Class 7 Assamese Chapter 4 – কৃষক – All Textual Solutions | ASSEB Assam (Assamese Medium)

CLASS 7 ASSAMESE
Class 7 Assamese Chapter 4 কৃষক Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী অসমীয়া (উন্মেষ) অধ্যায় ৪ – কৃষক সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ অসমীয়া ‘উন্মেষ’ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় ‘কৃষক’ আমাৰ সমাজত কৃষকসকলৰ গুৰুত্ব আৰু ত্যাগৰ বিষয়ে বুজি পাবলৈ এটা অতি গুৰুত্বপূৰ্ণ পাঠ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), MCQ আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘কৃষক’ পাঠটিত ৰ’দ-বৰষুণ মূৰত লৈ কঠোৰ পৰিশ্ৰমেৰে সমগ্ৰ মানৱ সমাজলৈ অন্ন যোগান ধৰা কৃষকসকলৰ মহানতা আৰু শ্ৰমৰ মৰ্যাদা বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰ আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ‘কৃষক’ পাঠৰ মূল ভাৱ আৰু শ্ৰমৰ মৰ্যাদাৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু চমু প্ৰশ্নৰ সহজ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা আৰু দীঘলীয়া প্ৰশ্নৰ মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য গঠন।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Assamese (উন্মেষ) Textbook Solutions & MCQs | ASSEB New Syllabus 2026-27
Original price was: ₹199.00.Current price is: ₹29.00.

New Version Updated!

According to New Syllabus of 2026-27 (By ASSEB/SEBA)

Get comprehensive preparation for Class 7 Assamese (উন্মেষ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise solutions, additional Q&A, and MCQs precisely structured as per the latest 2026-27 ASSEB syllabus.
Perfect for building a strong foundation for future HSLC 2027 exams and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 কৃষক
Vibrant Note Box
Chapter 4 কৃষক

 SCERT, অসম — সপ্তম শ্ৰেণী: অসমীয়া

অধ্যায়-4                                                              অস্পিন একাডেমী

কৃষক

পাঠভিত্তিক প্রশ্নোত্তৰ

পাঠভিত্তিক: ক্রিয়া-কলাপ

১। তলৰ পদ্যফাকিৰ আঁচ টনা শব্দকেইটাৰ ঠাইৰ কাষৰ বাকচত থকা একে অর্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা।

উত্তৰঃ তোমাৰ যহতে মানুহে ঘটি বিদ্যাধন মাতৃভূমি উন্নয়ন সাধিছে তোমাৰে উৎপাদন লৈ ক্রয়-বিক্ৰয় কৰি সাউদে লক্ষ্মীক বান্ধিছে।

২। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

• “সদাগৰে লক্ষ্মীক বান্ধিছে।” – ইয়াত ‘লক্ষ্মীক বান্ধিছে’ বাক্যাংশই কি বুজাইছে?

(ক) ধন-সম্পত্তি বন্দী কৰি ৰাখিছে

(খ) ধন-সম্পত্তিৰে ভঁৰাল সাজিছে

(গ) ধন-সম্পত্তি আহৰণ কৰি চহকী হৈছে 

(ঘ) ধন-সম্পত্তি আছুতীয়াকৈ ৰাখিছে।

 উত্তৰঃ (খ) ধন-সম্পত্তিৰে ভঁৰাল সাজিছে।

• কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে?

(ক) পিতৃৰ  

(খ) সমাজৰ 

(গ) কৃষকৰ 

(ঘ) সদাগৰৰ 

উত্তৰঃ (ক) পিতৃৰ।

৩। কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্রধান দেশ। আমাৰ কৃষক সমাজে অহোপুৰুষাৰ্থ কৰি উৎপাদন কৰা ফচলেৰেই সমগ্ৰ দেশবাসীক পুষ্টি প্ৰদান কৰি আহিছে। অতীতৰ পৰাই কৃষি কাৰ্য হৈছে আমাৰ প্ৰধান জীৱিকা। মানুহে নিজৰ জীৱন নিৰ্বাহৰ বাবে গ্ৰহণ কৰা উপায়টোকেই বৃত্তি বুলি কোৱা হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকেই জীয়াই থাকিবলৈ কৃষকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। দেশৰ জনসাধাৰণৰ প্ৰয়োজনীয় খাদ্যবস্তু এই কৃষকসকলেই উৎপাদন কৰে। কৃষি কাৰ্যৰ প্ৰতি শ্ৰদ্ধা আৰু আগ্ৰহ বঢ়াই আমি দেশৰ উন্নতিৰ পথত বৰঙণি যোগাব পাৰোঁ।

কবি তুলসী চন্দ্ৰ বৰুৱাই তেখেতৰ ‘কৃষক’ নামৰ কবিতাটিৰ জৰিয়তে সমাজত কৃষকৰ স্থান আৰু গুৰুত্ব কিমান, তাক অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। কবিয়ে কৃষকসকলক সমাজৰ ‘জীৱন নাৱৰ গুৰি বঠা’ ধৰোঁতা হিচাপে অভিহিত কৰিছে। এজন দেউতাকে যিদৰে কষ্ট স্বীকাৰ কৰি নিজৰ ল’ৰা-ছোৱালীক পোহপাল দিয়ে, ঠিক তেনেদৰে কৃষকসকলেও অন্ন যোগান ধৰি সমগ্ৰ দেশবাসীক জীয়াই ৰাখিছে। কৃষকৰ কঠোৰ পৰিশ্ৰমৰ ফলেই হৈছে দেশৰ বেপাৰ-বাণিজ্য আৰু উন্নতিৰ মূল আধাৰ। তেওঁলোকে উৎপাদন কৰা শস্যৰ আদান-প্ৰদানৰ যোগেদিহে মানুহে ধন-সম্পত্তি ঘটিবলৈ সমৰ্থ হয়।

কবিয়ে সকীয়াই দিছে যে যদিহে কৃষকসকলে এদিনৰ বাবেও খেতি-বাতি কৰা বন্ধ কৰি দিয়ে, তেতিয়া গোটেই দেশতে হাহাকাৰৰ সৃষ্টি হ’ব আৰু সমাজৰ গাঁথনি ছিন্ন-ভিন্ন হৈ পৰিব। কবিয়ে কৃষকসকলৰ সমকক্ষ দেশত আন কোনো নাই বুলি কোৱাৰ লগতে তেওঁলোকক মানৱ জাতিৰ প্ৰাণদাতা বুলিও সম্বোধন কৰিছে। কৃষক অবিহনে এই পৃথিৱীখন এখন শ্মশানলৈ ৰূপান্তৰিত হ’ব। খেতিয়কসকলৰ মনবোৰ স্বাধীন আৰু স্বভাৱবোৰ অতি সহজ-সৰল। তেওঁলোকে কেতিয়াও আনৰ ওচৰত হাত নাপাতে; বৰঞ্চ নিজৰ পৰিশ্ৰমৰ বলত দেশৰ মান-সন্মান অটুট ৰাখিছে।

মুঠতে কবিতাটোৱে আমাক এইটোৱেই শিকাব বিচাৰিছে যে কৃষকসকল হৈছে আমাৰ সমাজৰ প্ৰকৃত মেৰুদণ্ডস্বৰূপ। তেওঁলোকৰ নিস্বাৰ্থ ত্যাগ আৰু কঠোৰ শ্ৰমৰ ফলতেই আমি দুবেলা-দুমুঠি অন্ন সুখেৰে খাবলৈ পাইছোঁ। সেয়েহে আমি সকলোৱে কৃষক সমাজৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থকাটো আমাৰ কৰ্তব্য।

৪। চমু উত্তৰ দিয়া-

(ক) জীৱন নাৱৰ গুৰি ব’ঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে?

উত্তৰঃ কৃষকে জীৱন নাৱৰ গুৰি ব’ঠা ধৰি সমগ্ৰ মানৱ জাতিক জীয়াই ৰাখিছে।

(খ) কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে?

উত্তৰঃ কৃষকসকলক সমাজৰ পিতৃৰ সমতুল্য বুলি আখ্যা দিয়া হৈছে।

(গ) কৃষকৰ উৎপাদন কিনা-বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে?

উত্তৰঃ কৃষকসকলে উৎপাদন কৰা শস্য কিনা-বেচা কৰি সাউদ বা সদাগৰসকলে লক্ষ্মীক বান্ধিছে।

(ঘ) দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে? 

উত্তৰঃ যদিহে কৃষকসকলে কেৱল এটা বাৰিষা কাল খেতি-বাতি নকৰাকৈ থাকে, তেতিয়াই দেশত হাহাকাৰৰ সৃষ্টি হ’ব বুলি কবিতাটোত উল্লেখ কৰা হৈছে।

প্রশ্ন ৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ’লে দেশত কি কি সমস্যা হ’ব পাৰে?

উত্তৰঃ যদি এটা বাৰিষা কাল কৃষকসকলে খেতি-বাতিৰ কাম নকৰাকৈ বহি থাকে, তেন্তে সমগ্ৰ দেশজুৰি খাদ্যৰ তীব্ৰ সংকটৰ সৃষ্টি হ’ব। ইয়াৰ ফলত মানুহৰ স্বাভাৱিক জীৱন-ধাৰণ ব্যাহত হোৱাৰ লগতে দেশখন ভয়ানক অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’ব পাৰে।

(খ) ‘তোমাৰ সমান নাই দেশ-হিতকৰ’- ইয়াত ‘তোমাৰ’ বুলি কাক কৈছে আৰু তেওঁক কিয় দেশ-হিতকৰ বুলি কৈছে?

উত্তৰঃ ‘তোমাৰ সমান নাই দেশ-হিতকৰ’ বোলোঁতে ইয়াত ‘তোমাৰ’ শব্দটোৰে সমাজৰ কৃষক শ্ৰেণীক বুজোৱা হৈছে। কৃষকসকলে অহোপুৰুষাৰ্থ কৰি শস্য উৎপাদনৰ জৰিয়তে দেশৰ সৰ্বাঙ্গীন প্ৰগতিত অৰিহণা যোগায় বাবেই তেওঁলোকক দেশৰ হিতকৰ্তা বুলি কোৱা হৈছে।

(গ) কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা। 

উত্তৰঃ কবি তুলসী চন্দ্ৰ বৰুৱাদেৱে তেখেতৰ ‘কৃষক’ শীৰ্ষক কবিতাটোত কৃষকসকলৰ অনবদ্য অৱদানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক তলত দিয়া বিশেষণেৰে বিভূষিত কৰিছে— • জীৱন নাৱৰ গুৰিয়াল 

•  পিতৃৰ সমতুল্য

• দেশৰ উন্নতিৰ সাধক

•  স্বাধীনচেতিয়া মনৰ অধিকাৰী

• সংসাৰৰ সাৰ 

• দেশৰ চিয়া

(ঘ) কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে? কাৰণ দৰ্শোৱা। 

উত্তৰঃ তুলসী চন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত ‘কৃষক’ নামৰ কবিতাটিত কবিয়ে কৃষকসকলক ‘পিতৃতুল্য’ বা পিতৃৰ সমকক্ষ হিচাপে জ্ঞান কৰিছে। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল—

• এজন দেউতাকে যিদৰে কষ্ট কৰি আহাৰ গোটাই নিজৰ ল’ৰা-ছোৱালীক পোহপাল দিয়ে, ঠিক তেনেদৰেই কৃষকসকলেও দিন-ৰাতি একাকাৰ কৰি হাড়ভঙা পৰিশ্ৰমেৰে শস্য উৎপাদন কৰি সমগ্ৰ দেশবাসীক অন্নৰ যোগান ধৰে। 

• এজন দেউতাকে যেনেকৈ কোনো প্ৰতিদান নিবিচৰাকৈ নিজৰ সন্তানক তুলি-তালি ডাঙৰ কৰে, কৃষক সমাজেও তেনেকৈয়ে বিনাস্বাৰ্থে দেশৰ সকলো জনসাধাৰণক খাদ্য প্ৰদান কৰি দেশখনক প্ৰগতিৰ পথত ধাৱমান কৰোৱায়।

(ঙ) কবিয়ে কৃষকক কিয় প্রাণদাতা বুলি কৈছে? 

