Class 9 Assamese Chapter 10 Solution – পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 10 – “পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন” Summary & Solutions

Class 9 Assamese Chapter 10 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 10 – “পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

“পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন” পাঠত অসমৰ এখন গাঁও কিদৰে শিক্ষাৰ আলোকে উন্নয়নৰ পথত আগবাঢ়িছে, তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। শিক্ষাৰ গুৰুত্ব আৰু আধুনিকতাৰ প্ৰভাৱ সমাজৰ বিকাশত কিদৰে সহায়ক হয়, তাত গুৰুত্ব দিয়া হৈছে।

  • গাঁৱৰ বিকাশ: শিক্ষা, স্বাস্থ্য, আৰু উন্নয়নমূলক কাম-কাজ।
  • শিক্ষাৰ প্ৰভাৱ: শিক্ষাৰ জড়িয়তে গাঁৱৰ মানুহৰ জীৱন মান কিদৰে উন্নত হৈছে।
  • সমাজৰ পৰিবর্তন: গাঁওখনৰ ৰীতি-নীতি, সংস্কৃতি, আৰু জীৱনধাৰাৰ উন্নয়ন।

📌 মূল বিষয়বস্তু:

  • শিক্ষাই গাঁৱৰ উন্নয়নত কেনেকৈ সহায় কৰে?
  • সমাজত আধুনিকতাৰ প্ৰভাৱ কেনেকৈ পৰে?
  • উন্নয়নমূলক কাৰ্যসমূহ গাঁৱৰ জীৱনমান উন্নত কৰাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে?
  • এই পাঠৰ প্ৰধান শিক্ষা কি?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 10 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 10 – “পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 10: পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন

পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন

  1. চমুকৈ উত্তৰ লিখাঃ

(ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল ।

(খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত ?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 30 কি.মি. আঁতৰত অৱস্থিতি ।

(গ) কিহৰ বাবে পিপলান্ত্ৰি গাওঁখনে গ্ৰীণিজ ৱৰ্ল্ড

ৰেকৰ্ড’ছত স্থান পাইছিল ?

উত্তৰঃ মাৰ্বল পথাৰৰৰ বাবে পিপলান্ত্ৰি গাওঁখনে গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ।

(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁওৰ

সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ?

উত্তৰঃ পৃথিৱীৰ ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত দেশৰ পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভূক্ত হৈছে ।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ‘Tree Sisters’ নামৰ চিনেমাখন আৰ্জণ্টিৰ দলে নিৰ্মাণ কৰিছিল ।

(চ) কিৰণ কোন আছিল ?

উত্তৰঃ পিপলতান্ত্ৰি গাৱঁৰ মূখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল ।

(ছ) ৰাখী-বান্ধনৰ দিনা পিপলান্ত্ৰি গাঁওৰ ছোৱালী আৰু

মহিলাসকলে কি কৰে ?

উত্তৰঃ ৰাখী-বান্ধনৰ দিনা পিপলান্ত্ৰি গাঁওৰ ছোৱালী আৰু

মহিলাসকলে গছত ৰছী বান্ধে ।

(জ) ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন ?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল ।

(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁওৰ মানুহে

কি কৰে ?

উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁওৰ মানুহে

মৃতকৰ স্মৃতিত ১১ জোপা গছপুলি ৰোপণ কৰে ।

2. পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল ?

উত্তৰঃ পিপলান্ত্ৰি গাঁওত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ মাৰ্ল পথাৰৰ খনি আৰাম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হবলৈ ধৰে । মাৰ্বল পাথৰ আহাৰণৰ বাবে খনিবোৰত দিনে-নিশাই কাম চলাৰ লত পিপলান্ত্ৰি পাঁৱৰ পৰিৱেশ দূষিত হয় । গছ-গছনি কমি অহাত বৰুষুণৰ পৰিমাণো কমি আহিল, ফলত অধিক মাত্ৰাত পৰিৱেশে দূষিত হৈ পৰিল ।

3. শ্যাম সুন্দৰ পালিৱাল কোন ? পিপলান্ত্ৰি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ শ্যাম সুন্দৰৰ পালিৱাল আছিল ।ৰাজস্থানৰ পিপলান্ত্ৰি গাঁৱৰ এজন আদৰ্শ ব্যক্তি । মাত্ৰ ছয় বছৰ বয়সতে মাতৃক হেৰুওৱা শ্যাম সুন্দৰ পালিৱালে এটা সময়ত জীৱন-সংগ্ৰামৰ কাৰণে নিজ গাঁৱ এৰি গৈছিল যদিও পিথত বৃহৎ মাৰ্বল খনিয়ে বিধ্বস্ত কৰা গাঁওখনলৈ ঘুৰি আহি গাঁও আৰু গাঁওবাসীক উদ্ধাৰ কৰিবলৈ মনে প্ৰাণে নামি পৰে ।

২০০৫ চনত তেঁও গাংওখনৰ মুখিয়াল হ’ল আকস্মিকভাৱে মৃত্যু হোৱা কন্যা কিৰণৰ স্মৃতিত এটা গছ পুলি ৰুলে । সেইদিনাই তেওঁ এটা নিয়ম কৰি দিলে যে গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামাত ৰাইজে ১১ টা গছপুলি ৰোপণ কৰিব লাগিব, আৰু এই কাম কিৰণ নিধি যোজনা’ৰ অধীনতা আৰম্ভ কৰা হয় ।

4. কিৰণ নিধি যোজনা কি ? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আৰৰ মানুহজন হ’ল শ্যাম সুন্দৰ পালিৱাল । শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যাৰ কিৰণৰ স্মৃতি এই ‘কিৰণ নিধি যোজনা’ৰ সূচনা কৰে । গাঁওখনে তেওঁ যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলান্ত্ৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছ পুলি ৰোপণ কৰিব লাগিব । যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে –

(ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা ।

(খ) পানী সংৰক্ষণ কৰা,

(গ) গছ-গছনি ৰুই প্ৰতিপালন কৰা,

(ঘ) খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে।

5. কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি হৈছিল ?

উত্তৰঃ কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে আঁচনিৰ জৰিয়তে কেইটামন নিয়ম কৰি দিছিল । – সেইটা এনেধৰণৰ –

প্ৰথমতে, গাঁওৰ কোনো লোক কন্যাভ্ৰূণ হত্যা কৰিব

নোৱাৰিব।

দ্বিতীয়তে, ছোৱালীজনীক যোন আলফুলে ডাঙৰ-দীঘল কৰ হ’ব

সেই একেই মৰম চেনেহ আৰু যত্নেৰে ১১১ টা গছপুলিকো

প্ৰতিপালন কৰিব লাগিব ।

তৃতীয়তে, কোন ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব

নোৱাৰিব ।

চতুৰ্থতে, কোনো পৰিস্থিতিতে বাল্যবিবাহ সম্পন্ন কৰিব

নোৱাৰিব।

পঞ্চমতে, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিৰ গাঁওৰ সম্পত্ত হ’ব । এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি গাঁওত ৰাইজে প্ৰতিশ্ৰুতি দিব লগীয়া হয় ।

6. পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহ কেনেদৰে আত্মিক সম্পৰ্কে গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা ।

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁচনি মতে প্ৰতি গৰাকী কন্যা সন্তান জন্ম পোৱাৰ লগে লগে ৰাইজে ১১১টা গছপুলি ৰু লাগিছিল আৰু কন্যা সন্তানৰ দৰেই গছ পুলিবোৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিব লাগিছিল । পানী সংৰক্ষণ কৰি আৰু গছ-গছনিৰ দ্বাৰা গাঁওখনত প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হৈ পৰিছিল । একোজোপা গছ-গছনিৰ দ্বাৰা গাঁওখনৰ মানুহে সন্তান পালন কৰাদি পালন কৰিছিল । ৰাখী পূৰ্ণাংগ গছ হৈ উঠালৈকে গাঁওখনৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু এই কাৰ্যাৰ দ্বাৰা গঠ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে, প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ লৈ উঠে ।

7. পিপলান্ত্ৰি গাঁৱৰ সপলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল ?

উত্তৰঃ শ্যামসুন্দৰ পালিৱালে নতুন ৰূপ দিয়া পিপলান্ত্ৰি গাঁওৰ সফলতাৰ কাহিনী সেই গাঁও চাবলৈ অহা বিভিন্ন প্ৰান্তৰ মানুহ আৰু চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা প্ৰচাৰ হোৱাৰ উপৰিও আৰ্জেণ্টিনাৰ এটা দলে এই গাঁওখনক লৈ ‘Tree Sisters’ নামৰ এখন চিনেমা নিৰ্মাণ কৰিছে । বহুতেই এই গাঁওক লৈ শতাধিক তথ্যাচিত্ৰ নিৰ্মাণ কৰিছে । ‘পিপলান্ত্ৰি ’ নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে । এনেদৰেই পিপলান্ত্ৰি গাঁওৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে । ইয়াৰ ফলত ডেনৰ্মাকৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম এই গাঁওত সফলতা আৰু কাম-কাজৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছেআৰু ছাত্ৰ-ছাত্ৰী সকলক ইয়াৰ বিষিয়ে ধ্যায়ন কৰি নিজ দেশৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ প্ৰৰেণা দয়া হৈছে ।

8. পিপলান্ত্ৰি গাঁখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখন মই আদৰ্শ গাওঁ বুলি ভবাৰ কাৰণ আছে । মাৰ্বলখিনিৰ দ্বাৰা প্ৰায় বিধ্বস্ত আৰু নিঃস্ব গাঁও এখনি শ্যাম সুন্দৰ পালিৱাল নামৰ লোকজন নেতৃত্ব আৰু সুপৰিকল্পিত নিৰ্দশত ঠন ধৰি পৃথিৱীৰ মানুহক চকমক লগাইছে । গছ ধ্বংস হৈ একেবাৰে উদং হোৱা গাঁওখনি এক নীতি-নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে । মানুহখিনিৰ কঠোৰ শ্ৰম আৰু কাৰ্যতে সকলোকে আকৰ্ষণ কৰিলে । ছোৱালী সন্তানৰ প্ৰতি লোৱা আকৰ্ষণী আৰু আদৰণীয় ব্যৱস্থাই সকলো শ্ৰেণী মানুহকে এক নতুন দিশৰ সন্ধান দিছে । এই গাঁওত কাম-কাজ, প্ৰাকৃতিক শোভাই পৃথিৱীৰ লোকক আকৰ্ষিত কৰিছে ।

এই পাঠটোৰ শিক্ষণীয় দিশ হ’ল: পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা , উদ্যম, আগ্ৰহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পেৱা যায় । কন্যা সন্তানৰ নিজৰ নিজৰ প্ৰতি দেখুওৱা অৱহেলাৰ সৰ্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত ।

9. বহলাই বিজাই লিখা‑

(ক) বাৰটা মাহত তেৰটা খেতি

(খ) স্বচ্ছ ভাৰত অভিযান ।

(গ) সামাজিক মাধ্যম ।

ভাষা বিষয়ক

10. বাক্য ৰচনা কৰাঃ

হাতে কামে, নিয়ম-শৃংখলা, দিনে-নিশাই, খেতি-বাতি, আনন্দ-উল্লাস, ডাঙৰ-দীঘল, সুখ-সমৃদ্ধি ।

11. কিয় মূৰ্দ্ধন্য ণ হৈছে লিখাঃ

বৰুষুণ, পৰিমাম, ৰূপায়ণ

12. তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ

লিখাঃ

13. তলৰ উপসৰ্গকেইটাৰ একোটাকৈ শব্দ গঠন কৰাঃ

প্ৰতি, অধি, অৱ, দুৰ্ ।

********

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 10 FAQs | পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 10 – পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন FAQs
1. “পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন” পাঠৰ মূল বক্তব্য কি?
এই পাঠত শিক্ষাৰ প্ৰভাৱ আৰু আধুনিকতাৰ মাধ্যমেৰে গাঁৱৰ উন্নয়ন কেনেকৈ সম্ভৱ, তাৰ বৰ্ণনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 10 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. শিক্ষাই গাঁৱৰ উন্নয়নত কেনেকৈ সহায় কৰে?
শিক্ষাই গাঁৱৰ সচেতনতা বৃদ্ধি কৰে, নতুন চাকৰি সৃষ্টি কৰে, আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ সুযোগ প্ৰদান কৰে।
4. গাঁওখন উন্নয়নৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে?
শিক্ষাৰ উন্নতি, স্বাস্থ্য সেৱা বৃদ্ধি, বৈদ্যুতিক সুবিধা, আৰু আধুনিক কৃষি ব্যৱস্থাৰ বিকাশ।
5. শিক্ষাৰ অভাৱৰ ফলাফল কি?
শিক্ষাৰ অভাৱত দৰিদ্ৰতা বৃদ্ধি হয়, স্বাস্থ্যসেৱা পিছপৰি থাকে, আৰু উন্নয়নৰ গতি মন্থৰ হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

1 thought on “Class 9 Assamese Chapter 10 Solution – পোহৰৰ বাটেৰে আগবাঢ়া গাঁওখন | SEBA Assam”

  1. Ryteg vgeg ghev vve ve egr. Rg. Rg. Rgrc ghef vde gdgehe hghe. Vcechg ehge bche a boy white shirt and jeans pant 12 years ago in white and leaves in the white House of give a boy white shirt and jeans pant 12 years ago in white and leaves and leaves and
    HD boy God bless u with skirt with t-shirt and leaves and leaves in the photo with skirt with t-shirt and leaves in the world and white face and lips pink colour white t a curly tales and the photo of t shirts that I can we play ⏯️ a white y a curly haired women a curly hair face 👀 a curly haired lady of t shirts for women to Diya lora and r kicu niya amu Meera Bai ki koro na MSG and reply me with t-shirt and black and white wallpaper in the y a boy God y a boy God bless u r right 👍🏾 a curly tales of give me a call back korte hobe Katik pujo pujor alo ki koros ki koro na go to the white lips in pink hair colour white shirt for men and leaves in pink hair colour white shirt for men in white shirt and they are in white shirt and jeans and a boy God y a white face mask 😷 and white face mask for girls and leaves and jeans pant and jeans 👖 a boy who is all about uttarakhand on it DH Lawrence ks ks ks ki koros ken is six 🕡 a white face mask 😷 and leaves the white lips 👄 and white face mask for women in pink hair and lips pink hair face the photo of give me some time in pink hair and white face and handsome boy white 🤍 a curly haired women in the white lips 👄 and I request you to Diya ek baar baar r kicu ek baar aur a ek baar ek bar bar 🍺 a ek baar ek baar aur a r kicu r kicu ek baar r kicu r kicu ek din tumgo ek bar 🍺 a r kicu ek baar aur r kicu ek r kicu ek baar aur ek baar ek baar aur e

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top