দশম শ্ৰেণী অসমীয়া অধ্যায় 16 – প্রাচীন ভাৰতীয় শিক্ষা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 16 – প্রাচীন ভাৰতীয় শিক্ষা (সোণাৰাম চুতীয়া) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘প্রাচীন ভাৰতীয় শিক্ষা’ পণ্ডিত সোণাৰাম চুতীয়াৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 16 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্রাচীন ভাৰতীয় শিক্ষা’ নামৰ এই পাঠটিত প্ৰাচীন ভাৰতৰ গুৰুকুল শিক্ষা ব্যৱস্থা, ছাত্ৰ-শিক্ষকৰ (গুৰু-শিষ্য) মধুৰ সম্পৰ্ক, অনুশাসন, নৈতিক মূল্যবোধ আৰু ব্ৰহ্মচৰ্য পালনৰ গুৰুত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্রাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্য, গুৰুকুলৰ পৰিৱেশ আৰু সোণাৰাম চুতীয়াৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ বিস্তৃত পৰিচয়।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- প্রাচীন ভাৰতীয় শিক্ষা পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
প্রাচীন ভাৰতীয় শিক্ষা ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. নালন্দা বিশ্ববিদ্যালয়ৰ ন-তলীয়া পুথিভঁৰালটোৰ নাম কি? {2025}
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ ন-তলীয়া পুথিভঁৰালটোৰ নাম ‘ৰত্নোদধি’।
2. হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেটটোৰ নাম লিখা। {2024}
উত্তৰঃ ‘প্ৰিয়তমাৰ চিঠি’।
3. নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যক্ষজনৰ নাম কি? {2025}
উত্তৰঃ ‘শীলভদ্র’ নামে এজন উদাসীন পণ্ডিত।
4. শ্রীধান্যকটক বিশ্ববিদ্যায়লৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি আছিল? {2022}
উত্তৰঃ শ্রীধান্যকটক বিশ্ববিদ্যায়লৰ প্ৰধান শিক্ষকগৰাকীৰ নাম ‘নাগার্জুন’ আছিল।
5. মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? {2022}
উত্তৰঃ মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজন ‘চাণক্য’।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. অর্থশাস্ত্ৰৰ প্রণেতা কোন? {Barpeta}
উত্তৰঃ অর্থশাস্ত্ৰৰ প্রণেতা বা ৰচক আছিল চাণক্য।
2. নাগার্জুন কোন? {Baksa}
উত্তৰঃ ‘নাগার্জুন’ শ্রীধান্যকটক বিশ্ববিদ্যায়লৰ প্ৰধান শিক্ষক আছিল।
3. জীৱক কাৰ ছাত্র আছিল? {Jorhat}
উত্তৰঃ জীৱক অত্ৰেয় মুনিৰ ছাত্ৰ আছিল।
4. উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? {Jorhat}
উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো মুছলমান সকলে ১২০২ খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল।
5. আৰ্যশিক্ষাৰ মূলমন্ত্র কি? {Morigaon}
উত্তৰঃ আৰ্য-শিক্ষাৰ মূলমন্ত্র হ’ল মোক্ষ লাভ।
6. ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? {Hojai}
উত্তৰঃ ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।
7. চীন দেশৰ পৰ্ব্বিাজক য়ুয়ানচ্যাঙ কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল? {Majuli}
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ।
8. মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি? {Sonitpur,Bongaigaon}
উত্তৰঃ চাণক্য।
9. তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুর্বেদ শিক্ষা কোনে দিছিল? {Sonitpur}
উত্তৰঃ ‘ৰত্নোদধি’ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল।
10. নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ্যজন কোন আছিল? {Udalguri,Nalbari}
উত্তৰঃ শীলভদ্র।
11. সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজন কোন আছিল? {Darrang,Golaghat,Biswanath,Tamulpur}
উত্তৰঃ পাণিনি।
12. শ্রী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? {DHBR 26,Golaghat 26,Kamrup M}
উত্তৰঃ পাণিনি।
13. মৌর্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল? {Dhubri}
উত্তৰঃ চাণক্য।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. আৰ্যশিক্ষাৰ কলাবিদ্যা কিমানটি ?
উত্তৰঃ আৰ্যশিক্ষাৰ কলাবিদ্যা ৬৪ টি।
2. কৌটিল্যৰ আন এটা নাম কি?
উত্তৰঃ কৌটিল্যৰ আন এটা নাম ‘চাণক্য’।
3. প্রথম অসমীয়া ছনেট ৰচোতা গৰাকীৰ কবিতা সংকলনখনৰ নাম কি?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ কবিতাসংকলনখনি নাম হল ‘ফুলৰ চাকি’।
4. চাণক্যৰ বিশ্ববিখ্যাত গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ চাণক্যৰ বিশ্ববিখ্যাত গ্রন্থখনৰ নাম হল ‘অর্থশাস্ত্র’।
5. প্রথম অসমীয়া ছনেটকাৰ জন কোন?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।
6. হেমচন্দ্ৰ গোস্বামীৰ জন্মস্থান ক’ত আছিল?
উত্তৰঃ গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত।
7. তক্ষশীলাৰ বিশ্ববিদ্যালয়ত কেতিয়াৰ পৰা চীন দেশৰ ছাত্ৰ আহি পঢ়িছিলহি?
উত্তৰঃ যেতিয়া তক্ষশীলা বিশ্ববিদ্যালয় হিন্দু বিশ্ববিদ্যালয়ৰ পৰা গুচি বৌদ্ধ বিশ্ববিদ্যালয় হ’ল, তেতিয়াৰ পৰা তাত চীন দেশৰ ছাত্ৰ আহি পঢ়িছিলহি।
8. বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ অধীনত কিমানখন উচ্চ বিদ্যালয় আছিল?
উত্তৰঃ ছয় খন উচ্চ বিদ্যালয় আছিল।
9. কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনসকল পণ্ডিতৰ মিলনক্ষেত্র আছিল?
উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয় বিক্রমাদিত্যৰ ৰাজত্ব কালাত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলনক্ষেত্র আছিল।
10. ভাস্কৰ বৰ্মা কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ ভাস্কৰ বৰ্মা বিহাৰৰ ৰজা আছিল।
11. নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত ন-তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল?
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত ন-তলীয়া পুথিভঁৰালটোৰ নাম ‘ৰত্নোদধি’ আছিল।
12. নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি আছিল?
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম ‘শীলভদ্র’ আছিল।
13. বিক্রমশীলা বিশ্ববিদ্যালয়ত কিমান জন অধ্যাপক আছিল?
উত্তৰঃ বিক্রমশীলা বিশ্ববিদ্যালয়ত ১০৮ জন অধ্যাপক আছিল।
14. উজ্জয়িনী বিশ্ববিদ্যালয়ত বিশেষকৈ কোনটো শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল?
উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয়ত বিশেষকৈ ‘জ্যোতিষশাস্ত্ৰ’ৰ শিক্ষা দিয়া হৈছিল।
15. আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যা বিশ্ববিদ্যালয়বিলাকত কেইটা বিভাগত দিয়া হৈছিল?
উত্তৰঃ আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যা ১১ টা বিভাগত দিয়া হৈছিল।
16. বিক্রমশীলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল বা কাৰ দিনত ইয়াৰ খ্যাতি বাঢ়িছিল?
উত্তৰঃ ধৰ্মপাল ৰজাৰ দিনত।
17. নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে মুঠ কিমান ছাত্ৰ আছিল?
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল।
18. হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী আছিল।
19. জীৱকে তক্ষশীলা বিশ্ববিদ্যালয়ত কিমান বছৰ পঢ়িছিল?
উত্তৰঃ জীৱকে তক্ষশীলা বিশ্ববিদ্যালয়ত সাত বছৰ পঢ়িছিল।
20. বিক্রমশীলা বিশ্ববিদ্যালয়ত ছাত্ৰ থকাৰ বাবে কেইখন সত্ৰ বা ছাত্ৰাবাস আছিল?
উত্তৰঃ বিক্রমশীলা বিশ্ববিদ্যালয়ত ছাত্ৰ থকাৰ বাবে চাৰিখন সত্ৰ বা ছাত্ৰাবাস আছিল।
21. কৌটিল্যৰ বিশ্ববিখ্যাত গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ কৌটিল্যৰ বিশ্ববিখ্যাত গ্রন্থখনৰ নাম ‘অর্থশাস্ত্র’।
22. কোন ৰজাৰ ৰাজত্বকালত উজ্জয়িনী ভাৰতৰ পণ্ডিতসকলৰ মিলন ক্ষেত্র আছিল?
উত্তৰঃ বিক্রমাদিত্যৰ ৰাজত্ব কালত।
23. আর্যশিক্ষাৰ মূলমন্ত্র _________ ।
উত্তৰঃ মোক্ষ লাভ।
24. সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্রণেতা কোন ?
উত্তৰঃ পাণিনি।
25. চাণক্যৰ আন এটা নাম কি?
উত্তৰঃ কৌটিল্য।
26. শ্রীধান্যকটক বিশ্ববিদ্যালয় ক’ত আছিল?