উত্তৰঃ কৃষকে দিনে-ৰাতিয়ে শ্ৰম কৰি যি ফচল উৎপাদন কৰে, সেইবোৰ ভক্ষণ কৰিয়েই মানৱ সমাজ বৰ্তি আছে। সেইবাবেই কবিয়ে কৃষকসকলক মানৱ জাতিৰ প্ৰাণদাতা বুলি অভিহিত কৰিছে।

(চ) কৃষি কার্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা।

উত্তৰঃ কৃষি কাৰ্যক এক বৃত্তি হিচাপে গ্ৰহণ কৰিও মানুহে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। ইয়াৰ কাৰণসমূহ হ’ল—

• কৃষকসকলে সদায় নিজৰ ইচ্ছা অনুসৰি ‘স্বাধীন কিৰিষি’ কৰি জীৱন-যাপন কৰে। তেওঁলোক কাৰো তলতীয়া নহয় আৰু সম্পূৰ্ণ মুকলিমূৰীয়া। 

• খেতিয়কসকলে প্ৰকৃতিৰ সানিধ্যত জীৱন কটায়। তেওঁলোকে নিজকে দেশৰ ৰক্ষাকৰ্তা বা ‘দেশৰ চিয়া’ হিচাপে গণ্য কৰি গৌৰৱবোধ কৰে। 

• কৃষকসকলে নিজৰ অশেষ শাৰীৰিক শ্ৰমৰ জৰিয়তে উৎপাদিত ফচল বজাৰত বিক্ৰী কৰি সৎ উপায়েৰে ধন অৰ্জন কৰি স্বাৱলম্বী হ’ব পাৰে।

৬। ব্যাখ্যা কৰা- 

স্বাধীন কিৰিষি কৰি আপোন ইচ্ছাৰে তুমিয়েই মুকলিমুৰীয়া, নাপাতা কালৈকো হাত নধৰা খাটনি ৰাখিছা দেশৰ তুমি চিয়া।

উত্তৰঃ প্ৰদত্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত তুলসীচন্দ্ৰ বৰুৱাদেৱ বিৰচিত ‘কৃষক’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। এই পংক্তিকেইটাৰ জৰিয়তে কবিয়ে কৃষক সমাজৰ স্বাধীনচেতিয়া মনোভাৱ আৰু তেওঁলোকৰ কৰ্মৰ মহত্বৰ বিষয়ে বৰ্ণনা কৰিছে।

কবিৰ দৃষ্টিভংগীৰে কৃষি কাৰ্য কেৱল এক সাধাৰণ বৃত্তিয়েই নহয়, ই কৃষকসকলৰ স্বাৱলম্বিতা আৰু মুকলিমূৰীয়া জীৱনৰ প্ৰতীক। কৃষকসকল কাৰো অধীন নহয়, তেওঁলোক প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু সমাজৰ আন কোনো ব্যক্তিৰ ওচৰত দায়বদ্ধ নহয়। তেওঁলোকে নিজৰ খেতিপথাৰত নিজ ইচ্ছা আৰু স্বাৱলম্বীতাৰে শ্ৰম কৰে, যাৰ বাবে কবিয়ে তেওঁলোকক মুকলিমূৰীয়া বুলি অভিহিত কৰিছে। কঠোৰ শ্ৰমেৰে খেতি কৰা বাবেই কৃষকৰ আত্মসন্মানবোধ অতি প্ৰবল। নিজৰ জীৱিকা নিৰ্বাহৰ বাবে তেওঁলোকে আনৰ ওচৰত হাত পাতিব লগা নহয় বা কাকো খাটনি ধৰিবলগীয়া নহয়। কৃষকসকলে নিজৰ স্বাধীন মন আৰু অহোপুৰুষাৰ্থৰ বলত দেশৰ অৰ্থনৈতিক ভেটি আৰু মৰ্যাদা সুৰক্ষিত কৰি ৰাখিছে। তেওঁলোকৰ ত্যাগৰ বাবেই সমগ্ৰ সমাজ আৰু দেশ জীয়াই আছে। সেয়েহে, কবিয়ে তেওঁলোকক আটাইতকৈ মূল্যৱান সম্পদ অৰ্থাৎ ‘দেশৰ চিয়া’ বুলি শ্ৰদ্ধাৰে সুঁৱৰিছে।

৭। কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অর্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা-

উত্তৰঃ

• ব’ঠা (নাও চলোৱা সঁজুলি): নাৱৰীয়াই নৈৰ বুকুত ব’ঠা মাৰি নাওখন আগুৱাই লৈ গৈছে।

• সৰ্বদায় (সদায়): দেশৰ উন্নতিৰ হকে কাম কৰা কৃষকসকলৰ প্ৰতি আমি সৰ্বদায় শ্ৰদ্ধাশীল হোৱা উচিত।

• যহতে (গুণতে): খেতিয়কসকলৰ অক্লান্ত পৰিশ্ৰমৰ যহতে আমি প্ৰতিদিনে দুসাঁজ সুখেৰে খাবলৈ পাওঁ।

• চিয়া (পো-নাতিৰ দিনলৈকে থকা যশস্যা বা খ্যাতি): নিজৰ সুকৰ্মৰ জৰিয়তে মহান ব্যক্তিসকলে সমাজত চিয়া হৈ জীয়াই থাকে।

• ছাৰখাৰ (সমূলি নষ্ট): ভয়ংকৰ বানপানীয়ে খেতিয়কৰ সোণোৱালী পথাৰখন নিমিষতে ছাৰখাৰ কৰি পেলালে।

• খাটনি (কাতৰ প্ৰাৰ্থনা): স্বাৱলম্বী কৃষকসকলে জীৱন-ধাৰণৰ বাবে আনৰ ওচৰত খাটনি নধৰে।

৮। (খ) তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা।

বাক্য

অসমাপিকা

সমাপিকা

মই বজাৰৰ পৰা আহি ভাত খাম।

আহি

খাম

মামাই জলপান খাই পথাৰলৈ যাব।

খাই

যাব

ভাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব।

আঁকি

পঢ়িব

ছাত্র-ছাত্রীসকলে প্রার্থনা কৰি শ্ৰেণীকোঠালৈ যাব।

কৰি

যাব

সন্ধিয়া হাত-ভৰি ধুই পঢ়াত বহিবা।

ধুই

বহিবা

৯। তলত দিয়া ক্রিয়াপদবোর সমাপিকা (স) আৰু অসমাপিকা (অস) হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা।

উত্তৰঃ

• ধৰ্ (স): ল’ৰাবোৰে নৈৰ পাৰত মাছ ধৰিছে।

• ধৰ্ (অস): চোৰটোক হাতে-লোটে ধৰি ৰাইজে আৰক্ষীক চমজাই দিলে।

• কৰ্ (স): ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত অংক কৰিছে।

• কৰ্ (অস): আমি সকলোৱে মিলি বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি জিৰণি ল’লোঁ।

• খা (স): গৰুটোৱে পথাৰত ঘাঁহ খাইছে।

• খা (অস): মেকুৰীজনীয়ে গাখীৰকণ খাই শুই পৰিল।

১০। (ক) ‘ক’ অংশৰ লগত ‘খ’ অংশৰ শব্দ লগ-লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা-

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

যুৰীয়া ৰূপ

মাক

বাপেক

মাক-বাপেক

দেওৰ

ননদ

দেওৰ-ননদ

জী

জোঁৱাই

জী-জোঁৱাই

ভাই

ভনী

ভাই-ভনী

শাহু

শহুৰ

শাহু-শহুৰ

পেহা

পেহী

পেহা-পেহী

মামা

মামী

মামা-মামী

(খ) ওপৰৰ সম্বন্ধবাচক মুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰ:

• মাক-বাপেক: প্ৰতিগৰাকী সন্তানেই নিজৰ মাক-বাপেকক শ্ৰদ্ধা আৰু সেৱা কৰাটো পৰম কৰ্তব্য।

• দেওৰ-ননদ: এগৰাকী আদৰ্শ বোৱাৰীয়ে সদায় নিজৰ দেওৰ-ননদক নিজৰ ভাই-ভনীৰ দৰেই আদৰ-যতন কৰিব লাগে।

• জী-জোঁৱাই: বিহুৰ বতৰত জী-জোঁৱাই ঘৰলৈ আহিলে পৰিয়ালৰ সকলোৰে মন আনন্দৰে ভৰি পৰে।

• ভাই-ভনী: এখন ঘৰত ভাই-ভনীৰ মাজত সদায় মিলাপ্ৰীতি আৰু বুজাবুজি থকাটো বাঞ্চনীয়।

• শাহু-শহুৰ: বিয়াৰ পিছত এগৰাকী বোৱাৰীৰ বাবে শাহু-শহুৰ নিজৰ জন্মদাতা পিতৃ-মাতৃৰ দৰেই হয়।

• পেহা-পেহী: অহা গৰমৰ বন্ধত মই মোৰ তেজপুৰত থকা পেহা-পেহীৰ ঘৰলৈ ফুৰিবলৈ যাম।

• মামা-মামী: আমাৰ মামা-মামীয়ে গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে।

১১। (খ) তলত দিয়া প্রবচনকেইটি দলত আলোচনা কৰি বহলাই লিখা।

• ঘন ঘনকৈ দিবা আলি, 

পর্বততো ৰুবা শালি। 

আহিনে কাতিয়ে ৰাখিবা পানী, 

মাহেকে পষেকে চিকুণাবা তল।।

উত্তৰঃ প্ৰদত্ত প্ৰবচনটিৰ জৰিয়তে কৃষি কাৰ্যত পানী সংৰক্ষণ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ গুৰুত্ব বুজোৱা হৈছে। খেতিৰ পথাৰত যদি ওচৰে ওচৰে আৰু ঘনকৈ আলি দিয়া হয়, তেন্তে তাত সহজে পানী আৱদ্ধ কৰি ৰাখিব পাৰি। ঠিক তেনেদৰে, আমি যদি উন্নত আৰু বৈজ্ঞানিক প্ৰণালীৰে পানী ধৰি ৰাখিবলৈ সক্ষম হওঁ, তেন্তে পৰ্বতৰ এঢলীয়া ঠাইতো সুকলমে শালি ধানৰ খেতি কৰিব পৰা যায়। বিশেষকৈ আহিন আৰু কাতি মাহত ধানৰ গেঁৰ ধৰিবলৈ আৰু পকিবলৈ পথাৰত পানীৰ অতি আৱশ্যক হয়। এজন ৰজাই যেনেকৈ নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো তেওঁৰ পৰম কৰ্তব্য, ঠিক তেনেকৈ এজন খেতিয়কৰ বাবেও এই সময়ছোৱাত খেতিপথাৰত পানীৰ যোগান অক্ষুণ্ণ ৰখাটো সমানেই গুৰুত্বপূৰ্ণ। কাৰণ এই সময়ত সামান্য অকণমান অৱহেলা বা পানীৰ অভাৱৰ বাবে গোটেই খেতিডৰা সমূলঞ্চে নষ্ট হ’ব পাৰে।

• তিনিশ ষাঠি জোপা ৰুবা কল, 

মাহেকে পষেকে চিকুণাবাতল। 

পাত পচলা লাভত খাবা, 

লংকাৰ বণিজ ঘৰতে পাবা।।

উত্তৰঃ উক্ত প্ৰবচনটিৰ জৰিয়তে কল খেতিৰ লাভজনক দিশসমূহৰ বিষয়ে বাখ্যা কৰা হৈছে। যদি এজন খেতিয়কে বছৰৰ ৩৬০ দিনৰ প্ৰতিটো দিনতে নিয়মীয়াকৈ এজোপাকৈ কলপুলি ৰোপণ কৰে আৰু সময়মতে কলগছৰ গুৰিবোৰ চিকুণাই চাফ-চিকুণকৈ ৰাখে, তেন্তে তেওঁ ঘৰতে বহি এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। কলগছৰ পৰা উৎপাদিত পচলা আৰু কলডিল আমি সুস্বাদু খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ, লগতে পকা কল বজাৰত বিক্ৰী কৰি লাভৱান হ’ব পাৰোঁ। সেয়েহে, কল খেতি কৰি পোৱা লাভাংশক ইয়াত অতি লাভজনক ‘লংকাৰ বাণিজ্য’ৰ সৈতে ৰিজোৱা হৈছে।

• ষোল্ল চাহত মূলা, 

তাৰ আধাত তুলা। 

তাৰ আধাত ধান, 

বিনা চাহত পাণ।।

উত্তৰঃ প্ৰদত্ত প্ৰবচনটোৱে ভিন ভিন খেতিৰ বাবে মাটি কিমান দকৈ বা কিমানবাৰ চহাব লাগে, তাৰ এক সুন্দৰ নিৰ্দেশনা প্ৰদান কৰিছে। খেতিয়কসকলে মূলা খেতিৰ বাবে মাটিডৰা অতি দকৈ আৰু সৰহবাৰ (ষোল্লবাৰ) চহাব লাগে। আনহাতে, তুলা খেতিৰ বাবে মূলাতকৈ আধা পৰিমাণৰ মাটি চহোৱাৰ প্ৰয়োজন। ঠিক তেনেদৰে, ধান খেতিৰ বাবে তুলাতকৈও কমবাৰ মাটি চহ কৰিলেও হয়। কিন্তু, পাণ খেতিৰ বাবে মাটি চহোৱাৰ কোনো প্ৰয়োজনেই নাথাকে, বিনা চাহেই ইয়াৰ খেতি কৰিব পাৰি।

১২। তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ

• শিক্ষক: সমাজ এখনৰ প্ৰধান মেৰুদণ্ড হৈছে শিক্ষক সমাজ। তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক কেৱল পুথিগত জ্ঞানেৰেই সমৃদ্ধ নকৰে, বৰঞ্চ তেওঁলোকৰ সু-চৰিত্ৰ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এগৰাকী আদৰ্শ শিক্ষকে সমাজৰ উজ্জ্বল ভৱিষ্যত গঢ় দিয়াৰ সমান্তৰালভাৱে প্ৰতিগৰাকী শিক্ষার্থীক এজন সৎ, শৃংখলাৱদ্ধ আৰু দায়িত্বশীল সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাত অপৰিসীম অৱদান আগবঢ়ায়।

• আৰক্ষী: আৰক্ষীসকল হৈছে সমাজৰ এক অতি গুৰুত্বপূৰ্ণ অংগ আৰু দায়িত্বশীল ব্যক্তি। তেওঁলোকে সমাজত আইন-শৃংখলা অটুট ৰখাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰে। সমাজৰ পৰা অপৰাধ নিৰ্মূল কৰি এক শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰখাত তেওঁলোকৰ ভূমিকা অপৰিসীম। আইন ভংগকাৰীক উচিত শাস্তি প্ৰদান কৰা আৰু অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাটো আৰক্ষীৰ প্ৰধান কৰ্তব্য। এগৰাকী প্ৰকৃত আৰক্ষী জোৱান সদায় সাহসী, সৎ আৰু নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৱান হোৱা বাঞ্চনীয়।

• চিকিৎসক: চিকিৎসাসকলৰ প্ৰধান ধৰ্মই হৈছে মানৱ সেৱা। এগৰাকী চিকিৎসকে ৰোগাক্ৰান্ত ব্যক্তিক সঠিক চিকিৎসা প্ৰদান কৰি তেওঁলোকক নৱজীৱন দান কৰে আৰু সুস্থ-সৱল স্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰে। সেয়েহে সমাজত চিকিৎসকসকলক ভগৱানৰ দ্বিতীয় ৰূপ বুলিও গণ্য কৰা হয়। এগৰাকী সু-চিকিৎসক সদায় দয়ালু, অসীম ধৈৰ্যশীল আৰু কৰ্তব্যপৰায়ণ হোৱাটো অতিকৈ প্ৰয়োজন।

• গায়ক: গায়কসকলে নিজৰ সুমধুৰ কন্ঠেৰে গীত পৰিৱেশন কৰি মানুহক আমোদ প্ৰদান কৰে। তেওঁলোকে সংগীতৰ মাধ্যমৰে সমাজৰ কলা-সংস্কৃতি সংৰক্ষণ কৰাৰ লগতে শ্ৰোতাসকলৰ মনৰ অৱসাদ দূৰ কৰি মনোৰঞ্জন যোগায়। এগৰাকী সু-গায়ক হ’বলৈ হ’লে তেওঁ প্ৰতিভাশালী, কঠোৰ পৰিশ্ৰমী আৰু সদায় সংগীতৰ নিয়মিত চৰ্চা বা অনুশীলন কৰা ব্যক্তি হোৱাটো প্ৰয়োজনীয়।

১৩। বাতৰি কাকতত প্রকাশিত এটা চাকৰিৰ বিজ্ঞাপনৰ নমুনা তলত দিয়া হৈছে। বিজ্ঞাপনটো পঢ়া আৰু সিপিঠিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।

(ক) বিজ্ঞাপনটো কোনে কেতিয়া প্ৰচাৰ কৰিছে? 

