Class 8 বিজ্ঞান অধ্যায় ৪ – কয়লা আৰু পেট্ৰ’লিয়াম | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ৪ – কয়লা আৰু পেট্ৰ’লিয়াম (SCERT Assam – Assamese Medium)
এই অধ্যায়ত জীৱাশ্ম ইন্ধন কয়লা আৰু পেট্ৰ’লিয়ামৰ গঠন, আহৰণ পদ্ধতি, ব্যৱহাৰ আৰু সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ তেলক্ষেত্ৰসমূহৰ বিষয়ে বিশেষ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।
✅ কি শিকিব:
- কয়লা আৰু পেট্ৰ’লিয়ামৰ সৃষ্টি প্ৰক্ৰিয়া
- অসমৰ প্ৰধান তেলক্ষেত্ৰ (ডিগবৈ, নাহৰকটীয়া)
- কোকিং কয়লা আৰু কয়লা গেছৰ ব্যৱহাৰ
- পৰিৱেশ ৰক্ষাৰ বাবে বিকল্প ইন্ধন
- ইন্ধন সংৰক্ষণৰ ৩R নীতি (Reduce, Reuse, Recycle)
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- অসমৰ খনিজ সম্পদৰ মানচিত্ৰ
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- ইন্ধন সংকট সম্পৰ্কে অসমীয়া ভিডিঅ’
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ৪ Ospin Academy
কয়লা আৰু পেট্ৰ’লিয়াম
১) চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ কি কি ?
উত্তৰ:- চি. এন. জি. আৰু এল. পি. জি. ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধা সমূহ হল –
ক) চি. এন. জি. আৰু এল. পি. জি. ৰ দহনত অৱশিষ্ট নৰয় ।
খ) দুয়োয়ে পৰিবেশ প্ৰদূষণ নকৰে ।
গ) চি. এন. জি. আৰু এল. পি. জি. ৰ কেলৰিফিক মান বেছি অৰ্থাৎ দহণত অধিক তাপ উৎপন্ন হয় ।
ঘ) চি. এন. জি. আৰু এল. পি. জি. ক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ( কম আয়তন ) ভৰাই কঢ়িয়াব পৰা যায় ।
২) ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ‘লজাত সামগ্ৰীটোৰ নাম কি ?
উত্তৰ:- ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম বিটুমেন/বিটুমিন ।
৩) মৃত গছ – গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা । এই প্ৰক্ৰিয়া টোৰ নাম কি ?
উত্তৰ:- প্ৰায় তিনিশ নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ গছনি, হাবি – জংঘল বোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল। ভূ – গৰ্ভত বছৰ বছৰ ধৰি উচ্চ চাপ আৰু উচ্চ উষ্ণতাত ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয় । এই প্ৰক্ৰিয়া টোৰ নাম হল অংগাৰীকৰণ বা কাৰ্বনাইজেছন ।
৪) খালী ঠাই পূৰ কৰা ।
ক) …………………., ………………….. আৰু …………………… হৈছে জীৱাশ্ম ইন্ধন ।
উত্তৰ:- কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ।
খ) পেট্ৰ’লিয়ামৰ উপাদান সমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ………………………. বোলা হয় ।
উত্তৰ:- শোধন ।
গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান – বাহনৰ ইন্ধনটো হল …………………….. ।
উত্তৰ:- চি. এন. জি. ।
৫) তলত দিয়া উক্তি সমূহত শুদ্ধ/ অশুদ্ধ বাছি উলিওৱা।
ক) পৰীক্ষা গাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।
খ) পেট্ৰলতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰ:- অশুদ্ধ ।
গ) ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰ:- শুদ্ধ ।
ঘ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ ।
উত্তৰ:- শুদ্ধ ।
ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰ:- অশুদ্ধ ।
৬) জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ:- জীৱাশ্ম ইন্ধন সমূহ কিয় নি:শেষীয় প্ৰাকৃতিক সম্পদ । কাৰণ জীৱাশ্ম ইন্ধন সমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল । সেয়ে ইয়াৰ পৰিমাণ সীমিত । মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নি:শেষ হৈ যাব ।
৭) ক‘কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সমূহ বৰ্ণনা কৰা ।
উত্তৰ:- ক’কৰ বৈশিষ্ট্য সমূহ হল –
ক) ক’ক এবিধ টান পদাৰ্থ ।
খ) ক’ক ছিদ্ৰ যুক্ত লা পদাৰ্থ ।
গ) ক’ক কাৰ্বনৰ বিশুদ্ধ ৰূপ ।
ঘ) অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি ক’ক উৎপন্ন কৰা হয় ।
ঙ) ক’কৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় ।
চ) ক’ক কলা বৰণীয়া পদাৰ্থ ।
ব্যৱহাৰ :- ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।
৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ‘লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ।
উত্তৰ:- নিযুত নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ – জন্তু আৰু অৰণ্য আছিল । ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে । ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ লগতে অক্সিজেনহীন পৰিৱেশৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে । বিক্ৰিয়াৰ ফলত জীৱ দেহৰ অৱশিষ্ট বিলাকৰ পৰা কালক্ৰমত পেট্ৰ’লিয়াম উৎপন্ন হয় ।
৯) তলৰ তালিকাত ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ।
এই তথ্য খিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা । লেখ চিত্ৰত বছৰ সমূহত হোৱা নাটনিৰ শতাংশ Y – অক্ষত আৰু বছৰ X– অক্ষত লোৱা ।
ক্ৰমিক সংখ্যা |
বছৰ |
নাটনি |
---|---|---|
১) |
১৯৯১ |
৭.৯ |
২) |
১৯৯২ |
৭.৮ |
৩) |
১৯৯৩ |
৮.৩ |
৪) |
১৯৯৪ |
৭.৪ |
৫) |
১৯৯৫ |
৭.১ |
৬) |
১৯৯৬ |
৯.২ |
৭) |
১৯৯৭ |
১১.৫ |
উত্তৰ:- ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ।
ভাৰতত ১৯৯১-১৯৯৭ চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ ।
Class 8 বিজ্ঞান অধ্যায় ৪ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: