Class 10 Assamese Chapter 4 মই অসমীয়া Solution | SEBA Assam

SEBA Class 10 Assamese Chapter 4 – মই অসমীয়া Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা

SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 4 – মই অসমীয়াৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।

📖 অধ্যায়ৰ বিষয়বস্তু:

মই অসমীয়া হ’ল এটি সাহিত্যিক ৰচনা, যি অসমীয়া জাতিৰ পৰিচয়, গৌৰৱ, আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। এই পাঠত অসমৰ ভাষা, সংস্কৃতি, ইতিহাস, আৰু জনগোষ্ঠীৰ একতাৰ প্ৰতি গৌৰৱবোধ প্ৰকাশ পায়, কাব্যিক বা গদ্য শৈলীত। ছাত্ৰ-ছাত্ৰীয়ে এই অধ্যায়ৰ জৰিয়তে অসমীয়া সাহিত্যৰ জাতীয়তাবাদী ভাৱ আৰু সাংস্কৃতিক গুৰুত্ব শিকিব। [দ্ৰষ্টব্য: নিৰ্দিষ্ট ৰচনা বা লেখক অবিহনে, আমি ধৰি লৈছোঁ যে এইটো অসমীয়া পৰিচয়ৰ ওপৰত এটি প্ৰতিনিধিত্বমূলক ৰচনা।]

📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:

  • পাঠৰ সাৰাংশ – মই অসমীয়াৰ মূল ভাৱ আৰু জাতীয়তাবাদী উদ্দেশ্যৰ সংক্ষিপ্ত ব্যাখ্যা।
  • সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে কাব্যিক গঠন, উপমা, আৰু জাতীয়তাবাদী আৱেগ।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
  • শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
  • সাংস্কৃতিক তাৎপৰ্য – মই অসমীয়াৰ অসমীয়া সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ ওপৰত প্ৰভাৱ।
  • নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।

📚 Ospin Academy কিয় বাছি ল’ব?

  • SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
  • সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
  • বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
  • সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।

💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 4 – মই অসমীয়াৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।

Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 4 – মই অসমীয়া Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 4 – মই অসমীয়া

দশম শ্ৰেণী : অসমীয়া

অধ্যায় – 4                                                                                                             Ospin Academy

মই অসমীয়া

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) চৈয়দ আব্দুল মালিকৰ কবিতাপুথি এখনৰ নাম লিখা।

উত্তৰ :- চৈয়দ আব্দুল মালিকৰ কবিতাপুথিখনৰ নাম ‘বেদুইন’।

(খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰ :- মোগলসকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল।

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰ :- মোগলসকলে অসমীয়াৰ লগত যুদ্ধ কৰিবলৈ আহোঁতে দুপৰীয়াৰ উজ্জ্বল আলোকত অসমৰ হেংদাং জিলিকিছিল।

(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰ :- অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

(ঙ) অসমৰ স্বৰ্গদেবে কিহেৰে দেউল সাজিছিল?

উত্তৰ :- অসমৰ স্বৰ্গদেৱে হাঁহ কণী, বৰা চাউলেৰে দেউল সাজিছিল।

২। “অসমৰ হেংদাং জিলিকিল

দুপৰৰ পূৰ্ণ আলোকত”

-কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ :- উক্ত কবিতাটোৰ দ্বাৰা কবিৰ স্বদেশ আৰু স্বজাতিৰ প্রতি তীব্র অনুগত্য আৰু ভালপোৱা প্রকাশ পাইছে। এই কবিতাটোত অসমৰ প্রাচীন ইতিহাস প্রকাশ পোৱাৰ লগতে বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। সুদূৰ পশ্চিম দিশৰপৰা পৰাক্ৰমী মোগলসকলে অসম জয় কৰিবলৈ আহি লুইতৰ পাৰৰ অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। সেই সময়ত অসমত মহা পৰাক্ৰমী আহোমসকলে ৰাজত্ব কৰি আছিল। তেওঁলোকৰ গৌৰৱ আৰু বিজয়ৰ ধ্বজা অসমৰ চৌদিশে ভৰি আছিল। মোগলসকলে আহোমৰ সেই স্বাধীনতা নোহোৱা কৰি অসমত মুছলমানৰ ৰাজ্য পাতিবলৈ আৰু অসম বা কামৰূপ নিজৰ অধীন কৰি ল’বলৈ একান্ত মনে কামনা কৰিছিল। সেয়েহে মোগলসকলে অসমৰ সমৰ থলীত আহি উপস্থিত হৈছিল। মোগলৰ সেই আক্রমণ ৰোধ কৰিবলৈ অসমৰ সেনানিও সাজু হৈছিল আৰু তাৰ ফলস্বৰূপে অসমৰ হেংদাং দুপৰীয়াৰ পূর্ণ আলোকত জিলিকি উঠিছিল। অর্থাৎ মোগলৰ পৰাক্ৰমৰ প্ৰত্যুত্তৰ দিবলৈ আহোমসকল সকলো প্ৰকাৰে সাজু হৈছিল।

৩। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

উত্তৰ :- সুদূৰ পশ্চিমৰ দেশৰপৰা পৰাক্ৰমী মোগলসকলে অসম জয় কৰিবলৈ আহিছিল। তেওঁলোকে নিজৰ বিজয়, বিক্রম আদিৰ জয়গান কৰি আহি লুইতৰ পাৰৰ অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিলেহি। সেই সময়ত আহোমসকলে অসমত ৰাজত্ব কৰি আছিল। অসমৰ চাৰিও দিশে আহোমৰ গৌৰৱ আৰু বিজয়ৰ ধ্বজা উৰি আছিল। মোগলসকলে অসমত নিজৰ শক্তিৰ পৰিচয় দি মুছলমানৰ মুক্ত ৰাজ স্থাপন কৰি অসম বা কামৰূপক নিজৰ কৰি ল’বলৈ একান্তভাৱে ইচ্ছা কৰিছিল। সেয়েহে মোগলে অসমৰ লগত যুদ্ধ কৰিবলৈ যুদ্ধক্ষেত্রত উপস্থিত ‘হৈছিল। মুছলমানৰ যুদ্ধৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই অসমীয়া সৈনিকৰ হেংদাং দুপৰীয়াৰ উজ্জ্বল পোহৰত জিলিকি উঠিছিল। অসমৰ পুৰুষ-নাৰীয়ে ‘নিজৰ দেশৰ স্বাধীনতা অটুট ৰাখিবলৈ ৰণক্ষেত্ৰলৈ ওলাই আহিছিল। অসমৰ পুৰুষ-নাৰী সকলোৱেই ৰণচণ্ডী মূর্তি ধাৰণ কৰি যুদ্ধক্ষেত্ৰলৈ ওলাই আহি মোগলৰ আগত নিজৰ বুকু পাতি দিছিল হি। অসমীয়া পুৰুষ-নাৰীৰ এই ৰূপ দেখি ৰাজপুতবিজয়ী মোগলৰ সবল বাহুৰ বল হেৰাই গৈছিল। অসমীয়াৰ হাতত মোগল পৰাজিত হৈছিল।

৪। “ক’ৰ অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।” -কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ :- কবি চৈয়দ আব্দুল মালিকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি অশেষ ভালপোৱা এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। এই কবিতাটোত অসমৰ অতীত ইতিহাস বর্ণিত হোৱাৰ লগতে অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। সুদূৰ পশ্চিমৰপৰা অসম জয় কৰিবলৈ অহা পৰাক্ৰমী ৰাজপুতবিজয়ী মোগলে যুদ্ধক্ষেত্রত অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমৰ পুৰুষ-নাৰী সকলোৱেই নিজ দেশৰ স্বাধীনতা ৰক্ষাৰ হেতু ৰণক্ষেত্ৰলৈ ওলাই আহিছে। তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধৰি মোগলৰ বিৰুদ্ধে ৰণাংগনত নিজৰ বুকু পাতি দিছেহি। অসমীয়া সেনানীৰ দেশপ্রেম, সাহস, শক্তি, স্বাধীনচিতীয়া মনোভাৱ আদি দেখি ৰাজপুতবিজয়ী মোগলসকল বিস্মিত হৈছে। অসমৰ সমৰ থলীত তেওঁলোকৰ বল, শক্তি আদি হেৰাই গৈছে। শুকান সান্দহ আৰু পানী আঁজলি খাই যুদ্ধ কৰিবলৈ অহা অসমীয়া সৈন্যৰ হাতত অৱশেষত মোগল পৰাজিত হৈছে। বিজয়ী অসমে পুনৰ নিজৰ স্বাধীনতা আৰু বিজয়ৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছে।

৫। “মই অসমীয়া” কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।

উত্তৰ :- “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিয়ে নিজ জন্মভূমি আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা সুন্দৰকৈ প্ৰকাশ কৰিছে।

উক্ত কবিতাটোত অসমৰ প্রাঁচীন ইতিহাস বর্ণিত হোৱাৰ লগতে অসমর প্রকৃতিৰ বিনন্দীয়া ৰূপো সুন্দবকৈ প্রতিফলিত হৈছে। মোগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া পুৰুষ-নাৰীসকলৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগল-সকলৰ অন্তৰ ছুই গৈছে। যুদ্ধত পৰাজিত হৈ মোগলৰ বহুতেই যুদ্ধবন্দী ৰূপে ইয়াতে থাকি গৈছে। অসমৰ প্ৰাকৃতিক সৌন্দর্যই এওঁলোকক অভিভূত কৰিছে। অসমৰ চৌদিশে ধূসৰ পাহাৰে আৱৰি আছে। ইয়ার প্ৰতিটো বনৰ পাতে জাংফাই, মিনাকৰা ৰূপ ধাৰণ কৰে। দুবৰিব পাতে পাতে নিয়ৰৰ টোপালে মুকুতা মণিৰ দৰে জিলিকি থাকে। হাতীৰ দাঁতেবে খৰমৰ চুলা নিৰ্মাণ কৰা হয় আৰু পোৱালৰদ্বাৰা নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে। ইয়াৰ নদীৰ বালিত সোণৰ চেকুৰা পোৱা যায়। পুঠি মাছবোৰেও কাণত সোণৰ থুৰীয়া পিন্ধি নিজৰ সৌন্দর্য প্রকাশ কৰে। ভেকুলীবোৰে ফোঁট লৈ নিজকে সুৱাগী ৰূপে সজাই তোলে। বাঘ নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়, ম’হৰ শিঙেৰে নিৰ্মিত পেঁপা বর্জায়, নিষ্কর্মা ধোদে ৰাজ আলি নিৰ্মাণ কৰে, হাঁহ কণী, বৰা চাউলেৰে দেউল সজায় আৰু ৰংঘৰ, কাৰেংঘৰ আদি নিৰ্মাণ কৰা হয়। এইবোৰে অসমক স্বৰ্গপুৰী হিচাপে গঢ়ি তুলিছে। এইদৰে কবিতাটোত অসমর প্ৰকৃতিৰ বিনন্দীয়া ৰূপ প্রতিফলিত হৈছে।

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।

উত্তৰ :- কবি চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত। অসমীয়া সাহিত্যৰ জগতলৈ এখেতে উল্লেখযোগ্য। বৰঙণি আগবঢ়াই থৈ গৈছে। ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত এখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনত এইজন বিখ্যাত সাহিত্যিকৰ দেহাৱসান ঘটে। এখেতৰ উল্লেখযোগ্য সাহিত্য সম্ভাৰ হৈছে-বেদুইন (কবিতাৰ পুথি), পৰশমণি, আধাৰশিলা, মৰহা ফুল, ৰূপতীৰ্থৰ যাত্রী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগড়া, ৰজনীগন্ধাৰ চকুলো আদি। “অঘৰী আত্মাৰ কাহিনী” নামৰ উপন্যাসখনৰ বাবে মালিকদেবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এখেতৰ আন এক বিখ্যাত উপন্যাস হৈছে “সূৰুযমুখীৰ স্বপ্ন”।

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

উত্তৰ :- পৰাক্ৰমী মোগলসকলে পশ্চিম দিশৰপৰা উজনিৰ সোঁতত ভটীয়নি ভূৰ মেলি অসম জয় কৰি গৌৰৱান্বিত হোৱাৰ উদ্দেশ্যৰে লুইতৰ পাৰৰ সেউজীয়া দুবৰি বনত আহি উপস্থিত হৈছিল। সেই সময়ত আহোমসকলে অসমৰ ৰাজসিংহাসন অধিকাৰ কৰি নিজৰ বীৰত্ব, সাহস আৰু পৰাক্ৰমৰ ধ্বজা চৌদিশে উৰুৱাই থৈছিল। মোগলে সেই পৰাক্ৰমী আহোমসকলক পৰাজয় কৰিবলৈ আহি আহোমৰ হাতত পৰাজিত হৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিছিল। অসমৰ সৌন্দৰ্যই তেওঁলোকক মোহিত কৰিছিল। তেওঁলোকে অসমত ভক্তি-প্রেম, সৌন্দৰ্যৰ খনি দেখা পাইছিল আৰু স্বাধীন অসমৰ উচ্ছ্বাসিত সংগীতৰ সুমধুৰ ধ্বনি শুনিবলৈ পাইছিল। অসমৰ চৌদিশে থকা ধূসৰ পাহাৰ, গছ-বন আদিয়ে তেওঁলোকক আকর্ষণ কৰিছিল। প্ৰতিটো বনৰ পাতত জাংফাই, মিনাকৰা ৰূপ ফুটি উঠিছিল আৰু দুবৰিৰ আগত নিয়ৰৰ টোপালে মুকুতাৰ থোপাৰ দৰে সৌন্দৰ্যৰ সৃষ্টি কৰিছিল। অসমীয়া মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা নিৰ্মাণ কৰিছিল আৰু পোৱালেৰে নির্মিত দলঙত ভৰি ধুইছিল। বাঘ নখেৰে অলংকাৰ নিৰ্মাণ কৰিছিল, ম’হৰ শিঙেৰে পেঁপা বজাইছিল। হাঁহ কণী, চাউল আদিৰে দ’ল নিৰ্মাণ কৰিছিল আৰু এইবোৰে অসমক স্বর্ণপুৰীৰ শোভা প্ৰদান কৰিছিল। এইদৰে সেই সময়ৰ অসমৰ প্রাচুর্যতা প্রকাশ কৰা হৈছে। অসমৰ নদীৰ বালিত সোণৰ ঢেঁকুৰা পোৱা গৈছিল, পুঠি মাছে কাণত সোণৰ থুৰীয়া পিন্ধি নিজৰ সৌন্দৰ্য প্রকাশ কৰিছিল আৰু ভেকুলীয়ে ফোঁট লৈ নিজকে সুরাগী সজাইছিল।

নিষ্কর্মা ধোদৰ দলে ইয়াত ৰাজ আলি নির্মাণ কৰিছিল। অসমৰ ধূলি-বালি সকলোতে হীৰা-মণি মৰকত পোৱা গৈছিল। এইদৰে মোগলসকলে অসমৰ ৰূপ দেখি মোহিত হৈছিল আৰু অসমীয়া সমাজ-সংস্কৃতিৰ লগত নিজকে বিলীন কৰি দিছিল।

৮। ব্যাখ্যা কৰাঃ

(ক) মোগলে এবাৰ পালে, শকতিৰ নৱ পৰিচয়

দেশ প্রাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি।

উত্তৰ:- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা “মই অসমীয়া” নামৰ কবিতাটোৰপৰা লোৱা হৈছে।

উক্ত কবিতাটোত অসমীয়া মানুহৰ সাহস, বীৰত্ব, স্বাধীনচিতীয়া মনোভাৱ আদি সুন্দৰকৈ ফুটি উঠিছে। সুদূৰ পশ্চিম দিশৰপৰা পৰাক্ৰমী মোগলসকলে উজনি সোঁতত ভটীয়নি ভূৰ মেলি দি অসম অধিকাৰ কৰাৰ আশাৰে লুইতৰ পাৰত অসমৰ সেউজীয়া দুবৰি বনত উপস্থিত হৈছিলহি। সেই সময়ত অসমৰ ৰাজসিংহাসনত আহোমসকলে নিজৰ স্বাধীনতা আৰু গৌৰৱৰ বিজয় ধ্বজা উৰুৱাই আছিল। মোগলসকলে আহোমসকলক পৰাস্ত কৰি অসমত মুছলমানৰ ৰাজত্ব চলাবলৈ আৰু নিজৰ পৰাক্ৰম

দেখুৱাই কামৰূপক কায়মনে নিজৰ কৰি ল’বলৈ ইচ্ছা কৰি অসমৰ যুদ্ধক্ষেত্ৰত আহি উপস্থিত হৈছিল। আহোমসকলেও মোগলৰ আক্ৰমণৰ প্রত্যুত্তৰ দি হেংদাং লৈ যুদ্ধক্ষেত্রলৈ ওলাই আহিছিল। অসমৰ পুৰুষ তিৰোতা সকলোৱে নিজ দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ ৰণক্ষেত্ৰলৈ ওলাই আহিছিল। এওঁলোকে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি যুদ্ধক্ষেত্ৰত নিজৰ বুকু পাতি দিছিস। অসম সেনানিৰ সাহস আৰু বীৰত্ব দেখি ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ বল-শক্তি হেৰাই গৈছিল। অৱশেষত এই যুদ্ধত আহোমৰ হাতত মোগলৰ পৰাজয় হৈছিল। তেওঁলোকে অসমৰ সেনানীৰ বল বিক্রম দেখি অভিভূত হৈ পৰিছিল। তেওঁলোকে অসমৰ লোকসকলৰ বল-শক্তিৰ পৰিচয় পুনৰ এবাৰ পাবলৈ সক্ষম হৈছিল। এই দেশৰ লোকসকলৰ দেশপ্রেম, স্বাধীনচিতীয়া মনোভাৱ আৰু স্বদেশৰ প্ৰতি থকা ভক্তিয়ে মোগলসকলক আহোমৰ শক্তিৰ পৰিচয় দিছিল।

(খ) দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা

গচকত ভাগে মৰকত

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,

ভৰি ধোৰে পোৱালৰ ভৰা দলঙত।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকে ৰচনা কৰা “মই অসমীয়া” কবিতাটোৰপৰা লোৱা হৈছে।

