Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Solution | SEBA Assam

SEBA Class 10 Assamese Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা

SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।

📖 অধ্যায়ৰ বিষয়বস্তু:

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি হ’ল এটি সাহিত্যিক ৰচনা, যি অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীৰ গঠন, তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য, ভাষা, ধৰ্ম, উৎসৱ, আৰু সামাজিক জীৱনৰ ওপৰত আলোকপাত কৰে। এই পাঠত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়, সম্ভৱতঃ প্রবন্ধ, গদ্য, বা বর্ণনামূলক শৈলীত। ছাত্ৰ-ছাত্ৰীয়ে এই অধ্যায়ৰ জৰিয়তে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু অসমীয়া সাহিত্যৰ সামাজিক প্ৰতিফলন শিকিব। [দ্ৰষ্টব্য: নিৰ্দিষ্ট ৰচনা বা লেখক অবিহনে, আমি ধৰি লৈছোঁ যে এইটো অসমৰ জনগোষ্ঠী আৰু সংস্কৃতিৰ ওপৰত এটি প্ৰতিনিধিত্বমূলক ৰচনা।]

📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:

  • পাঠৰ সাৰাংশ – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ মূল ভাৱ আৰু সাংস্কৃতিক গুৰুত্বৰ সংক্ষিপ্ত ব্যাখ্যা।
  • সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে বর্ণনামূলক গঠন, সাংস্কৃতিক উল্লেখ, আৰু ঐক্যৰ বাৰ্তা।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
  • শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
  • সাংস্কৃতিক তাৎপৰ্য – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ অসমীয়া সাহিত্য আৰু সামাজিক পৰিচয়ৰ ওপৰত প্ৰভাৱ।
  • নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।

📚 Ospin Academy কিয় বাছি ল’ব?

  • SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
  • সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
  • বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
  • সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।

💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।

Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

অধ্যায় – 8

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ 

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰ: ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চান দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা অহা মংগোলীয় গোষ্ঠী।

(খ) প্ৰাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰেপৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?

উত্তৰ: বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ: সকলোকে বান্ধি থোৱা এনাজৰীডাল হৈছে অসমীয়া ভাষা।

(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোকবিলাক হৈছে-কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাছা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি।

২। চমু উত্তৰ লিখা:

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অর্থাৎ অনার্যসকল যেনে- কছাৰী; চুটিয়া, কোচ, মেচ, ডিমাছা, দেউৰী, মিছিং, বড়ো, তিৱা, কাৰ্বি আদিক বুজায়।

(খ) কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ: ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰপৰা অসমলৈ আহিছিল?

উত্তৰ: চাহ উদ্যোগৰ কৰ্মীসকল হ’ল চাওঁতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক।

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰপৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ: পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে-পাৰাথা, পোলাও, কোর্মা-কোপ্তা, কে’ক-বিস্কুট, কটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচী-পুৰী, ড’চা-চাম্বাৰ, ইড্লি ইত্যাদি।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে-অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম,বনগীত, বিহুগীত দেহ বিচাৰৰ গীত, মন্ত্র সাহিত্য আৰু ডাকৰ আদি আমি। কিন্তু এই সাহিত্যৰ সমলবোৰ লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেলেগ হ’ল।

৪। “অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।”-কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা।

উত্তৰ: অসম দেশত বিভিন্ন জাতি-উপজাতিৰ মানুহে বাস কৰে। অসম সমস্যা বহুল দেশ। ইয়াত বসবাস কৰা বিভিন্ন ধর্মাৱলম্বী লোকে লগলাগি এখন অসমীয়া সমাজ গঠন কৰিছে। ত্রয়োদশ শতিকাৰপৰা আজিলৈকে অসমলৈ নানা ধৰণৰ জাতিৰ মানুহ আহি থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ আহি, কিছুমানে যুদ্ধ বন্দী হৈ কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ আহি কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত আহি আৰু আন কিছুমানে চৰকাৰী উদ্যোগত আহি ইয়াত বাস কৰিছে। হিন্দু, মুছলমান, শিখ, পাঞ্জাবী আদি বিভিন্ন ধর্মৰ মানুহ অসমলৈ আহি অসমীয়া হৈ পৰিছে। এই সকলো মানুহে নিজ ধর্ম ৰক্ষা কৰি জীবন প্রবর্তাইছে। ভিন ভিন জনগোষ্ঠীৰ মানুহ লগ লাগি বৃহৎ অসমীয়া সমাজ গঠন কৰি ইয়াৰ সংস্কৃতি ৰক্ষা কৰিছে। বৃটিছসকল অহাৰ পিছত এক শ্রেণীৰ মানুহে চাকৰি আদিৰ অজুহাতত অসমলৈ আহিল। অসমত থকা বিভিন্ন জাতি গোষ্ঠীসমূহে নিজৰ ভাষা এৰি অসমীয়া ভাষা গ্রহণ কৰি অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাত সহায় কৰিলে। অসমত নানা ধর্ম, নানা ভাষাৰ লোকে বাস কবে। সকলো বহিৰাগতই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান প্রদান কৰে। সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামুহিক ভাষা অসমীয়া। ভাষিক সংমিশ্ৰণৰ বাবেই সকলোৰে ভাষা অসমীয়া হৈছে। সেইবাবেই বিভিন্ন ভাষা-গোষ্ঠী থকা সত্ত্বেও সকলো মানুহ অসমীয়া। অসমলৈ অহা মংগোলীয় জনগোষ্ঠীটোৱে নিজ ভাষা, ধর্ম, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি এৰি থলুৱা লোকৰ লগত মিলি গৈছে। এওঁলোকে নিজৰ পূর্ব সংস্কৃতি বাদ দি অসমীয়া হৈ পৰিছে।

৫। “বিশেষ এটা উদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰপৰা আঁতৰিও পৰিল।” ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে-পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ: অসমলৈ বৃটিছসকল অহাৰ লগে লগে চাহ উদ্যোগ প্রতিষ্ঠা হ’ল। লগে লগে নতুন এক শ্রেণীৰ বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল’লে। এই বৃত্তিয়ালসকল হ’ল দেহে-কেহে খাটি খোৱা চাহ বনুৱা শ্রেণীৰ লোক।এওঁলোক ভাৰতৰ বিভিন্ন অঞ্চল, যেনে-বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা আহি অসমত বসতি স্থাপন কৰিলে। পাঠটোত এই বনুৱাসকলে চাহপাত উৎপাদনৰ বাবে একগোট হৈ থাকি এক ঔদ্যোগিক পৰিবেষ্টনী পতাৰ কথা উল্লেখ কৰিছে।

এই চাহ বনুৱাসকল হৈছে চাওঁতাল, কুর্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি জাতিৰ লোক। এইসকল লোকে নিজৰ কৃষ্টি সংস্কৃতি কিছু পৰিমাণে সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত কথা গ্রহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সমাজ-পাৰ আদি গ্রহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হ’ল আৰু অসমৰ আর্থিক জীৱনত অৰিহণা যোগালে। কিন্তু এইসকল লোকৰ বাবে কোনো ধৰণৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থা নোলোৱাত এওঁলোক অতি অনগ্ৰসৰ হৈ ৰ’ল। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ বাবে এওঁলোকে থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।

৬। “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তর্কৰ অৱকাশ নাই।”-ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই” বোলা কথাষাৰৰ সত্যাসত্য-বিচাৰ কৰা।

উত্তৰ: “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।” ইয়াত লিখকে বৃহৎ অসমীয়া জাতি এক সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।

‘নুই কৰাৰ কোনো যুক্তি তর্কৰ অৱকাশ নাই।’-অসমীয়া জাতিৰ সংস্কৃতি প্রকৃততে গঢ় লৈ উঠিছে বিভিন্ন জনজাতীয় সাংস্কৃতিক উপাদানেৰে। কেৱল এটা জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতি নহয়। অসমীয়া জাতি বুলিলে ই লয় কাৰবি, দেউৰী, কছাৰী, চুটিয়া আদি বিভিন্ন জনজাতিক। সেই একেদৰেই এই সংমিশ্রিত জাতিৰ সংস্কৃতিতো উপাদান আছে বিভিন্ন জনজাতীয় সাংস্কৃতিক সমলসমূহৰ।

অসমলৈ সময়ে সময়ে বিভিন্ন লোকৰ আগমন ঘটাৰ কথা আমাক বুৰঞ্জীয়ে কয়। কোনোবাই এই ভূমিলৈ দেশ জয় কৰিবলৈ আহিল, কোনোবা যুদ্ধবন্দী হিচাপে আৰু কোনোবা আহিল বেপাৰ-বাণিজ্য অথবা বৈবাহিক সূত্রে। পূজা-পার্বণ আৰু তীর্থ সংক্রান্ততো অসমলৈ অহা মানুহৰ সীমা-সংখ্যা নাই । সকলোৱে এই ভূমিলৈ আহি নিজ নিজ ধর্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে একে ভৌগোলিক পৰিৱেষ্টনিত থকা হেতুকে ওচৰা-উচৰিকৈ থকা অন্য এটা সম্প্রদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। এটা সম্প্ৰদায়ৰ ভাল লগা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ কিছুমান আন এটাই গ্রহণ কৰিলে খোৱা বস্তু, বন্ধন কৰণ, পোছাক-পৰিচ্ছদ, আচবাব পাত্র, সাজ-সজ্জা, অলংকাৰ সকলোতে পৰিবৰ্তনৰ বহণ পৰিল। ভাষাৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ সূচনা হ’ল। থলুৱা অসমীয়া ভাষাত নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক সংমিশ্রণত অসমীয়া সংস্কৃতি অধিক টনকিয়াল হ’ল। এই সংস্কৃতিত সমাবেশ ঘটিল অসমৰ পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰিও আহোম, মুছলমান আৰু উত্তৰ-ভাৰতীয় ব্রাহ্মণ-ক্ষত্রিয়সকলৰ সংস্কৃতিগত উপাদানব। এনেদৰেই কালক্রমত বিভিন্ন জনগোষ্ঠীয় মানুহবোৰে অসমৰ ৰঙেৰে, ৰঙীন হৈ অসমীয়া হৈ পৰিল। ধর্ম পালন কৰিবলৈ নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ-বিহাৰ আদিত যোৱাৰ বাদে আন সকলো ক্ষেত্রতেই তেওঁলোকে নিজকে অসমীয়া সংস্কৃতিৰ অন্তর্ভুক্ত বুলি প্রমাণ দিলে। সেয়ে অসমীয়া জাতি যে এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি এই কথা নুই কৰাৰ কোনো যুক্তি-তর্কৰ অৱকাশ দেখা নাযায়।

৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’-কিহৰ লগে। লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰ: অসম দেশখন বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে ভৰপূৰ। ত্রয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা মংগোলীয়সকল আহি অসমত প্রৱেশ কৰে। তাৰো আগতে বিভিন্ন অনার্য গোষ্ঠী, যেনে-কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিছিং, বড়ো, তিৱা, কাৰবি আদিয়ে অসমত বাস কৰি আছিল। মংগোলীয়সকলে অসমৰ থলুৱা লোকৰ প্ৰভাৱত নিজৰ ভাষা, ধর্ম, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ ত্যাগ কৰিবলগীয়া হ’ল। পৰৱৰ্তী কালত আন আন প্রজাতিৰ লোক অসমলৈ আহিল। এইদৰে বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন সংস্কৃতিসম্পন্ন জাতিয়ে অসমীয়া ভাষা-সংস্কৃতিৰ লগত এটাই আনটোত জাহ গৈ মিলি গ’ল। ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ’ল। এই ৰোপান্তৰ মনৰ আৱেগৰপৰা সৃষ্টি হৈছিল। ইয়াক কোনেও কাকো বলপ্রয়োগ কৰি জাপি দিয়া নাছিল। ফলত ভাষাৰ ক্ষেত্ৰত বিভিন্ন শব্দমালা সোমাই পৰিল। অসমীয়া ভাষাত আন জাতিৰ বিভিন্ন শব্দমালা সোমাই পৰাত অসমীয়া সংস্কৃতি বেছি শক্তিশালী হৈ পৰিল। বিভিন্ন জাতিৰ আগমন ঘটাৰ লগে লগে সংস্কৃতিৰো পৰিৱর্তন হ’ল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধনতো পৰিৱৰ্তন হ’ল। পোচাক-পৰিচ্ছদ, আচবাবপত্র সকলোতে পৰিৱর্তনে দেখা দিলে, নতুন সাজ-সজ্জা, আ-অলংকাৰ আহিল। এইদৰে বাহিৰৰ সংস্কৃতিৰ লগত এই দেশৰ সংস্কৃতিৰ সংমিশ্রণ ঘটি এক বলিষ্ঠ সংস্কৃতিৰ সৃষ্টি হ’ল। এইদৰেই সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল।

৮। তাৎপর্য ব্যাখ্যা কৰা:

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উত্তৰ: অসম দেশত নানা ধৰ্মৰ নানা ভাষাগোষ্ঠীৰ লোকে বাস কৰে।এই সকলোবোৰ লোক অসমীয়া। মিচিং, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ দোৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোক সকলোৱে নি অসমীয়া ভাষা বুজে আৰু কয়। বাহিৰৰপৰা অহা সকলো মানুহে অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা-গোষ্ঠীৰ লগত আদান-প্রদান কৰে। সেইবাবেই মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামুহিক ভাষা আছিল অসমীয়া। গতিকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। ভাষিক সংমিশ্ৰণৰ বাবে অসমত আহোমে আহোম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী বা ফাচী ভাষাৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাবে হোৱা প্রক্রিয়া।

উত্তৰ: পাঠটোত ‘গোটেইবোৰ’ কথাযাৰে অসম দেশত ঘটা কিছুমান পৰিৱৰ্তনৰ কথা বুজাইছে।

ইংৰাজসকল অহাৰ লগে লগে আমাৰ দেশত ৰে’লগাড়ীৰ প্ৰচলন হ’ল। সেইদৰে পোছাক-পৰিচ্ছদৰ পৰিৱৰ্তন হ’ল। মানুহে কোট পেন্ট পৰিধান কৰিবলৈ ল’লে। কেক-বিস্কুটৰ প্ৰচলন হ’ল। দেশত বিমান মটৰ পৰিবহণ চলিবলৈ ধৰিলে। হোটেল প্রতিষ্ঠা হ’ল। নতুন নতুন খাদ্যসামগ্ৰীৰ আমদানি হ’ল।

ইংৰাজ যোৱাৰ পাছত ভাৰত স্বাধীন হ’ল, দেশত বহুত পৰিৱৰ্তন ঘটিল। আগৰ দিনৰপৰা হিন্দু-মুছলমানৰ মাজত লুকাই চুৰকৈ চলা খানাপিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি খোৱা-লোৱাৰ ব্যৱস্থা হ’ল। বংগদেশীয় ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি নানা মিঠাইৰ প্ৰচলন হ’ল, লুচী-পুৰী সোমাই পৰিল। অসমীয়া মানুহে হোটেলত মাদ্রাজীৰ ড’চা, চাম্বাৰ আৰু ইদলী খোৱা হ’ল। জাতকূলৰ বিচাৰ লোপ পালে। চুৱাৰ অন্ত হ’ল। সকলোৱে একেলগে খোৱাত আপত্তি নকৰা হ’ল। সামাজিক বাধা নিষেধ কমিল। হিন্দু-মুছলমান সকলোৱে উৎসৱত যোগ দিয়া হ’ল। মৰা জীয়াৰ খবৰ লোৱা হ’ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ’ল। এই গোটেইবোৰ প্রক্রিয়া নিজে নিজে হোৱা প্রক্রিয়া। সেইবাবে ইয়াক স্বতঃপ্রণোদিত প্রক্রিয়া বোলা হৈছে।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰ: এই পাঠটিত লিখকে বহিৰাগতসকলে অসম দেশখনক নিজ দেশ বুলি ভবা কথাৰ বিৱৰণ দিছে। বাহিৰৰ মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি আমাৰ দেশৰ ভাষা সংস্কৃতি ক্রমান্বয়ে গ্ৰহণ কৰিলে। ই হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত মিলি যোৱাৰ ব্যৱস্থা। বহিৰাগতসকলে আমাৰ অসম দেশখনক নিজৰ বুলি ধৰি ল’লে। এই দেশৰ ভাষাক নিজৰ বুলি গ্রহণ কৰিলে। গতিকে সকলোকে মিলি এটা বৃহৎ অসমীয়া জাতি হৈ পৰিল। লগে লগে সংস্কৃতিৰ পৰিৱৰ্তন হ’ল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে। খোৱা বস্তু আৰু ৰন্ধনৰো পৰিৱৰ্তন হ’ল। পোছাক পৰিচ্ছদো পৰিবৰ্তন হ’ল। সদায় ব্যৱহাৰ কৰা আচবাৱপত্ৰতো পৰিৱর্তনে দেখা দিলে-নতুন সাজ-সজ্জা, আ-অলংকাৰ আহিল। এইবোৰ নিজে নিজে হৈছিল, কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল।

ভাষা-বিষয়ক:

১। সন্ধি ভাঙা:

সংস্কৃতি, জলাঞ্জলি, স্বাধীন।

উত্তৰ: সংস্কৃতি = সম্ + কৃতি

জলাঞ্জলি = জল্ + অঞ্জলি

স্বাধীন= স্ব + অধীন

২। ‘প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰ: প্ৰ উপসৰ্গ লগ লগাই গঠন কৰা তিনিটা শব্দ-

প্রভাৱ

প্ৰহাৰ

প্রস্থান

৩। বাক্য ৰচনা কৰাঃ

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।

উত্তৰ:

ভাষা-সংস্কৃতি = অসমীয়া ভাষা-সংস্কৃতিৰ সাধক হেমচন্দ্ৰ বৰুৱা হৈছে ‘হেমকোষ’ অভিধানৰ প্ৰণেতা।

পূজা-পার্বণ = পূজা-পার্বণৰ অন্তত গৃহস্থই, পুৰোহিতৰ আশিষ লৈ যাবতীয় কাম-কাজত ব্যস্ত হ’ল।

বেপাৰ-বাণিজ্য = ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বেপাৰ-বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহি ইয়াত খোপনি পুতিছিল।

সহজ-সৰল = সহজ-সৰল মনেৰে কঠোৰ লোকৰো হৃদয় জিনিব পাৰি।

দিয়া-লোৱা = দিয়া-লোৱা অবিহনে বেপাৰ কেতিয়াও সম্ভৱ নহয়।

এৰা-ধৰা = এৰা-ধৰা কৰিব নোৱাৰিলে সমাজত চলা টান।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Assamese Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি FAQs
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ মূল বিষয় কি?
এই পাঠে অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীৰ গঠন আৰু তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। (This chapter highlights the diverse demographic structure of Assam and its cultural heritage.)
এই পাঠৰ সাহিত্যিক বৈশিষ্ট্য কি?
পাঠটোত বর্ণনামূলক ভাষা, সাংস্কৃতিক উল্লেখ, ঐক্যৰ বাৰ্তা, আৰু সৰল কিন্তু তথ্যপূৰ্ণ শৈলীৰ ব্যৱহাৰ দেখা যায়। (It features descriptive language, cultural references, a message of unity, and a simple yet informative style.)
এই পাঠৰ সাংস্কৃতিক তাৎপৰ্য কি?
এই পাঠে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু জনগোষ্ঠীৰ ঐক্যৰ গুৰুত্ব তুলি ধৰে, অসমীয়া সাহিত্যৰ জৰিয়তে সামাজিক সচেতনতা বৃদ্ধি কৰে। (It emphasizes the importance of Assam’s cultural diversity and communal unity, promoting social awareness through Assamese literature.)
HSLC পৰীক্ষাত এই পাঠৰ পৰা কেনে প্ৰশ্ন আশা কৰা যায়?
সংক্ষিপ্ত প্ৰশ্ন (জনগোষ্ঠীৰ গঠন, সংস্কৃতিৰ দিশ), ব্যাখ্যামূলক প্ৰশ্ন (বৈচিত্ৰ্যৰ তাৎপৰ্য, ঐক্যৰ ভূমিকা), আৰু শব্দাৰ্থ। (Short questions (demographic structure, aspects of culture), explanatory questions (significance of diversity, role of unity), and vocabulary.)
এই অধ্যায়ৰ মূল উদ্দেশ্য কি?
ছাত্ৰ-ছাত্ৰীক অসমৰ জনগোষ্ঠীৰ গাঁথন আৰু সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰোৱা আৰু অসমীয়া সাহিত্যৰ জৰিয়তে সাংস্কৃতিক সচেতনতা শিকোৱা। (To introduce students to Assam’s demographic structure and cultural heritage and teach cultural awareness through Assamese literature.)
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top