Class 8 বিজ্ঞান অধ্যায় ১০ – কোষ: গঠন আৰু কাৰ্য | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ১০ – কোষ: গঠন আৰু কাৰ্য (SCERT Assam – Assamese Medium)
এই অধ্যায়ত কোষৰ ধাৰণা, ইয়াৰ গঠন, বিভিন্ন অংশৰ কাৰ্য আৰু জীৱৰ জীৱনত কোষৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হৈছে। অসমৰ কৃষি আৰু জীৱবৈচিত্ৰ্যৰ প্ৰেক্ষাপটত উদ্ভিদ আৰু প্ৰাণীৰ কোষৰ গঠনৰ উদাহৰণ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
✅ কি শিকিব:
- কোষৰ সংজ্ঞা আৰু আৱিষ্কাৰ
- উদ্ভিদ আৰু প্ৰাণীৰ কোষৰ গঠনৰ পাৰ্থক্য
- কোষৰ অংশসমূহৰ কাৰ্য (নিউক্লিয়াছ, কোষ প্ৰাচীৰ, মাইট’কণ্ড্ৰিয়া)
- অসমৰ ধানৰ উদ্ভিদৰ কোষৰ গঠন
- এককোষী আৰু বহুকোষী জীৱৰ ধাৰণা
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- কোষৰ গঠনৰ চিত্ৰসহ বিশ্লেষণ
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১০ Ospin Academy
কোষ – গঠন আৰু কাৰ্য
১) তলৰ উক্তি বোৰ সত্য নে অসত্য চিনাক্ত কৰা ।
ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে ।
উত্তৰ:- সত্য ।
খ) পেশী কোষবোৰ শাখা যুক্ত ।
উত্তৰ:- অসত্য ।
গ) এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ ।
উত্তৰ:- অসত্য ।
ঘ) এমিবাৰ আকৃতি অনিয়মীয়া ।
উত্তৰ:- সত্য ।
২) মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা । স্নায়ু কোষে কি কাম কৰে ?
উত্তৰ:-
মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা
স্নায়ু কোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে । কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্ধ স্থাপন কৰে ।
৩) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা ।
ক) কোষ প্ৰৰস ।
উত্তৰ:- কোষ প্ৰৰস হ’ল কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য । কোষৰ আন বহু উপাদান বা কোষাংগ কোষ প্ৰৰসত পোৱা যায় । সেইবোৰ হল মাইট্ৰ’কণ্ডিয়া, গলগি বডি, ৰাইব’জ’ম ইত্যাদি ।
খ) কোষ কেন্দ্ৰ ।
উত্তৰ:- ই জীৱৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান । ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত । ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি । এখন আবৰণে কোষ কেন্দ্ৰক কোষ প্ৰৰসৰ পৰা পৃথক কৰিছে । এই আৱৰণ খনক কোষ কেন্দ্ৰীয় আৱৰণ বোলে । এই আৱৰণ খন বিন্ধা যুক্ত । ই কোষ প্ৰৰস আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে । কোষ কেন্দ্ৰৰ ভিতৰৰ অতি সৰু গোলাকাৰ অংশটোক অতিকোষ কেন্দ্ৰ বোলে । ক্ৰম’জ’ম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষ কেন্দ্ৰত থাকে। এইবোৰে জিন কঢিয়াই আৰু বংশানুক্ৰমে পোৱা গুণ বোৰ পিতৃ – মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত সহায় কৰে ।
৪) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে ?