উত্তৰঃ শ্রীধান্যকটক বিশ্ববিদ্যালয় অম্ৰাৱতী নগৰত আছিল।
27. নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রল কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল?
উত্তৰঃ যুয়ানচ্যাঙক নিমন্ত্ৰণ কৰা হৈছিল।
28. তক্ষশীলা বিশ্ববিদ্যালয়ৰ দুজন/তিনিজন প্রখ্যাত ছাত্রৰ নাম লিখা।
উত্তৰঃ জীৱক, পাণিনি, চাণক্য।
29. মোক্ষ মানে কি?
উত্তৰঃ মোক্ষ মানে নির্বাণ বা মুক্তি।
30. পাণিনি কোন?
উত্তৰঃ সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল? {2026}
2. আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? {2026,22}
3. শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। {2025}
4. প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলমত লিখা। {2025}
5. আজিকালি শিক্ষাৰ লগত প্রাচীনকালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। {2024,22}
6. আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা শিকোৱা দুটা বিভাগৰ নাম লিখা। {2024}
7. প্রাচীন ভাৰতৰ কিমানখন বিশ্ববিদ্যালয় আছিল? প্রত্যেকৰে নাম লিখা। {2023}
8. বিক্রমশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। {2023}
9. প্রাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা। {2022}
10. নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰিছিল? {2022}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিছিল? {Bajali,Nagaon}
2. তক্ষশীলা বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰৰ নাম লিখা। {Baksa}
3. আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ব বিদ্যালয় সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা শিকোৱা যিকোনো দুটা বিভাগৰ নাম লিখা? {Barpeta,Udalguri}
4. পাণিনিৰ এটা চমু পৰিচয় দিয়া। {Kamrup M}
5. প্রত্যেক মানুহৰ চাৰিবিধ পুৰুষাৰ্থ কি কি? {Kamrup R}
6. বিক্রমশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা। {Lakhimpur,Nalbari}
7. চাণক্যৰ আন দুটা নাম কি আছিল? {Sonitpur}
8. নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰিছিল? {Sonitpur,Dhubri,Hojai}
9. তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা। {Biswanath}
10. মানুহৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? {Bongaigaon}
11. তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল? {Darrang}
12. প্রাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা? {Dhubri}
13. নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। {Golaghat}
14. চাৰি পুৰুষাৰ্থ বুলিলে কি বুজা? {Majuli}
15. অষ্টাধায়ী কি? কোনে এই গ্রন্থ লিখিছিল? {Morigaon}
16. কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল? {Tamulpur}
17. ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা। {Nagaon}
18. ভট্টদেৱৰ গদ্যৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। {Salmara}
19. তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? {Salmara}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? {Jorhat}
2. চমু টোকা লিখা {যিকোনো এটা} – তক্ষশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়। {Sonitpur}
3. আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্য্যকৰ কথা বুজাই লিখা। {Udalguri}
4. প্রাচীন ভাৰতৰ কেইখন বিশ্ববিদ্যালয় আছিল? {Nalbari}
5. চাৰি পুৰুষাৰ্থ কি কি?
6. “আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা। {Darrang,Barpeta,Dhubri}
7. আৰ্যশিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্যশিক্ষাৰ কলাবিদ্যা শিকোৱা দুটা বিভাগৰ নাম লিখা? {Dhubri}
8. প্রাচীন কালৰ ভাৰতৰ শিক্ষা আৰু বৰ্তমান শিক্ষাৰ মাজত এক তুলনামূলক বিচাৰ কৰা। {Golaghat}
9. নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ উল্লেখ কৰা। {Majuli}
10. নালন্দা বিশ্ববিদ্যালয় বিষয়ে চমু বৰ্ণনা দাঙি ধৰা। {Morigaon}
11. ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। {Salmara}
12. আৰ্য্যশিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্য্যশিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? {Bajali}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. প্রাচীন ভাৰতৰ যিকোনো দুখন বিশ্ববিদ্যালয়ৰ বিষয়ে একোটা চমুটোকা লিখা। {Jorhat}
2. আৰ্যশিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? {Kamrup M}
3. আজি কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্য বহলাই লিখা। {Lakhimpur}
4. প্রাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলমত লিখা। {Nagaon}
5. প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া। {Bongaigaon}
6. চমুটোকা লিখা (যিকোনো দুটা): চাণক্য, কপিল, বর্ণাশ্রম ধর্ম। {Darrang}
7. আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। {Hojai,Tamulpur}
8.আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা। {Sonitpur}



