Class 8 বিজ্ঞান অধ্যায় ৬ – বল আৰু চাপ | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ৬ – বল আৰু চাপ (SCERT Assam – Assamese Medium)
এই অধ্যায়ত বল আৰু চাপৰ ধাৰণা, ইয়াৰ প্ৰকাৰ আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা হৈছে। অসমৰ কৃষি ক্ষেত্ৰত চাপৰ প্ৰয়োগৰ উদাহৰণো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
✅ কি শিকিব:
- বল আৰু চাপৰ সংজ্ঞা আৰু পাৰ্থক্য
- চাপৰ একক আৰু ইয়াৰ গণনা পদ্ধতি
- তৰলৰ চাপ (হাইড্ৰ’লিক প্ৰণালী)
- বায়ুৰ চাপ আৰু ইয়াৰ প্ৰভাৱ
- অসমত ব্যৱহৃত হাইড্ৰ’লিক যন্ত্ৰ
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- চাপ গণনাৰ সূত্ৰ আৰু উদাহৰণ
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – 6 Ospin Academy
বল আৰু চাপ
১) বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰ:- বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হল –
ক) গতি কৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া । ( এইটো ঠেলা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।
খ) দুজনী ছোৱালীয়ে দুয়ো খন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণী খেল খেলা । ( এইটো টনা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।
২) বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ:- বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হল –
ক) বাঁহৰ কামি এচটাক ধনুলৈ পৰিবৰ্তন কৰা ।
খ) আটাৰ লাডু এটাক চেপেটা কৰি বেলনা মাৰিৰে ৰুটিৰ আকৃতি কৰা ।
৩) তলৰ উক্তি বোৰত খালী স্থান পূৰ কৰা ।
ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল ……………………….. লাগে ।
উত্তৰ:- টানিব ।
খ) এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে ………………………. কৰে ।
উত্তৰ:- আকৰ্ষণ ।
গ) বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ………………………. লাগিব ।
উত্তৰ:- ঠেলিব ।
ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ………………………. কৰে ।
উত্তৰ:- বিকৰ্ষণ ।
৪) এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনু খন লক্ষ্য লৈ টোৱাই টানি ধৰে । তেওঁ নিক্ষেপ কৰা কাঁড় পাত লক্ষ্য লৈ ধাৱ মান হয় । এই কথাখিনিৰ আধাৰত তলত লিখা শব্দ সমূহ ব্যৱহাৰ কৰি তলৰ উক্তি সমূহৰ খালী ঠাই সমূহ পূৰ কৰা:-
পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ ।
ক) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ………………………. পৰিবৰ্তন ঘটায় ।
উত্তৰ:- আকৃতিৰ ।
খ) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল ………………………. বলৰ উদাহৰণ ।
উত্তৰ:- পেশীয় ।
গ) কাঁড় ডালৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটোৱা বল বিধ হৈছে ………………………. বলৰ উদাহৰণ ।
উত্তৰ:- অস্পৰ্শ ।
ঘ) কাঁড় ডাল লক্ষৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বল বোৰ হৈছে ……………………. আৰু বায়ুৰ বাবে হোৱা ………………………. ।
উত্তৰ:- মাধ্যাকৰ্ষণ, ঘৰ্ষণ ।
৫) তলৰ অৱস্থা সমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা । প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা ।
ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা ।
উত্তৰ:- কাৰক :- হাতৰ আঙুলি ।
ক্ৰিয়া শীল বস্তু :- নেমু টেঙা টোৰ ৰস ।
পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু ৰসৰ গতি ।
খ) টুথ পেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা ।
উত্তৰ:-কাৰক :- আঙুলি ।
ক্ৰিয়া শীল বস্তু :- টিউবটো, পেষ্ট ।
পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু পেষ্টৰ গতি ।
গ) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে ।
উত্তৰ:- কাৰক:- ভাৰ ।
ক্ৰিয়া শীল বস্তু :- স্প্ৰিং ।
পৰিণতি :- আকৃতিৰ পৰিবৰ্তন ।
ঘ) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা ।
উত্তৰ:- কাৰক :- মাটি ।
ক্ৰিয়া শীল বস্তু :- দণ্ড ডাল আৰু খেলুৱৈ ।
পৰিণতি :- গতিৰ অৱস্থাৰ পৰিবৰ্তন ।
৬) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?
উত্তৰ:- কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে হতুৰীয়ে বল প্ৰয়োগ কৰিছে আৰু সেই বলৰ পৰিণতিত লো টুকুৰাৰ আকৃতিৰ পৰিবৰ্তন ঘটিছে ।
৭) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । বেলুন আৰু বেৰ খনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ?
উত্তৰ:- ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হ’ল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । স্থিতি বৈদ্যুতিক বলে ক্ৰিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে । বেলুনৰ আধান বোৰে বেৰখনৰ কণা বোৰক স্থিতি বৈদ্যুতিক বলেৰে আকৰ্ষণ কৰিছে ।
৮) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানী পূৰ্ণ বাল্টি এটাত ক্ৰিয়া শীল বল বোৰ চিনাক্ত কৰা । বাল্টি টোৰ ওপৰত ক্ৰিয়া কৰা বল সমূহে কিয় ইয়াৰ গতি – অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।
উত্তৰ:- পানী পূৰ্ণ বাল্টি টোক মাধ্যাকৰ্ষনিক বলে নিম্ন দিশত টানি আছে । আনহাতে এই বলৰ বিপৰীত দিশত ( উলম্ব দিশত ) বাল্টি টো পেশী বলেৰে ( হাতেৰে ) টানি থকা হৈছে । এই ক্ষেত্ৰত মাধ্যাকৰ্ষনিক বলৰ সমান পেশী বল প্ৰয়োগ কৰা হৈছে । দুয়ো বলৰ দিশ সম্পূৰ্ণ ৰূপে বিপৰীত বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে ।
৯) কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা ।
উত্তৰ:- কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম হল –
১) ৰকেটৰ ওপৰত মাধ্যাকৰ্ষন বল ( নিম্ন মুখে ) ।
২) ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হোৱা ধোঁৱা বা গেছৰ নিম্ন মুখী বলৰ প্ৰতিক্ৰিয়া বল ।
১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বালবটো চেপি ধৰিলে ভিতৰৰ বায়ু খিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায় । আনহাতে বালবৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে । ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে –
ক) পানীৰ চাপ ।
খ) পৃথিৱীৰ মাধ্যাকৰ্ষন বল ।
গ) ৰবৰৰ বলবটোৰ আকৃতি ।
ঘ) বায়ু মণ্ডলীয় চাপ ।
উত্তৰ:- ক) পানীৰ চাপ ।
ঘ) বায়ু মণ্ডলীয় চাপ ।
Class 8 বিজ্ঞান অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: