese literature.)
HSLC পৰীক্ষাত ধৰ ঝাড়ু ধৰ ভাইৰ পৰা কেনে প্ৰশ্ন আশা কৰা যায়?
সংক্ষিপ্ত প্ৰশ্ন (পৰিচ্ছন্নতাৰ গুৰুত্ব, মূল বাৰ্তা), ব্যাখ্যামূলক প্ৰশ্ন (সামাজিক দায়িত্বৰ ভূমিকা, সাহিত্যিক শৈলী), আৰু শব্দাৰ্থ। (Short questions (importance of cleanliness, main message), explanatory questions (role of social responsibility, literary style), and vocabulary.)
এই অধ্যায়ৰ মূল উদ্দেশ্য কি?
ছাত্ৰ-ছাত্ৰীক পৰিচ্ছন্নতা আৰু সামাজিক দায়িত্বৰ মূল্যৰ সৈতে পৰিচয় কৰোৱা আৰু অসমীয়া সাহিত্যৰ জৰিয়তে সমাজ সচেতনতা শিকোৱা। (To introduce students to the value of cleanliness and social responsibility and teach social awareness through Assamese literature.)
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top