উত্তৰ:- কোষৰ কোষপ্ৰৰসত কোষাংগবোৰ থাকে ।
৫) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা । সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ:-
প্ৰাণী আৰু উদ্ভিদৰ কোষৰ ছবি
সিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য হল –
ক) প্ৰাণী কোষত কোষ বেৰ নাথাকে, কোষাৱৰণ থাকে । কোষাৱৰণ বোৰ প্লাজমাৰে তৈয়াৰী থাকে । আনহাতে উদ্ভিদ কোষত ডাঠ কোষ বেৰ থাকে, কোষ বেৰ বোৰ ছেলুল’জেৰে তৈয়াৰী থাকে ।
খ) প্ৰাণী কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা নাযায় আনহাতে উদ্ভিদ কোষত প্লাষ্টিড তথা ক্লৰ’প্লাষ্ট পোৱা যায় ।
গ) প্ৰাণী কোষত ভেকুঅ’ল ( ৰসধানী ) নাথাকে বা সৰু কৈ থাকে আনহাতে উদ্ভিদ কোষত ভেকুঅ’ল ( ৰসধানী ) অতি ডাঙৰ থাকে ।
৬) ইউকেৰিঅ‘টছ আৰু প্ৰ‘কেৰিঅটছৰ মাজত পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ:- ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅটছৰ মাজত পাৰ্থক্য হল –
ক) ইউকেৰিঅ’টছত সুসংগঠিত কোষ কেন্দ্ৰ থাকে আনহাতে প্ৰ’কেৰিঅটছত সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে ।
খ) ইউকেৰিঅ’টছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণৰ মাজত থাকে আনহাতে প্ৰ’কেৰিঅটছত কোষ কেন্দ্ৰীয় দ্ৰব্য সমূহ আৱৰণ নোহোৱাকৈ থাকে ।
গ) ইউকেৰিঅ’টছ বোৰ উচ্চ পৰ্যায়ৰ প্ৰাণীৰ দেহত পোৱা যায়। উদাহৰণ স্বৰুপে :- গৰু, ম’হ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত পোৱা যায় । আনহাতে প্ৰ’কেৰিঅটছ নিন্ম খাপৰ প্ৰাণীৰ দেহত পোৱা যায় । উদাহৰণস্বৰূপে :- নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়া আদিৰ দেহত পোৱা যায় ।
৭) কোষৰ কোনটো অংশত ক্ৰম‘জ‘ম পোৱা যায় ? সিহঁতৰ কামবোৰ উল্লেখ কৰা ।
উত্তৰ:- কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পোৱা যায় । ক্ৰম’জ’মৰ গাত ‘ জিন ‘ থাকে । এই জিনে এটা পুৰুষৰ পৰা পৰবৰ্তী পুৰুষলৈ চৰিত্ৰ বহন কৰে ।
৮) ‘কোষ জীৱৰ মৌলিক গঠনগত একক’ । ব্যাখ্যা কৰা।
উত্তৰ:- জীৱৰ দেহৰ গঠনত ভাগ লোৱা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ হল কোষ। জীৱ বোৰ বিভিন্ন প্ৰজাতিৰ হলেও সকলো বোৰ জীৱ দেহ কিন্তু কোষেৰে গঠিত । এটা জীৱৰ কোষ বেৰ একেধৰণৰ । দেৱাল এখন বনোৱাত যিদৰে একে ধৰণৰ ইটা লগলগাই সম্পূৰ্ণ দেৱাল খন বনোৱা হয়, তেনেদৰে একে ধৰণৰ কোষেও একেটা জীৱ দেহৰ সৃষ্টি কৰে ।
গতিকে কোষক জীৱ দেহ গঠনৰ মৌলিক একক বোলা হয় । জীৱৰ সকলো বোৰ কাৰ্য কোষৰ কোষাংগ সমূহৰ দ্বাৰা পৰিচালিত হয় । এটা জীৱৰ কোষ বোৰ একে কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে । কোষ বোৰৰ গঠন অতি জটিল ।
৯) কিয় হৰিৎকণা মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায় ? ব্যাখ্যা কৰা ।
উত্তৰ:- উদ্ভিদ বোৰে তাৰ সেউজীয়া পাতত থকা হৰিৎকণাৰ সহায়ত নিজৰ খাদ্য নিজে তৈয়াৰ কৰে । প্ৰাণীয়ে নকৰে । উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে। উদ্ভিদৰ পাতত সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় হৰিৎকণা তাৰ পাতত থকা কোষৰ কোষ প্ৰৰসত সিঁচৰিত হৈ থকা প্লাষ্টিডত থাকে ।
যদি হৰিৎকণা নাথাকিল হেঁতেন তেন্তে উদ্ভিদে সালোক সংশ্লেষণ ঘটাব নোৱাৰিলে হেঁতেন । সেইবাবে উদ্ভিদৰ কোষতহে হৰিৎকণা থাকে । প্ৰাণীয়ে খাদ্য প্ৰস্তুত দেহত নকৰে বাবে প্ৰাণী দেহত হৰিৎকণা নাথাকে ।
১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা ।
১) কোষ কেন্দ্ৰত থকা পকোৱা – সূতা সদৃশ গঠনৰ উপাদান ।
উত্তৰ:- ক্ৰম’জ’ম ।
২) কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য ।
উত্তৰ:- কোষ প্ৰৰস ।
৩) পাতৰ কোষৰ কোষ প্ৰৰসত থকা ৰঙীণ পদাৰ্থ ।
উত্তৰ:- প্লাষ্টিড ।
৪) এবিধ এককোষী জীৱ ।
উত্তৰ:- এমিবা ।
৫) কোষ প্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন ।
উত্তৰ:- ৰসধানী
৫)কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকী
উত্তৰ:- ৰবাৰ্টহুক ।
৬) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি ।
উত্তৰ :- কলা ।
Class 8 বিজ্ঞান অধ্যায় ১০ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: