SEBA Assam Class 9 Assamese Chapter 14 – “সুখ” Summary & Solutions
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 14 – “সুখ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
“সুখ” পাঠত জীৱনত সুখৰ গুৰুত্ব, মনোবল, আত্মসন্তোষ, আৰু জীৱনযাত্ৰাত আনন্দৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছে। সুখ মানৱ জীৱনৰ অতি প্ৰয়োজনীয় অনুভূতি, আৰু ই কেৱল বস্তুগত বিষয়ৰ ওপৰত নিৰ্ভৰ নকৰে।
- সুখৰ সংজ্ঞা: আত্মসন্তোষ, মানসিক শান্তি, আৰু আনন্দ।
- সুখ কিদৰে লাভ কৰিব: সঠিক চিন্তা, ভাল অভ্যাস, ইতিবাচক মনোভাৱ।
- সুখৰ প্ৰকৃত উৎস: ধন-সম্পত্তি নহয়, উন্নত মানসিকতা আৰু সদগুণ।
📌 মূল বিষয়বস্তু:
- সুখ কাক কোৱা হয়?
- সুখ কি বস্তুগত সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰে?
- সুখ লাভ কৰিবলৈ কি কি উপায় অবলম্বন কৰিব লাগে?
- এই পাঠৰ মূল শিক্ষা কি?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 14 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 14 – “সুখ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
সুখ
- অতি চমু প্ৰশ্ন উত্তৰ দিয়াঃ
(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি ?
উত্তৰঃ মানুহৰ সুখ-দুখৰ আচল কথা নিজৰ কৰ্ম আৰু মন ।
(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি
কবিয়ে কৈছে ?
উত্তৰঃ ‘মই’, ‘মোৰ’ ভাবে ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।
(গ) নিস্বাৰ্থৰ বাট কেনেকুৱা ?
উত্তৰঃ নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ নিচিনা ।
(ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি
কোঁৱৰ’ বুলি কোৱা হয় ।
উত্তৰঃ কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভালেমান ইংৰাজী কবিতা অসমীয়াত সুৱলাকৈ ভাঙনি কৰাৰ কাৰণে কোঁৱৰ’ বুলি কোৱা হয় ।
(ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি
কবিয়ে ব্যক্ত কৰিছে ?
উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ।
(চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?
উত্তৰঃ কবিৰ মতে বিশ্বৰ নিজৰ ভাই-ভনী বুলি ভাবিব পাৰিলে প্ৰকৃত সুখ পাব পাৰি ।
2. কবিতাটিৰ মূল কথাখিনিৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘সুখ’ এটি মনোৰম আৰু নীতিমূলক কবিতা । প্ৰকৃত সুখ কেনেকৈ পাব পাৰি তাকেই কবিতাটিৰ মাজেৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ।
সুখ হৈছে মূলতঃমন আৰু শৰীৰ অনূভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সমষ্টি । মানুহে সুখ সুখ বুলি সুখ বিচাৰি বলিয়াৰ দৰে হাবাথুৰি খাই ফুৰিলেও সুখ নাপায় – বৰং দুখৰ উপৰি দুখহে পায় । প্ৰকৃত সুখ পাবলৈ হ’লে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ দুখত দুখী হ’ব পাৰিব লাগিব, পৰক আপোন কৰিব লাগিব। পৰৰ কাৰমে কান্দিব পাৰিলে কান্দোনতো হেনো সুখ পায় । ‘মই’, ‘মোৰ’ ভাব নলয় সকলো মানুহেই নিজৰ ভাই-ভনী বুলি আকোৱাল্ লব পাৰিলে সৰগীয় সুখ পোৱা যায় ।
