Class 8 Science Chapter 8 Solutions – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া (SCERT Assam – Assamese Medium)

এই অধ্যায়ত বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱ, তড়িৎ বিশ্লেষণ, তড়িৎ কলাই আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহৃত সৌৰশক্তিৰ বেটাৰী আৰু তড়িৎ-ৰাসায়নিক কোষৰ প্ৰভাৱৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে।

✅ কি শিকিব:

  • বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱৰ সংজ্ঞা
  • তড়িৎ বিশ্লেষণৰ প্ৰক্ৰিয়া আৰু উদাহৰণ
  • তড়িৎ কলাইৰ প্ৰকাৰ আৰু প্ৰয়োগ
  • অসমৰ গ্ৰাম্য অঞ্চলত বেটাৰীৰ ব্যৱহাৰ
  • তড়িৎ-ৰাসায়নিক কোষৰ কাম

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • তড়িৎ বিশ্লেষণৰ প্ৰক্ৰিয়াৰ চিত্ৰসহ ব্যাখ্যা
  • পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
  • অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া |

Class 8 Science

পাঠ – ৮                                     Ospin Academy

বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

১) খালী ঠাই পূৰ কৰা ।

ক) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই …………………….., …………………………, ………………………… ৰ দ্ৰৱ ।

উত্তৰ:- এছিড, ক্ষাৰ, লৱণ ।

খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ………………………. ক্ৰিয়াৰ সৃষ্টি কৰে।

উত্তৰ:- ৰাসায়নিক ।

গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ………………………. মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ।

উত্তৰ:- ঋণাত্মক ।

ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ………………………. বোলে ।

উত্তৰ:- বিদ্যুৎ লেপন ।

২) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম ।

যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হলে বিদ্যুৎ চালিত হয় । বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।

৩) তিনি বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ ১৪.৯ ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে ।

উত্তৰ:- তিনি বিধ জুলীয়া পদাৰ্থৰ নাম হল –

ক) নিমখ পানী ।

খ) হাইড্ৰ’ক্লৰিক এছিড ।

গ) কপাৰ ছালফেট দ্ৰৱ ।

৪) চিত্ৰ ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বালবটো জ্বলা নাই । সম্ভৱপৰ কাৰণ বোৰ লিখা । তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা ।

উত্তৰ:- বালৱটো নজ্বলাৰ সম্ভৱপৰ কাৰণ বোৰ হ’ল –

ক) বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে ।

খ) বালবটো বেয়া হব পাৰে ।

গ) বেটাৰিটো বেয়া হব পাৰে ।

ঘ) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে ।

৫) ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে । দেখা গল যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বলৱটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ । তুমি সিদ্ধান্ত লবা যে –

ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।

খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী ।

গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাবে পৰিবাহী ।

ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি ।

উত্তৰ:- বালবটো B তৰলৰ ক্ষেত্ৰত কমকৈ জ্বলি উঠে আৰু A ত জ্বলে, ইয়াৰ অৰ্থটো এই যে B তৰলটো A তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী । গতিকে উত্তৰটো হব –

ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।

৬) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?

উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে । ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব ।

৭) অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা ।

উত্তৰ:- অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় । ইয়াত লৱণ মিশ্ৰিত হৈ থাকে । ফলত ই পৰিবাহী হয় । যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব । সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে ।

৮) উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে । তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে । কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে । গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয় । সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয় ।

৯) ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ? ব্যাখ্যা কৰা ।

উত্তৰ:- ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয় । কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে । গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয় । কাম কৰি থাকিলে বিদ্যুৎ প্ৰৱাহিত হৈ মিস্ত্ৰী গৰাকীৰ মৃত্যুও হব পাৰে ।

১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল । গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে । কাৰণ বোৰ কি কি হব পাৰে ?

উত্তৰ:- বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে । গতিকে ই বিদ্যুৎ পৰিবাহী হয় । গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব ।

১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- আমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ নাম হল –

ক) কম দামী আ – অলংকাৰ বোৰ ।

খ) দৰ্জা, খিৰিকিৰ হেণ্ডেলবোৰ ।

গ) বাথৰোম, পাকঘৰ আদিৰ টেপবোৰ ।

ঘ) গেছ বাৰ্ণাৰৰ আৰু ৰন্ধা বাচন – বৰ্তনৰ তলিবোৰ ।

ঙ) ঘৰৰ চালৰ টিন পাত বোৰ ।

চ) তলা – ছাবি আদি ।

১২) ক্ৰিয়াকলাপ ১৪.৭ ত তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় । বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে । বেটাৰিৰ ধনাত্মক মেৰুৰ কোন ডাল তড়ি দ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?

উত্তৰ:- বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাত খন সংযোগ কৰিব লাগিব । কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়ি দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হব ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱ কি?
বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱ হ’ল এনে প্ৰক্ৰিয়া য’ত বিদ্যুত প্ৰবাহৰ দ্বাৰা ৰাসায়নিক পদাৰ্থৰ পৰিৱৰ্তন ঘটে, যেনে তড়িৎ বিশ্লেষণ।
অসমৰ গ্ৰাম্য অঞ্চলত বেটাৰীৰ ব্যৱহাৰ কেনেকৈ হয়?
অসমৰ গ্ৰাম্য অঞ্চলত সৌৰশক্তিৰ বেটাৰী ব্যৱহাৰ কৰি পোহৰ, ফেন, আৰু অন্যান্য সৰু সৰঞ্জাম চলোৱা হয়।
তড়িৎ কলাইৰ দুটা উদাহৰণ কি?
১) সোণ বা ৰূপৰ কলাই গহনাত, ২) লোহাৰ উপৰত জিংকৰ কলাই (গেলভানাইজেচন)।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top