উক্ত কবিতাটোত অসম দেশখনৰ প্ৰাচুৰ্যতাৰ বিষয়ে কবিয়ে উল্লেখ কৰিছে। অসমৰ প্ৰাকৃতিক শোভা অতি মনোমোহা আৰু গোটেই অসমখন – মূল্যৱান সম্পদেৰে ভৰা। ইয়াত দুবৰি বনৰ পাততো সৌন্দৰ্যৰ আকৰ দেখা পোৱা যায়। নিয়ৰ টোপালে দুবৰি বনৰ পাতত মুকুতাৰ থোপাৰ সৌন্দর্য প্রদান কৰে। মৰকত হৈছে এবিধ সেউজীয়া ৰঙৰ বাখৰ। অসমৰ ধূলিয়ে-বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে। খোজত এই মূল্যৱান বস্তুবোৰ ভাঙি-চিঙি পৰে। ইয়াত বিভিন্ন ধৰণৰ বনৰীয়া জীৱ-জন্তু পোৱা যায়। বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত এই দেশখন অতি চহকী। ইয়াত হাতীৰ দাঁতেৰে খৰমৰ চুলা তৈয়াৰ কৰা হয়। বাঘ নখেৰে আ-অলংকাৰ নিৰ্মাণ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা তৈয়াৰ কৰি বজোৱা হয়। ইয়াত প্ৰৱাল নামৰ এবিধ মূল্যৱান সামগ্রী পোৱা যায়। অসমীয়া লোকসকলে প্ৰৱালেৰে দলং নিৰ্মাণ কৰি তাত ভৰি ধোৱা কাৰ্য সম্পাদন কৰে। এইদৰে অসমত সকলো বস্তু উভৈনদীকৈ পোৱা যায়। প্রাকৃতিক সম্পদত এই দেশখন অতি চহকী।

( গ) মোহ গ’ল দুৰণিৰ বিদেশী মোগল

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া

অসমত বন্দী হ’ল, অসমৰ ৰূপ মুগ্ধ

দূৰৰ মোগল আহি হ’ল অসমীয়া।।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা “মই অসমীয়া” নামৰ কবিতাটোৰপৰা তুলি লোৱা হৈছে।

সুদূৰ পশ্চিম দিশৰপৰা পৰাক্ৰমী মোগলস্কলে অসম অধিকাৰ কৰিবলৈ আহি অৱশেষত আহোমৰ হাতত পৰাস্ত হৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰে। এই মোগলসকলে অসমত সৰগৰ বিনন্দীয়া ৰূপ দেখি মোহিত হয়। তেঁওলোকে যুদ্ধত পৰাজিত হৈ অসমত ৰৈ যোৱাৰ পাছত অসমৰ চাৰিওফালে সৌন্দৰ্যৰ আকৰ দেখা পায়। অসমৰ চৌদিশে ধূসৰ পাহাবে আৱৰি আছে। প্রতিটো গছৰ পাতত জাংফাই, মিনাকৰা ৰূপ জাতিষ্কাৰ হৈ আছে। দুবৰিৰ পাতত যেন নিয়ৰৰ টোপাই মুকুতা মণিৰ থোপাৰ সৌন্দর্য প্রদান কৰিছে। অসমৰ ধূলিয়ে-বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান মৰকত পৰি থাকে আৰু খোজত এইবোৰ ভাঙি-চিঙি যায়। হাতীৰ দাঁতেৰে খৰমৰ চুলা নিৰ্মাণ কৰে। প্ৰৱালেৰে নিৰ্মিত দলঙত অসমীয়া মানুহে ভৰি ধোৱা কাৰ্য সম্পাদন কৰে। বাঘ নখেৰে অলংকাৰ তৈয়াৰ কৰে। ম’হৰ শিঙৰ পেঁপা বজায়। আহোম স্বৰ্গদেউসকলে হাঁহ কণী চাউলেৰে দ’ল নিৰ্মাণ কৰে। নদীৰ বালিত সোণৰ চেকুৰা পোৱা যায়। পুঠি মাছে কাণত সোণৰ থুৰীয়া পিন্ধে। ভেকুলীয়ে কপালত ফোঁট লৈ নিজকে সুরাগী ৰূপে সজায়। নিষ্কর্মা ধোদৰ দলে বাজ আলি নির্মাণ কৰে। ৰংঘৰ, কাৰেংঘৰে স্বৰ্গপুৰীৰ সৌন্দৰ্য প্রদান কৰে। এনেহেন সোণৰ অসমত হীৰা মণি মৰকত আদি ধূলি-বালিত মিহলি হৈ থাকে। অসমৰ লোকসকলৰ মুখৰ মাতত মৌ সৰি পৰে। এই মিঠা মধুৰ মাতেৰে গোৱা গীত শুনি শিলৰ দৰে টান বস্তুও গলি যায়। অসম দেশৰ দৰে এনে ধৰণৰ ঠাই জগতত আৰু দ্বিতীয় এখন নাই। গতিকে অসমৰ এনে বিনন্দীয়া ৰূপ দেখি দূৰণিৰপৰা অহা বিদেশী মোগলে অসমত যুদ্ধবন্দী হৈ থাকি পিছলৈ অসমীয়া হৈ পৰে। এওঁলোকে হাড়ে হিমজুরে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰে।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহ প্রাণ মন,

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

উত্তৰ :- উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা কবিতা “মই অসমীয়া”ৰ পৰা তুলি দিয়া হৈছে।’

উক্ত কবিতাটোৰদ্বাৰা কবিয়ে যুদ্ধবন্দী মোগল সৈন্যই অসমত থাকি পাছলৈ নিভাঁজ অসমীয়া হৈ যোৱাৰ কথা বৰ্ণনা কৰিছে। মোগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়াৰ হাতত পৰাজিত হৈছে। যুদ্ধৰ শেষত অসমত যুদ্ধবন্দী হিচাপে ৰৈ যোৱা মোগলসৈন্যই অসমৰ বিনন্দীয়া ৰূপ দেখি অভিভূত হৈ পৰিছে। তেওঁলোকে অসমৰ সমাজ সংস্কৃতিক আপোন কৰি আঁকোৱালি লৈ হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছে। তেওঁলোকে অসমক নিজৰ দেশ হিচাপে গ্রহণ কৰি আহোমৰ আধিপত্য স্বীকাৰ কৰিছে। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাঁথা আজিও • যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ হকে মৰিবও খুজিছে। অসমৰ ধৰ্ম, অসমীয়া জাতি কবিৰ প্ৰাণৰ আপোন হৈ পৰিছে। জীৱিত কালত তেওঁ অসমীয়া পৰিচয়ৰে জীয়াই থাকিব বিচাৰিছে আৰু মৰাৰ পিছতো পুনৰ অসমীয়া হৈ জনম লোৱাটোৱে তেখেতে কামনা কৰিছে। অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে-মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। অসমীয়া গীত মাত আৰু ভাষা তেখেতে সৰগতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই কবিতাটোৰদ্বাৰা জীৱনে-মৰণে অসমীয়া হ’ব খোজা কবিজনাৰ মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্রকাশ পাইছে।

৯। “মই অসমীয়া” কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা।

উত্তৰ :- “মই অসমীয়া” কবিতাটোৰদ্বাৰা কবি চৈয়দ আব্দুল মালিকৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা সুন্দৰকৈ পৰিস্ফুত হৈছে। এই কবিতাটোৰদ্বাৰা অসমৰ অতীত ইতিহাসৰ বিষয়ে এটা সুন্দৰ ধাৰণা পাব পাৰি। মোগলসকলে অসম আক্রমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া নাৰী-পুৰুষৰ মাজত দেখা পোৱা স্বদেশ প্রীতিয়ে মোগলসকলৰ অন্তৰ স্পর্শ কৰিছে।

মোগলে আহোমৰ লগত হোৱা যুদ্ধখনত আহোমৰ হাতত পৰাজিত হৈছে। এই পৰাজয়ৰ পাছত মোগলে অসমৰ সেনানীৰ বল, শক্তিৰ নতুন পৰিচয় লাভ কৰিছে। অসমীয়া লোকসকলে দেশৰ বাবে সকলো সময়তে প্রাণ দিবলৈ প্রস্তুত হৈ থাকে। তেওঁলোক স্বাধীনচিতীয়া মনোভাৱৰ লোক আৰু স্বদেশৰ প্ৰতি ভক্তি সদায় অটুট থাকে। সেয়েহে যুদ্ধত পৰাজিত হৈ যুদ্ধবন্দী হিচাপে ৰৈ যোৱা সৈনিকসকলে পিছলৈ অসমীয়া লোকৰ স্বদেশৰ প্ৰতি থকা আনুগত্য দেখি মোহিত হৈছে আৰু নিজকে এই দেশব লগত একাকাৰ কৰি দিছে। কবিয়ে এই কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। সেয়েহে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে আৰু নিজকে ইয়াৰ লগত বিলীন কৰি দিছে। তেওঁ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও অসমীয়া হৈ পুনৰ জনম লোৱাটোৱে কবিয়ে কামনা কৰিছে। কবিয়ে নিজৰ দেশখনক ইমানেই ভাল পায় যে অসমীয়া পৰিচয়েৰে এই মাটিৰ মায়াত বন্দী হৈ তেওঁ জীৱনে-মৰণে চিৰকাল ইয়াতেই থাকিব খোজে।

১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

উত্তৰ :- “মই অসমীয়া” কবিতাটোৰদ্বাৰা কবিৰ নিজৰ জনমভূমিৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা সুন্দৰকৈ প্ৰকাশ পাইছে। অসমৰ অতীত ইতিহাসৰ বিষয়ে ধাৰণা দাঙি ধৰা এই কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। পশ্চিম দিশৰপৰা অসম আক্ৰমণ কৰিবলৈ অহা পৰাক্ৰমী মোগলসকল আহোমৰ হাতত পৰাজিত হৈছে। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছে। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিতে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে।

অসমত বন্দী হৈ ৰোৱা সেই মোগল সৈন্যবোৰে আহোমৰ আনুগত্য স্বীকাৰ কৰিছে, কামৰূপক নিজৰ দেশ হিচাপে গ্রহণ কৰিছে। প্রাচীন অসমৰ অসমীয়া পুৰুষ-নাৰীৰ বীৰত্ব, স্বদেশ প্রীতি আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেইবাবে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলে পুনৰ অসমীয়া হৈ অসম দেশতে জনম লোৱাটোৱে তেওঁ কামনা কৰিছে। অসমীয়া পৰিচয়েৰে তেখেতে জীৱনে-মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ। স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু গভীৰ ভালপোৱাৰ বাবে কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে।

১১। “মই অসমীয়া” কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰ :- কবি চৈয়দ আব্দুল মালিকৰ “মই অসমীয়া” এটি সুন্দৰ দেশপ্রেমমূলক কবিতা। এই কবিতাটোৰ দ্বাৰা অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱাৰ লগতে অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। পশ্চিম দিশৰপৰা পৰাক্ৰমী মোগলসকলে অসম আক্রমণ কৰিবলৈ আহি লুইতৰ পাৰত উপস্থিত হৈছে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ অসমৰ আহোম সেনানীও হাতত হেংদাং লৈ মোগলৰ সন্মুখীন হৈছে। অসমৰ পুৰুষ তিৰোতা সকলোৱেই নিজ দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ ৰণচণ্ডী মূর্তি ধাৰণ কৰি মোগলৰ আগত নিজৰ বুকু পাতি দিছে। অসম আক্ৰমণ কৰিবলৈ আহি মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে। অসমীয়া মানুহৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগলৰ অন্তৰ স্পৰ্শ কৰিছে। এই যুদ্ধখনত মোগল পৰাজিত হৈছে আৰু পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিছে। অসমৰ প্ৰাকৃতিক সৌন্দর্য, ইয়াৰ প্ৰাচুৰ্য-সম্পদ আদিয়ে মোগলক মোহিত কৰিছে। এওঁলোকে আহোম ৰজাক নিজৰ ৰজা বুলি স্বীকাৰ কৰিছে আৰু কামৰূপক নিজৰ দেশ বুলি গ্ৰহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছে। কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে। সেয়েহে কবিয়ে অসমৰ বাবে যুঁজিব খুজিছে, অসমৰ বাবে মৰিব খুজিছে। অসমীয়া হিচাপে জীয়াই থাকিব খুজিছে, অসমীয়া নামলৈ মৰিবলৈ ইচ্ছা কৰিছে। মৰিলেও অসমীয়া হৈ জনম লোৱাটো তেওঁ কামনা কৰিছে। অসমীয়া গীত-মাত-ভাষা তেওঁ সৰগতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে। এই দৃঢ়তাই আমাৰ ইতিহাস আৰু বৰ্তমানৰ সংযোগ সেতু। জীৱনে-মৰণে চিৰদিন অসমীয়া হ’ব খোজা কবিজনাৰ স্বদেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন এই কবিতাটোত পৰিস্ফুট হৈছে।

১২। “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

উত্তৰ:– “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি অতি সুন্দৰকৈ ফুটি উঠিছে। সেই সময়ত অসমৰ লোকসকল অতি সাহসী আছিল আৰু নিজ মাতৃভমিৰ প্ৰতি প্ৰেম চিৰ প্ৰবাহমান আছিল। পশ্চিম দিশৰপৰা অহা পৰাক্ৰমী মোগলক যুদ্ধত পৰাস্ত কৰিবলৈ অসমৰ পুৰুষ তিৰোতা সকলোৱেই হেংদাং লৈ সমৰ থলীলৈ ওলাই আহিছিল আৰু ৰণচণ্ডী মূৰ্তি ধৰি মোগলৰ আগত নিজৰ বুকু পাতি থিয় দিছিলহি। অসমীয়া মানুহৰ বীৰত্ব দেখি মোগল বিস্মিত হৈছিল আৰু অসমীয়া পুৰুষ তিৰোতাৰ দেশপ্রেমে মোগলৰ অন্তৰ চুই গৈছিল।

অসমৰ বিনন্দীয়া ৰূপ দেখি যুদ্ধত পৰাজিত হোৱা মোগলসকল মোহিত হৈছিল। অসমৰ চৌদিশে থকা ধূসৰ পাহাৰ, প্ৰতিটো বনৰ পাতত জাংফাই, মিনাকৰা ৰূপ, দূবৰিৰ পাতত মুকুতাৰ থোপাৰ সৌন্দৰ্য, ধূলি-বালিয়ে মিহলি হৈ থকা মৰকত মণি আদিয়ে মোগলসকলক আকৰ্ষিত কৰিছিল। প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত উভৈনদী অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা তৈয়াৰ কৰিছিল। পোৱালেৰে নিৰ্মিত দলঙত ভৰি ধুইছিল, বাঘ নখেৰে, অলংকাৰ তৈয়াৰ কৰিছিল, ম’হৰ শিঙেৰে পেঁপা সাজিছিল, হাঁহ-কণী আৰু চাউলেৰে নিৰ্মাণ কৰা দ’লবোৰে আৰু ৰংঘৰ, কাৰেংঘৰে অসমক স্বর্ণপুৰীৰ সৌন্দৰ্য প্ৰদান কৰিছিল। নদীৰ বালিত সোণৰ চেকুৰা পোৱা গৈছিল, পুঠি মাছে কাণত সোণৰ খুৰীয়া পিন্ধি ৰূপৱতী হৈছিল, ভেকুলীয়ে ফোঁট লৈ নিজকে সুৱাগী ৰূপত সজাই তুলিছিল। নিষ্কর্মা ধোদবোৰৰ হতুৱাই স্বৰ্গদেবে ধোদৰ আলি নিৰ্মাণ কৰিছিল। অসমৰ ধূলিয়ে-বালিয়ে সোণ, ৰূপ, হীৰা, মণি, মৰকত মিহলি হৈ আছিল। এইদৰে অতীত অসমখন সকলো দিশৰে পৰাই চহকী আৰু সমৃদ্ধিশালী আছিল। এই কবিতাটোত অসমৰ অতীত গৌৰৱৰ সুন্দৰ আভাস পাব পাৰি।

ভাষা-বিষয়ক:

(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

১। স্বর্ণপুৰী, মুক্তগীত, অনিৰুদ্ধ।

উত্তৰ :-

শব্দ

ব্যাসবাক্য

সমাস

স্বর্ণপুৰী

মুক্তগীত

অনিৰুদ্ধ

স্বর্ণ নির্মিত পুৰী

মুক্ত যি গীত

যাক ৰোধ কৰিব নোৱাৰি

কর্মধাৰয়

কর্মধাৰয়

বহুব্রীহি

(কৃষ্ণৰ নাতি)

২। তলৰ শব্দবোৰৰ নিচিনা পাঁচটা শব্দ সাজা:

বাঘ-নখ, হাঁহ-কণী, ম’হ-শিং

উত্তৰ :- পিতল-চকু, মুখ-পদ্ম, কমল-লোচন, ধন-সোণ, হাতী-শুৰীয়া

৩। বিপৰীত শব্দ লিখা:

গৌৰৱ, আলোক, স্বাধীনতা, পৰাজিত, সপোন, মৰণ।

উত্তৰ :-

শব্দ

বিপৰীত শব্দ

গৌৰৱ

আলোক

স্বাধীনতা

পৰাজিত

সপোন

মৰণ

লজ্জা

তিমিৰ

পৰাধীনতা

জিত

দিঠক

জীবন

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Assamese Chapter 4 – মই অসমীয়া FAQs
মই অসমীয়া পাঠটোৰ মূল বিষয় কি?
মই অসমীয়া হ’ল অসমীয়া জাতিৰ পৰিচয়, সংস্কৃতি, আৰু ঐতিহ্যৰ গৌৰৱ প্ৰকাশ কৰা এটি সাহিত্যিক ৰচনা। (Moi Asomiya is a literary composition expressing pride in Assamese identity, culture, and heritage.)
মই অসমীয়াৰ সাহিত্যিক বৈশিষ্ট্য কি?
পাঠটোত জাতীয়তাবাদী আৱেগ, সৌন্দৰ্যময় ভাষা, কাব্যিক বা গদ্য শৈলী, আৰু উপমাৰ ব্যৱহাৰ দেখা যায়। (It features nationalistic emotions, beautiful language, poetic or prose style, and use of metaphors.)
মই অসমীয়াৰ সাংস্কৃতিক তাৎপৰ্য কি?
এই পাঠে অসমীয়া সংস্কৃতি, ভাষা, আৰু জাতীয় পৰিচয়ৰ গুৰুত্ব তুলি ধৰে, একতা আৰু গৌৰৱৰ বাৰ্তা প্ৰচাৰ কৰে। (It highlights the importance of Assamese culture, language, and national identity, promoting unity and pride.)
HSLC পৰীক্ষাত মই অসমীয়াৰ পৰা কেনে প্ৰশ্ন আশা কৰা যায়?
সংক্ষিপ্ত প্ৰশ্ন (মূল ভাৱ, সংজ্ঞা), ব্যাখ্যামূলক প্ৰশ্ন (জাতীয়তাবাদী ভাৱ, তাৎপৰ্য), আৰু শব্দাৰ্থ। (Short questions (main idea, definition), explanatory questions (nationalistic themes, significance), and vocabulary.)
এই অধ্যায়ৰ মূল উদ্দেশ্য কি?
ছাত্ৰ-ছাত্ৰীক অসমীয়া পৰিচয়, সংস্কৃতি, আৰু জাতীয়তাবাদী ভাৱৰ সৈতে পৰিচয় কৰোৱা আৰু অসমৰ ঐতিহ্যৰ গুৰুত্ব শিকোৱা। (To introduce students to Assamese identity, culture, and nationalistic sentiments, and teach the importance of Assam’s heritage.)
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top