উত্তৰঃ ডিব্ৰুগড়ৰ জিলা কৃষি বিষয়াই ২০২৫ চনৰ ৫ আগষ্টত এখন স্থানীয় বাতৰি কাকতৰ জৰিয়তে এই বিজ্ঞাপনটো প্ৰচাৰ কৰিছিল।

(খ) বিজ্ঞাপনটোত মুঠ কেইটা পদৰ বাবে আবেদন বিচৰা হৈছে? 

উত্তৰঃ উক্ত বিজ্ঞাপনটোত সৰ্বমুঠ ৭ টা খালী পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। ইয়াৰ ভিতৰত ৩ টা পিয়ন পদ, ২ টা ড্ৰাইভাৰ পদ আৰু ২ টা মালী পদ অন্তৰ্ভুক্ত আছে।

(গ) বিজ্ঞাপনটোত কি কি পদৰ বাবে আবেদন বিচৰা হৈছে? 

উত্তৰঃ বিজ্ঞাপনটোৰ জৰিয়তে পিয়ন, ড্ৰাইভাৰ আৰু মালী— এই তিনি ধৰণৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।

(ঘ) পদকেইটা কি বৰ্গৰ পদ?

 উত্তৰঃ এই আটাইকেইটা পদেই হৈছে চতুৰ্থ বৰ্গৰ (Grade IV) অন্তৰ্গত।

(ঙ) পদকেইটাৰ বাবে কি কি অৰ্হতা বিচৰা হৈছে? 

উত্তৰঃ বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, পিয়ন পদৰ বাবে প্ৰাৰ্থী ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। ঠিক তেনেদৰে, ড্ৰাইভাৰ পদৰ বাবে দশম শ্ৰেণী আৰু মালী পদৰ বাবে প্ৰাৰ্থী ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

(চ) প্ৰাৰ্থীৰ বয়স কিমান হ’ব লাগিব বুলি বিজ্ঞাপনটোত দিয়া হৈছে?

উত্তৰঃ প্ৰাৰ্থীৰ বয়স ২০২৫ চনৰ ১ জানুৱাৰী লৈকে ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব বুলি বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে।

(ছ) ড্ৰাইভাৰ প্ৰাৰ্থীৰ বাছনি প্রক্রিয়া কেনেদৰে কৰা হ’ব?

উত্তৰঃ ড্ৰাইভাৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলক মৌখিক পৰীক্ষাৰ লগতে তেওঁলোকৰ দক্ষতা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব।

(জ) আবেদন প্রক্রিয়া কেতিয়া আৰম্ভ হৈ কেতিয়া শেষ হ’ব? 

উত্তৰঃ আবেদন প্ৰক্ৰিয়াটো ২০২৫ চনৰ ৭ আগষ্ট তাৰিখে আৰম্ভ হ’ব আৰু একে বছৰৰে ২০ আগষ্ট তাৰিখে ইয়াৰ সামৰণি পৰিব।

(ঝ) প্রার্থীয়ে আবেদন প্ৰ-পত্ৰ কেনেকৈ পূৰাব লাগিব? 

উত্তৰঃ প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইট www.agri.dibru.in ত গৈ অনলাইন যোগে নিজৰ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী অসমীয়া অধ্যায় ৪ (কৃষক) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ অসমীয়া চতুৰ্থ অধ্যায়ৰ নাম কি?
সপ্তম শ্ৰেণীৰ অসমীয়া ‘উন্মেষ’ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায়ৰ নাম হৈছে ‘কৃষক’।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি সামৰি লোৱা হৈছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ, অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই প্ৰশ্নোত্তৰসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰম অনুসৰি হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB (পূৰ্বৰ SEBA) ৰ নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top