SEBA Class 10 Assamese Chapter 3 – প্ৰশস্তি Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা
SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 3 – প্ৰশস্তিৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।
📖 অধ্যায়ৰ বিষয়বস্তু:
প্ৰশস্তি হ’ল এটি সাহিত্যিক ৰচনা, যি সাধাৰণতে কোনো ব্যক্তি, ঘটনা, বা ধাৰণাৰ প্ৰশংসা কৰে, কাব্যিক বা গদ্য শৈলীত। এই অধ্যায়ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰশস্তিৰ সাহিত্যিক গঠন, ভাষাৰ সৌন্দৰ্য, আৰু সাংস্কৃতিক তাৎপৰ্যৰ বিষয়ে শিকিব। পাঠটোত প্ৰশংসাৰ মাধ্যমেৰে মূল্যবোধ, ঐতিহ্য, বা সমাজৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰা হয়। [দ্ৰষ্টব্য: নিৰ্দিষ্ট প্ৰশস্তিৰ বিষয়বস্তু বা লেখক অবিহনে, আমি ধৰি লৈছোঁ যে এইটো এটি প্ৰতিনিধিত্বমূলক অসমীয়া সাহিত্যিক ৰচনা।]
📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:
- পাঠৰ সাৰাংশ – প্ৰশস্তিৰ মূল ভাৱ আৰু উদ্দেশ্যৰ সংক্ষিপ্ত ব্যাখ্যা।
- সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে কাব্যিক গঠন, উপমা, আৰু আবেগৰ প্ৰকাশ।
- পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
- শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
- সাংস্কৃতিক তাৎপৰ্য – প্ৰশস্তিৰ অসমীয়া সাহিত্য আৰু সংস্কৃতিত প্ৰভাৱ।
- নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।
📚 Ospin Academy কিয় বাছি ল’ব?
- SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
- সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
- পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
- বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
- সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।
💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 3 – প্ৰশস্তিৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।
Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 3 – প্ৰশস্তি Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Limited Time Offer!
(According to Latest Syllabus 2026-27)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া) with this chapter-wise Textual Solutions PDF.
Includes complete textual answers, exact explanations, solved MCQs, Grammar, and Baichitramoy Asom for every chapter according to the latest ASSEB syllabus.
Ideal for home study, accurate homework help, and quick exam revision!
প্ৰশস্তি
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
ভাৱ-বিষয়ক
১। অতি চমু উত্তৰ দিয়া :
(ক) ৰঘুনাথ চৌধৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ অসমীয়া সাহিত্যত ৰঘুনাথ চৌধৰীক ‘বিহগী কবি’ নামেৰে জনা যায়।
(খ) ৰঘুনাথ চৌধৰীৰ কবিতাপুথি দুখনৰ নাম লিখা।
উত্তৰঃ কবি ৰঘুনাথ চৌধৰীৰ দ্বাৰা ৰচিত দুখন উল্লেখযোগ্য কবিতাপুথিৰ নাম হ’ল- ‘কেতেকী’ আৰু ‘দহিকতৰা’।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ গছৰ নতুন কুঁহিপাতে প্ৰকৃতিক আদৰণি জনাই আনিছে বুলি কবিয়ে উল্লেখ কৰিছে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰত অনাদৃত বা অৱহেলিত হৈ থকা ৰবাব ফুলেই প্ৰেমৰ সুবাস বা পৰিমল বিলাইছে বুলি কবিয়ে প্ৰকাশ কৰিছে।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ জল আৰু স্থলৰ লগতে আকাশ বা অন্তৰীক্ষতো দেৱতাৰ এই মহা অভিযান চলিছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ কবিয়ে উল্লেখ কৰা অনুসৰি, মোহন কীচক বেণুৱে মহামহিমৰ গুণানুকীৰ্তন বা গান গাইছে।
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ প্ৰদত্ত কবিতাটিত কবিয়ে প্ৰাকৃতিক সৌন্দৰ্যৰ জৰিয়তে পৰম সুন্দৰৰ উপাসনা কৰিছে। ইয়াত সূৰ্যৰ কিৰণে সমগ্ৰ ধৰিত্ৰীক উদ্ভাসিত কৰি তুলিছে। গছৰ নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে। চাৰিওফালে বিকশিত হৈ থকা পুষ্পৰাজিৰ প্ৰাণ অসীম আনন্দত উপচি পৰিছে। দেৱালয়ত অনাদৃত ৰবাব ফুলেও প্ৰকৃতিৰ বুকুলৈ প্ৰেমৰ সুবাস বিলাই দিছে। পক্ষীকুলৰ সুৱদী গীতে পানী, মাটি আৰু আকাশ- এই সকলো স্থানতে যেন পৰমেশ্বৰকহে বিচাৰি ফুৰিছে। এইদৰেই কবিয়ে প্ৰকৃতিৰ নানাবিধ সমল একত্ৰিত কৰি প্ৰভাত কালৰ এক মনোৰম চিত্ৰ অংকন কৰিছে।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উত্তৰঃ ‘বিহগী কবি’ ৰঘুনাথ চৌধৰী আছিল পৰম সুন্দৰৰ আজীৱন উপাসক। সেইবাবেই তেওঁ প্ৰাকৃতিক উপাদানসমূহৰ মাজত অপৰিসীম সৌন্দৰ্য বিচাৰি পাইছিল। ‘প্ৰশস্তি’ নামৰ এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলত নিহিত হৈ থকা সৌন্দৰ্যৰ ভেটিত পৰম সুন্দৰ অৰ্থাৎ ঈশ্বৰৰ বন্দনা কৰিছে।
আলোচ্য কবিতাটিত কবিয়ে প্ৰকৃততে সুন্দৰৰহে স্তুতি বা প্ৰশস্তি কৰিছে। প্ৰভাতৰ সূৰ্যৰ ৰশ্মিয়ে আলোকিত কৰা ধৰিত্ৰীত তৰু-তৃণই প্ৰকৃতিক নতুন ৰূপেৰে সজাই তুলিছে। চাৰিওপিনে ফুলি থকা কুসুমৰাজিৰ অন্তৰ অনাবিল আনন্দত জিলিকি উঠিছে। দেৱালয়ত অৱহেলিত হৈ থকা ৰবাব ফুলেও এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজৰ প্ৰেমৰ সুবাস বিলাই দিছে। চৰাই-চিৰিকটিৰ সুৱদী গীতেও যেন চাৰিওফালে কেৱল দেৱতাৰহে আৱিৰ্ভাৱ বিচাৰি ফুৰিছে। কালৰাত্ৰিৰ অৱসান ঘটাৰ লগে লগে কবিয়ে অমৃতৰ পুত্ৰস্বৰূপ মানৱ জাতিক মুক্তিৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱেও বতাহৰ মাজেৰে পৰম স্ৰষ্টাৰ গুণানুকীৰ্তন কৰিছে। কবিয়ে ভক্তসকলক নিজৰ নিদ্ৰা পৰিহাৰ কৰি সুন্দৰৰ আৰাধনাত নিমগ্ন হ’বলৈ অনুৰোধ কৰিছে। প্ৰকৃতিৰ এই মনোমোহা সৌন্দৰ্যৰ বুকুত কবিয়ে প্ৰতিপল ঈশ্বৰৰ উপস্থিতি অনুধাৱন কৰিছে আৰু সকলো জনতাক সেই পৰমেশ্বৰৰ স্তুতি কৰিবলৈ আহ্বান জনাইছে।
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধৰীদেৱে এই কবিতাটিৰ যোগেদি প্ৰকৃতিৰ নানাবিধ উপাদানৰ মাজত প্ৰতিফলিত হোৱা সৌন্দৰ্যৰ মাজেৰেই পৰম সুন্দৰৰ উপাসনা কৰিছে। কবি চৌধৰী আছিল প্ৰকৃতিৰ একান্ত প্ৰেমিক আৰু সুন্দৰৰ পূজাৰী। সেয়েহে তেওঁ প্ৰকৃতিৰ প্ৰতিটো অংগতেই সুন্দৰৰ অসীম ভাণ্ডাৰ বিচাৰি পাবলৈ সক্ষম হৈছে।
প্ৰভাত কালত সূৰ্যৰ ৰঙচুৱা কিৰণে দহোঁদিশ আলোকিত কৰি তোলাৰ সময়ত গছ-বনৰ নৱপল্লৱে প্ৰকৃতিক এক অভিনৱ ৰূপত সজাই পৰাই তুলিছে। চাৰিওপিনে ফুলি উঠা ধুনীয়া ফুলবোৰৰ অন্তৰ আনন্দত উপচি পৰিছে। আনকি মঠ-মন্দ পণ্ডিত অৱহেলিত হৈ থকা ৰবাব ফুলেও যেন নিজৰ প্ৰেমৰ সুবাস বিলাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। ৰাতিপুৱাৰ ভাগত বিহংগকুলেও সুৱদী সুৰেৰে গান গাই গাই পানী, মাটি আৰু আকাশমণ্ডল- এই আটাইবোৰ স্থানতে দেৱতাৰ উপস্থিতিহে বিচাৰি ফুৰিছে। দীঘলীয়া কালৰাত্ৰিৰ অন্তত কবিয়ে অমৃতৰ সতি-সন্ততি মানৱক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান কৰিছে। মোহন কীচক বেণুৱেও বতাহৰ ছন্দে ছন্দে পৰমেশ্বৰৰ বন্দনা গাইছে। ভক্তপ্ৰাণ ৰাইজক নিদ্ৰাৰ আৱেশ ত্যাগ কৰি সাৰ পাবলৈ আৰু পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে অনুৰোধ জনাইছে। প্ৰকৃতিৰ এই যাদুকৰী সৌন্দৰ্যৰ মাজত কবিয়ে বাৰে বাৰে পৰম সুন্দৰৰ স্থিতি অনুভৱ কৰিছে। প্ৰকৃতিৰ এই মনোৰম ৰূপ অথবা সুন্দৰৰ সাধনাৰ অন্তৰালতেই কবিতাটিত প্ৰকৃততে ঈশ্বৰ ভক্তিৰ নিভাঁজ স্বৰূপটি অতি সুন্দৰভাৱে প্ৰকাশিত হৈছে।
৫। প্রশস্তি কবিতাটোৰ মূলভাৰ লিখা।
উত্তৰঃ ‘প্ৰশস্তি’ নামৰ কবিতাটিত ‘বিহগী কবি’ ৰঘুনাথ চৌধৰীদেৱৰ প্ৰকৃতি প্ৰীতি আৰু পৰম সুন্দৰৰ প্ৰতি থকা ঐকান্তিক উপাসনাৰ ভাৱ অতি মনোমোগ্ধকৰ ৰূপত প্ৰকাশ পাইছে। প্ৰভাত কালত সূৰ্যৰ সোণোৱালী কিৰণে যেতিয়া দশোদিশ আলোকিত কৰি তোলে, তেতিয়া গছৰ নৱপল্লৱে চামৰ বতাহ বিচি প্ৰকৃতি দেৱীক অতি আদৰ আৰু সন্মানেৰে আগবঢ়াই আনে। প্ৰকৃতিৰ এনে অপৰূপ সৌন্দৰ্য দৰ্শন কৰি চাৰিওফালে বিকশিত হৈ থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ অনাবিল আনন্দত মতলীয়া হৈ পৰে। আনকি দেৱালয়ত অৱহেলিত বা উপেক্ষিত হৈ থকা ৰবাব ফুলেও প্ৰকৃতিৰ এই আনন্দোৎসৱত যোগদান কৰি নিজৰ প্ৰেমৰ সুবাস বা পৰিমল বিলাই দিয়ে। গছৰ ডালত জিৰণি লোৱা বিহংগকুলেও সুৱদী সুৰেৰে কলৰৱ কৰি পানী, মাটি আৰু আকাশমণ্ডল- এই সকলোতে যেন কেৱল পৰমেশ্বৰৰহে অৱস্থিতি বিচাৰি ফুৰিছে। দীঘলীয়া আৰু অন্ধকাৰাচ্ছন্ন কালৰাত্ৰিৰ অৱসান ঘটাৰ লগে লগে কবিয়ে অমৃতৰ সতি-সন্ততি অৰ্থাৎ মানৱ জাতিক অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাই মুক্তিৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনাইছে। বতাহৰ ছেৱে ছেৱে কঁপি উঠা মোহন কীচক বেণুৱেও যেন অনাহত ছন্দেৰে পৰম স্ৰষ্টাৰহে গুণানুকীৰ্তন কৰিছে। সেয়েহে, কবিয়ে ভক্তপ্ৰাণ ৰাইজক নিদ্ৰাৰ আৱেশ আৰু মোহ ত্যাগ কৰি সাৰ পাবলৈ আৰু পৰম সুন্দৰ অৰ্থাৎ ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ উদাত্ত আহ্বান কৰিছে। প্ৰকৃতিৰ প্ৰতিটো মনোমোহা উপাদানৰ মাজতেই কবিয়ে বাৰে বাৰে পৰমেশ্বৰৰ বিৰাজমান স্থিতি গভীৰভাৱে অনুভৱ কৰিছে।
৬। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্রী।”
কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটিৰ অন্তৰ্গত এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ভক্তপ্ৰাণ সমাজক পৰম সুন্দৰৰ আৰাধনাত ব্ৰতী হ’বলৈ এক আন্তৰিক আহ্বান জনাইছে। কবিয়ে বিচাৰে যে প্ৰভাতৰ এই পৱিত্ৰ ক্ষণত মানুহে নিজৰ অন্তৰত বাহ লৈ থকা সকলো ধৰণৰ নেতিবাচক ভাৱ, কু-চিন্তা আৰু অশুভ ধাৰণাসমূহ পৰিহাৰ কৰি মুক্তিৰ প্ৰকৃত পথ বিচাৰি উলিয়াব লাগে। দীৰ্ঘদিনীয়া ‘মহা কালৰাত্ৰি’ অৰ্থাৎ অজ্ঞানতা আৰু অন্ধকাৰৰ সামৰণি পৰিছে; যাৰ অৰ্থ হ’ল মানৱ সমাজে এতিয়া সকলো কু-কৰ্ম, কু-আচাৰ আৰু কু-সংস্কাৰ ত্যাগ কৰাৰ উপযুক্ত সময় আহি পৰিছে। যিদৰে পুৱাৰ সূৰ্যৰ পোহৰে নিশাৰ ঘোৰ অন্ধকাৰ সমূলঞ্চে নাশ কৰি পৃথিৱীলৈ পোহৰ কঢ়িয়াই আনে, ঠিক তেনেদৰেই মানুহেও নিজৰ মনৰ পৰা অজ্ঞানতাৰূপী কালৰাত্ৰিক বিদায় দি পৱিত্ৰ আৰু সুন্দৰ চিন্তাৰে মুক্তিৰ পথত অগ্ৰসৰ হ’ব লাগে। মানুহৰ অন্তৰাত্মাত সোমাই থকা অবিদ্যা বা অজ্ঞানতা দূৰ কৰি প্ৰকৃত জ্ঞানৰ পোহৰ লাভ কৰাৰ সুবৰ্ণ সুযোগ সমাগত। এই পৱিত্ৰ ক্ষণতে সকলোৱে একাগ্ৰ চিত্তেৰে পৰম সুন্দৰ বা ঈশ্বৰৰ উপাসনাত নিমগ্ন হ’ব লাগে বুলি কবিয়ে ভক্তবৃন্দক এইদৰে আহ্বান জনাইছে।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধৰীদেৱে ‘প্ৰশস্তি’ নামৰ কবিতাটিৰ যোগেদি ভক্ত সমাজক পৰম সুন্দৰ অৰ্থাৎ ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ সকাতৰে আহ্বান জনাইছে। কবিগৰাকীয়ে প্ৰকৃতিৰ মনোৰম আৰু সুন্দৰ উপাদানসমূহৰ আধাৰতেই সুন্দৰৰ আৰাধনা কৰিছে। প্ৰভাত কালত সূৰ্যৰ ৰঙচুৱা কিৰণে যেতিয়া চৌদিশ আলোকিত কৰি ধৰিত্ৰীক জীপাল কৰি তোলে, তেতিয়া প্ৰকৃতিৰ বুকুত থকা গছ-লতিকাই নৱপল্লৱৰূপী নতুন সাজ পৰিধান কৰি এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰে। চাৰিওফালে বিকশিত হৈ থকা সুবাসিত ফুলবোৰে প্ৰকৃতিৰ এই ৰূপ দেখি আনন্দত মতলীয়া হৈ পৰে। আনকি মঠ-মন্দিৰত উপেক্ষিত বা অনাদৃত হৈ থকা ৰবাব ফুলেও প্ৰকৃতিৰ এই আনন্দমুখৰ পৰিৱেশত নিজৰ প্ৰেমৰ সুবাস বিলাই দিবলৈ পাহৰা নাই। আনহাতে, গছৰ ডালত আশ্ৰয় লোৱা বিহংগকুলেও সুৱদী সুৰেৰে কলৰৱ কৰি দহোঁদিশে যেন কেৱল দেৱতাৰহে অৱস্থিতি বিচাৰি ফুৰিছে। বতাহত কঁপি উঠা মোহন কীচক বেণুৱেও যেন অনাহত ছন্দেৰে পৰম স্ৰষ্টাৰ বন্দনাহে গাইছে। প্ৰকৃতিৰ বুকুৰ এনে এক মনোমোহা, পৱিত্ৰ আৰু আধ্যাত্মিক পৰিৱেশত মানুহে শুই থকাটো অনুচিত। সেয়েহে এনে এক সুন্দৰ ক্ষণত কবিয়ে ভক্তসকলক নিদ্ৰাৰ মোহ আৰু আলস্য ত্যাগ কৰি জাগ্ৰত হ’বলৈ আৰু একাগ্ৰ চিত্তেৰে পৰম সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
৮। ব্যাখ্যা কৰা:
(ক) উঠে তৰু শিৰে শিৰে বন বিহংগৰ
ছন্দভৰা সুমধুৰ তান
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে।
প্ৰদত্ত পদফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত সুন্দৰৰ অৰ্থাৎ ঈশ্বৰৰ অৱস্থিতিৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে।
কবি ৰঘুনাথ চৌধৰীদেৱ আছিল পৰম সুন্দৰৰ আজীৱন উপাসক। তেওঁ প্ৰকৃতিৰ প্ৰতিটো ক্ষুদ্ৰাতি ক্ষুদ্ৰ উপাদানৰ মাজতেই সৌন্দৰ্যৰ আকৰ বিচাৰি পাইছিল। আলোচ্য কবিতাটিত কবিয়ে প্ৰভাত কালৰ প্ৰকৃতিৰ এক অতি মনোৰম আৰু সজীৱ চিত্ৰ অংকন কৰিছে। ৰাতিপুৱা উদিত হোৱা সূৰ্যৰ ৰঙচুৱা কিৰণে সমগ্ৰ পৃথিৱীখনক পোহৰাই তুলিছে। গছ-বিৰিখৰ নতুন কুঁহিপাতবোৰে যেন চামৰ বতাহ বিচি প্ৰকৃতি দেৱীক অতি আদৰ-সাদৰেৰে আগবঢ়াই আনিছে। পুৱাৰ সেই মনোমোহা পৰিৱেশ দেখি চাৰিওফালে ফুলি থকা দৃষ্টিনন্দন ফুলবোৰৰ মন আনন্দত উলাহতে নাচি উঠিছে। আনকি দেৱালয়ত অৱহেলিত হৈ থকা ৰবাব ফুলেও প্ৰকৃতিৰ এই উছৱত নিজৰ প্ৰেমৰ পৰিমল বিলাই দিছে। প্ৰকৃতিৰ এনে এক সুন্দৰ আৰু পৱিত্ৰ পৰিৱেশত গছৰ ডালে ডালে থকা চৰাই-চিৰিকটিবোৰেও সুমধুৰ কণ্ঠেৰে কলৰৱ কৰি পানী, মাটি, আকাশ আদি সকলো স্থানতেই যেন পৰম দেৱতাৰহে সন্ধান কৰি ফুৰিছে। এইদৰেই কবিয়ে প্ৰকৃতিৰ প্ৰতিটো সমলৰ মাজতে নিহিত থকা নেদেখা জনৰ ৰূপটোক গভীৰভাৱে ধ্যান কৰিছে।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে।
এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে প্ৰাকৃতিক সৌন্দৰ্যৰ আধাৰত পৰম সুন্দৰৰ আৰাধনা কৰাৰ লগতে মানৱ জাতিক অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাই মুক্তিৰ পথলৈ অগ্ৰসৰ হ’বলৈ আহ্বান জনাইছে।
আলোচ্য কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজেৰেই পৰম সুন্দৰ অৰ্থাৎ ঈশ্বৰৰ উপাসনা কৰিছে। পুৱাৰ সূৰ্যৰ সোণোৱালী আভাই দহোঁদিশ আলোকিত কৰি তুলিছে। এই নৱপ্ৰভাতত গছ-লতিকাৰ নতুন কুঁহিপাতবোৰে চামৰ বিচি প্ৰকৃতি দেৱীক আদৰি আনিছে। চাৰিওপিনে বিকশিত হৈ থকা মনোমোহা ফুলবোৰ অনাবিল আনন্দত নাচি উঠিছে। মঠ-মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও এই আনন্দমুখৰ ক্ষণত নিজৰ প্ৰেমৰ সুবাস বিলাই দিছে। গছৰ ডালৰ বিহংগকুলেও সুৱদী সুৰেৰে গান গাই সকলোতে কেৱল দেৱতাৰহে আৱিৰ্ভাৱ বিচাৰি ফুৰিছে। ইতিমধ্যে পুৰণি পুঞ্জীভূত পাপ, কলুষ-কালিমা আৰু অজ্ঞানতাৰে পৰিপূৰ্ণ দীঘলীয়া কালৰাত্ৰিৰ অৱসান ঘটিছে। সেয়েহে কবিয়ে এই নতুন পুৱাত ‘অমৃতৰ সন্তান’স্বৰূপ মানৱ জাতিক নিজৰ আলস্য আৰু নিদ্ৰা ত্যাগ কৰি জাগ্ৰত হ’বলৈ আৰু মুক্তিৰ প্ৰকৃত পথ অন্বেষণ কৰিবলৈ উদাত্ত আহ্বান জনাইছে। প্ৰকৃতিৰ এই সমগ্ৰ সৌন্দৰ্যৰ বুকুতেই কবিয়ে প্ৰতিপল ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰিছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজক নিদ্ৰাৰ মোহ পৰিহাৰ কৰি সুন্দৰৰ ধ্যানত মগ্ন হ’বলৈ অনুৰোধ কৰিছে।
(গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ বুকুত পৰম সুন্দৰৰ ৰূপ ধ্যান কৰাৰ লগতে ভক্ত সমাজক ভগৱানৰ আৰাধনাত নিমগ্ন হ’বলৈ আহ্বান জনাইছে।
কবিয়ে প্ৰকৃতিৰ বুকুত বিৰাজমান অপৰূপ সৌন্দৰ্যৰ মাজতেই সুন্দৰৰ অৰ্থাৎ পৰমেশ্বৰৰ ৰূপ ধ্যান কৰিছে। প্ৰভাত কালত সূৰ্যৰ ৰঙচুৱা কিৰণে যেতিয়া চাৰিওদিশ পোহৰাই তোলে, তাৰ লগে লগেই গছৰ নতুন কুঁহিপাতবোৰে প্ৰকৃতিক অতি আদৰ আৰু সন্মানেৰে আগবঢ়াই আনে। চৌদিশে ফুলি উঠা ধুনীয়া ফুলবোৰৰ প্ৰাণ সীমাহীন আনন্দত মতলীয়া হৈ পৰে। গছ-বিৰিখৰ ডালত আশ্ৰয় লোৱা চৰাই-চিৰিকটিবোৰেও নিজৰ সুমধুৰ কণ্ঠেৰে গীত গাই পানী, মাটি আৰু আকাশমণ্ডল- সকলো স্থানতে ঈশ্বৰৰ সন্ধান কৰি ফুৰে। পুৰণি আৱৰ্জনা আৰু অজ্ঞানতাৰে ভৰি থকা মহাকালৰাত্ৰিৰ অৱসান ঘটাৰ পিছত কবিয়ে অমৃতৰ পুত্ৰ মানৱ জাতিক এই নৱপ্ৰভাতত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান কৰিছে। আনহাতে, মোহন কীচক বেণুৱেও যেন বতাহৰ অনাহত ছন্দেৰে পৰম স্ৰষ্টাৰহে বন্দনা গাই আছে। এনে এক পৱিত্ৰ আৰু আধ্যাত্মিক পৰিৱেশত মানৱে শুই থকাটো অনুচিত; সেয়েহে কবিয়ে ভক্তবৃন্দক নিদ্ৰাৰ আৱেশ আৰু মোহ ত্যাগ কৰি জাগ্ৰত হ’বলৈ আৰু পৰম সুন্দৰৰ ৰূপ আৰাধনা কৰিবলৈ আন্তৰিক অনুৰোধ জনাইছে।
ভাষা-বিষয়ক
১। অর্থ লিখা :
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্ৰালস।
উত্তৰঃ
|
শব্দ |
অৰ্থ |
|
কিশলয় |
কুঁহিপাত, গজালি |
|
চিত্তহাৰী |
মন-প্রাণ হৰি নিয়া |
|
অন্তৰীক্ষ |
আকাশ, যা |
|
তন্দ্ৰালস |
টোপনি যোৱা অৱস্থা |
২। বাক্য ৰচনা কৰা:
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ।
উত্তৰঃ
দশোদিশ: পুৱাৰ সূৰুযৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তুলিছে।
উপেক্ষিত: অতদিনে নিজৰ বাহুবালৰে জগত জয় কৰা মানুহজন আজি উপেক্ষিত হৈ পৰিছে।
জৰাজীৰ্ণ: আজিও অসমৰ বহু বাট-পথৰ অৱস্থা জৰাজীৰ্ণ হৈ আছে।
অমৃত: মধুৰ বচনক অমৃতৰ লগত তুলনা কৰা হয়।
মোহ: কবিয়ে ভক্তবৃন্দক টোপনিৰ মোহ ত্যাগ কৰি ঈশ্বৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
৩। সমার্থক শব্দ লিখা:
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উত্তৰঃ
|
শব্দ |
সমার্থক শব্দ |
|
তৰু |
গছ |
|
মুক্তি |
মুকুতি |
|
সুমধুৰ |
শুৱলা |
|
অভিযান |
যাত্ৰা |
|
ধ্যানী |
ধ্যানমগ্ন, ধ্যানৰত |




Sar mor bohut subidha hoi se question answer khini pai thanks sar 🙏