3. ব্যাখ্যা কৰাঃ
(ক) অকল নিজৰ নিমিক্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।
মানুহে জীৱনত কেনেকৈ সুখ পাব পাৰে এই কথা প্ৰকাশ কৰিবলৈ যাওঁতেই এই কবিতাফাকিৰ অৱতাৰণা কৰিছে ।
সুখ মানুহৰ জীৱনত কাম্য । সেই কাৰণে মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্ত তেওঁ সুখ নাপাই দুখৰ উপৰি দুখহে পায় ।কবিয়ে তেনেকৈ সুখ নিবিচাৰি প্ৰকৃত সুখ পাবলৈ কেইটিমান মহান পৰামৰ্শ আগবঢ়াইছে ।তাৰে ভিতৰত অন্যমত হল আনৰ বাবে খাটিব পৰাটো । আমি কেৱল নিজৰ কাৰণে চিন্তা কৰিলেই নহয়, আনৰ কাৰণে চিন্তা কৰিব লাগে, খাটিব লাগিব । যিয়ে অকল নিজৰ জীৱনটোৰ কথাহে চিন্তা কৰে, তেওঁ কেতিয়াও জীৱনত সুখী হ’ব নোৱাৰে । সকলোতে আপোন ভাবি সকলোৰে কাৰণে খাটিব পাৰিলে, কাম কৰিব পাৰিলে গোটোই সংসাৰখনেই সুখৰ ঠাই হৈ পৰিব
(খ) গাই-গোটা পেটে ভঁৰাল নহবা
লোকৰ দুখলৈ চোৱা,
মানুহৰ সেৱা মানুহৰ পুজা
পৱিত্ৰ বৰত লোৱা ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।
আনৰ কাৰণে চিন্তা কৰি, আনৰ কল্যাণৰ কাৰণে কাম কৰি কিদৰে জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰি তাকেই কবিয়ে কবিতাফাকিৰ মাজেৰে প্ৰকাশ পাইছে
জীৱনত সুখ পাবলৈ হ’লে কেৱল নিজৰ বাবে চিন্তা কৰিলে নহ’ব । যি পাইছোঁ যি আৰ্জিছোঁ সেয়া কেৱল নিজৰ বাবেই কৰিছোঁ, আৰ্জিছোঁ বুলি নাভাবি আনৰ দুখ-কষ্ট কৰিবলৈ, তেওঁলোকৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে । তেতিয়াহে জীৱনত প্ৰকৃত সুখ পোৱা যায় । মানুহৰ প্ৰতি কল্যামকামী পবিত্ৰ মন এটা ৰাখি কাম কৰিলেহে সংসাৰখন সুখৰ ঠাই হয়।
(গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট
খোজেপাতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট সেন্দুৰীয় আলি
সুগন্ধি কুসুম ফুলে ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।
মানুহে জীৱনত কেনেদৰে প্ৰকৃত সুখ লাভ কৰিব পাৰে তাকে বিৱৰি কব’লৈ যাওঁতে কবিতা ফাকিত এনেদৰে উল্লেখ কৰিছে।
স্বাৰ্থপৰ হৈ কেৱল ‘মই’, ‘মোৰ’ ভাবেৰে থাকিলে বা কাম কৰিলে কোনেও জীৱনত প্ৰকৃত সুখ পাব নোৱাৰে । স্বাৰ্থপৰ মানুহৰ খোজে প্ৰতি হুলৰ দৰে আপদ-বিপদ আৰু অশান্তিয়ে আগুৰি ধৰে।কিন্ত নিঃস্বাৰ্থ মানুহৰ বাট সেন্দূৰীয়াআলিৰ দৰে, নিমজ, মিহম, বিপদমুক্ত আৰু সুখ-শান্তি পূৰ্ণ ।
ভাষা বিষয়ক
4. উদাহৰণ চাই বাকী কেইটা কৰাঃ
উদাহৰণঃ আপোন – পৰ ।
দুখ, স্বাৰ্থ, অভাৱ, সন্তোষ, হাঁহি ।
উত্তৰঃ
দুখ = সুখ
স্বাৰ্থ = নিস্বাৰ্থ ।
অভাৱ = পৰ্যাপ্ত ।
সন্তোষ = অসন্তোষ ।
হাঁহি = কান্দোউদাহৰ
5. উদাহৰণ চাই বাকী কেইটা কৰাঃ
উদাহৰণঃ সামৰথ- সামাৰ্থ্য ।
ধৰম, কৰম, বিৰখি, যতন, মুকতি ।
উত্তৰঃ
ধৰম : ধৰ্ম
কৰম : কৰ্ম
বিৰখি : বৃক্ষ
যতন : যত্ন
মুকতি : মুক্তি
SEBA Assam Class 9 Assamese Chapter 14 – সুখ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: