Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Solution | SEBA Assam

SEBA Class 10 Assamese Chapter 7 – ভাৰতীয় সংস্কৃতি Solutions & Notes | অসমীয়া সাহিত্য চয়নিকা

SEBA Class 10 অসমীয়াৰ শ্ৰেষ্ঠ সমাধান বিচাৰিছেনে? Ospin Academy-ত আমি প্ৰদান কৰোঁ SEBA/SCERT-অনুসৰণী Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 7 – ভাৰতীয় সংস্কৃতিৰ সম্পূৰ্ণ সমাধান। আমাৰ সমাধানসমূহ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা, স্পষ্ট ব্যাখ্যা, পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ, আৰু সহজ নোটছৰ সৈতে।

📖 অধ্যায়ৰ বিষয়বস্তু:

ভাৰতীয় সংস্কৃতি হ’ল এটি সাহিত্যিক ৰচনা, যি ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বিভিন্ন দিশ, যেনে ঐতিহ্য, ধৰ্ম, শিল্প, সাহিত্য, আৰু সামাজিক মূল্যবোধৰ ওপৰত আলোকপাত কৰে। এই পাঠত ভাৰতীয় সংস্কৃতিৰ ঐক্য, বৈচিত্ৰ্য, আৰু বিশ্বৰ প্ৰতি ইয়াৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়, সম্ভৱতঃ প্রবন্ধ, গদ্য, বা বর্ণনামূলক শৈলীত। ছাত্ৰ-ছাত্ৰীয়ে এই অধ্যায়ৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ গভীৰতা আৰু অসমীয়া সাহিত্যৰ সৈতে ইয়াৰ সম্পৰ্ক শিকিব। [দ্ৰষ্টব্য: নিৰ্দিষ্ট ৰচনা বা লেখক অবিহনে, আমি ধৰি লৈছোঁ যে এইটো ভাৰতীয় সংস্কৃতিৰ ওপৰত এটি প্ৰতিনিধিত্বমূলক ৰচনা।]

📌 SEBA Assam অসমীয়া মাধ্যমৰ সমাধানত অন্তৰ্ভুক্ত:

  • পাঠৰ সাৰাংশ – ভাৰতীয় সংস্কৃতিৰ মূল ভাৱ আৰু সাংস্কৃতিক গুৰুত্বৰ সংক্ষিপ্ত ব্যাখ্যা।
  • সাহিত্যিক বিশ্লেষণ – পাঠৰ ভাষা, শৈলী, আৰু সাহিত্যিক উপাদান, যেনে বর্ণনামূলক গঠন, উপমা, আৰু সাংস্কৃতিক উল্লেখ।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ – সংক্ষিপ্ত, মধ্যমীয়া, আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ HSLC পৰীক্ষাৰ বাবে।
  • শব্দাৰ্থ আৰু ব্যাখ্যা – পাঠৰ কঠিন শব্দ আৰু বাক্যৰ অৰ্থ আৰু পৰিপ্রেক্ষিত।
  • সাংস্কৃতিক তাৎপৰ্য – ভাৰতীয় সংস্কৃতিৰ অসমীয়া সাহিত্য আৰু জাতীয় পৰিচয়ৰ ওপৰত প্ৰভাৱ।
  • নোটছ আৰু সংশোধন – পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সংক্ষিপ্ত আৰু সহজ নোটছ।

📚 Ospin Academy কিয় বাছি ল’ব?

  • SEBA/SCERT-অনুসৰণী সমাধান SEBA Assam অসমীয়া মাধ্যমৰ পাঠ্যক্ৰমৰ বাবে।
  • সহজ আৰু বিন্দুৱাওঁতা ব্যাখ্যা শিক্ষণৰ সুবিধাৰ বাবে।
  • পৰীক্ষা-কেন্দ্ৰিক প্ৰশ্নোত্তৰ HSLC পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে।
  • বিনামূলীয়া PDF ডাউনলোড অফলাইন পঢ়াৰ বাবে।
  • সংশোধন নোটছ দ্ৰুত প্ৰস্তুতিৰ বাবে।

💡 বিনামূলীয়া PDF সমাধান ডাউনলোড কৰক: Ospin Academy-ৰ পৰা Class 10 অসমীয়া Chapter 7 – ভাৰতীয় সংস্কৃতিৰ সম্পূৰ্ণ সমাধান PDF ফৰ্মেটত লাভ কৰক। আমাৰ সমাধানসমূহ দ্ৰুত সংশোধন আৰু গভীৰ অধ্যয়নৰ বাবে আদৰ্শ, SEBA HSLC পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰে।

Class 10 অসমীয়া সাহিত্য চয়নিকা Chapter 7 – ভাৰতীয় সংস্কৃতি Ospin Academyৰ সৈতে মাষ্টাৰ কৰক আৰু SEBA HSLC পৰীক্ষাত শ্ৰেষ্ঠ ফলাফল লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 7 – ভাৰতীয় সংস্কৃতি

দশম শ্ৰেণী : অসমীয়া

 অধ্যায় – 7 Ospin Academy

 ভাৰতীয় সংস্কৃতি

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

ভাৱ-বিষয়ক:

চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰ: ক্ৰমৱৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

২। ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?

উত্তৰ: ফ্রম ভল্ল্গা টু গংগা’ ৰাহুল সংকৃত্যায়নৰ ৰচনা।

৩। সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয় দমন’ৰ কি ব্যাখ্যা দিছে?

উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয় দমন’ৰ ব্যাখ্যা দি কৈছিল-ই অনার্যক আর্য সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?

উত্তৰ: ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ক’ব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আবিষ্কাৰ হৈছিল?

উত্তৰ: শিৱ আৰু শক্তি পূজাব মূল মহেঞ্জোদাবোত আবিষ্কাৰ হৈছিল।

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?

উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।

৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটি কি কি?

উত্তৰ: অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্রকাশ পাইছে। সেয়া হ’ল-

(১) সন্ন্যাস জীৱন

(২) সমূহীয়া জীৱন

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?

উত্তৰ: গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?

উত্তৰ: সুকুমাৰ কলাৰ ভিতৰত স্থায়ী শিল্প হৈছে চিত্র শিল্প

১০। হেম বৰুৱাৰ সাহিত্য চর্চা সম্পর্কে পশিচটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰ: অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিচন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে আধুনিক সাহিত্য, সাগৰ দেখিছা, সানমিহলি, ৰঙা কৰবীৰ ফুল, কিউপিড আৰু ছাইকী, বালিচন্দা, এই গাঁও এই গীত, মেকং নৈ দেখিলো, ইজৰাইল, স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য। বৰুৱা দেৱে “The Red River and the Blue Hill” নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। পছোৱা নামৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল।

১১। ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।

উত্তৰ: আৰ্য, অনার্য, মংগোলীয়, দ্রাবিড়ী আদি অনেক জাতি লগ লাগি ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। এই সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি। সময়ে সময়ে ভাৰতভূমিলৈ বহিৰাজ্যৰপৰা গ্রীক, শক, হুন আদি জাতিব মানুহৰ প্ৰব্ৰজন ঘটিছে। তেওঁলোকে তেওঁলোকৰ সতে বিভিন্ন সামাজিক ৰীতি-নীতি, ৰাজনৈতিক আদর্শ আনিছে আৰু এইবোৰৰ সমন্বয়তেই গঢ়ি উঠিছে ভাৰতীয় সংস্কৃতি। এই সংস্কৃতি এনে এক সংস্কৃতি যাৰ অন্তৱর্তী ঠালবোৰৰ মূল উদ্ধাৰ অতি দুৰূহ কাম হৈ পৰিছে। এই সংস্কৃতিৰ প্রাণ হৈছে ক্রমবর্দ্ধমান শক্তি।

সভ্যতা আৰু সংস্কৃতি শব্দ দুটা ওতঃপ্রোতভাৱে জড়িত। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। আনহাতে সংস্কৃতিয়ে সেই সভ্যতাটিক বিভিন্ন সংস্কৰণ তথা উপাদানসমূহৰ প্ৰতিভাৰ পৰিবৃদ্ধিৰদ্বাৰা মূৰ তুলি জীয়াই থাকিবলৈ সক্ষম কৰে। সংস্কৃতি কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্রতিভা। সংস্কৃতিৰ প্ৰকাশ হয় ভাষা-সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ দ্বাৰা। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টি আৰু ৰূপ দিয়াত সহায় কৰে।

সংস্কৃতি এটা বোঁৱতী সুতিৰ দৰে। ভাবতীয় জীৱনৰ মূল কম্বরেই তৈাম ইয়াৰ সংস্কৃতি। এই সংস্কৃতিৰ ওপৰত প্রাকৃতিক বৈচিত্র্যতাৰ গুরুত্বপূ প্রভার পৰিছে। অবশ্যে এই প্রভার প্রত্যক্ষ নহৈ আওপকীয়াও হোরা দে যায়। এই ভূমিব বিচিত্র প্রাকৃতিক গঠনে বাহিবৰ লোকসকলক আকা কৰি এই ঠাইত নিগাজী বসতি পতাত সদায়েই সহায় কৰিছে। ছো অনুপ্রবেশকাৰীসকলেই কালক্ৰমত নিজৰ সৰ্বস্ব ভাৰতীয় সংস্কৃতিৰ মাজত ত্যাগ কৰিছে আৰু তাৰ ফলস্বৰূপেই বৃদ্ধি হৈছে ভাৰতীয় সংস্কৃতিস কলেৱৰ। এই সংস্কৃতিৰ বাহুল্যতাৰ প্রমাণ দাঙি ধবে কান্দাহাৰ চহবে। ই আফগানিস্তানৰ বুকুত থিয় হৈ বৈছে যদিও প্রকৃততে ই ভাৰতীয় নামতে। ভাৰত আৰু আফগানিস্তানৰ সুসম্পৰ্ক ৰক্ষাৰ প্রচেষ্টা গ্রীক, মৌর্য অদি জাতিয়ে সময়ে সময়ে কৰিছিল। ভাৰতীয় সংস্কৃতিৰ বিস্তৃতিৰ অন্য উদাহৰণ দাঙি সাক্ষীরূপে আছে ব্রহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেচিয়া আদি ঠাই। এসময়ত ভাৰতীয় সংস্কৃতি মধ্য এচিয়াৰপৰা আৰম্ভ কৰি দক্ষিণ-পূর এচিয়ালৈ বিস্তৃত আছিল।

ভাৰতীয় সংস্কৃতি তথা ঐতিহ্যব বৈশিষ্ট্য হৈছে ইয়াব ক্রমবর্তমান গতি। ভাৰতীয় বুৰঞ্জী ৰাজ্য তথা জাতিৰ উত্থান-পতন, ভঙা-গড়া আদিবে ভাৰাক্রান্ত। কিন্তু এই ধৰণৰ ভঙা-গঢ়াৰ উপদ্ৰৱত ইয়াৰ সংস্কৃতিত তিলমানো প্রভাৱ পৰা নাই। মহেঞ্জোদাবো, হৰপ্পা আদিৰ সভ্যতা বিনষ্ট। হৈছে যদিও এইসমূহৰ সংস্কৃতি নিশ্চিহ্ন হোৱা নাছিল। প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰো, হৰপ্পা সভ্যতাৰ বুকুৰপৰাই উদ্ধাৰ কৰিছে। মহেঞ্জোদাৰো সভ্যতাৰ মোহৰত ধ্যানস্থ শিৱৰ ৰূপ অংকিত হৈ আছে।

সকলো ধৰণৰ জাতি-উপজাতিৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিত আছে। ৰাজপুত চিত্ৰ ইয়াৰ প্রমাণ। আকৌ দ্রাবিড় সমাজত প্রচলিত কিছু দেৱ-দেৱী, ধর্মপদ্ধতি আর্যসমাজত প্রচলিত হৈ বৈছে। আৰ্যৰ বেদত দেবী পুজাৰ উল্লেখ নাই, শক্তিৰ প্রতিকৃতিৰ কথা পাবলৈ নাই, শিৱ আদিৰ উল্লেখো অতি কম। এইসমূহ দৰাচলতে অনার্যৰ সম্পদ। কিন্তু এইসমূহ আর্থসকলে গ্রহণ কৰিছে। ভাৰতীয় সংস্কৃতিত আর্য-অনার্যৰ সু-সমন্বয় সাধন হৈছে। আর্য দেবী পার্বতী তথা অনার্য দেৱতা শিৱ দুয়োকে ভাৰতীয় সংস্কৃতিত উচ্চ আসন প্রদান কৰি গ্ৰহণ কৰা হৈছে। এইদৰে স্থাপত্য, ভাস্কর্য, শিল্প সকলোতে বহিৰাগত সংস্কৃতিৰ প্ৰভাৱ পৰি এক নতুন সংস্কৃতিৰ সৃষ্টি হৈছে। এই সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতি। তাজমহল, কাঞ্জিভৰামৰ মন্দিৰ সকলোৱে হৈছে সমন্বয়ৰ ফলত সৃষ্ট অপূর্ব উচ্চমানদণ্ডীয় সংস্কৃতিৰ নিদর্শন। অজন্তাৰ গুহা বৌদ্ধ যুগৰ কথা সোঁৱৰাই থিয় হৈ ৰোৱা ভাৰতীয় সংস্কৃতিৰ এক উজ্জ্বল ভোটাতৰা।

ভাৰতলৈ অহা জাতিবোৰে তেওঁলোকৰ লগত তেওঁলোকৰ নিজা চিত্রশিল্প, ভাস্কর্য সকলো লৈ আনিছিল। মোগল সম্রাট বাবৰৰ দিনত চিত্রশিল্পৰ নতুন ধাৰা এটা ভাৰতত প্ৰৱেশ কৰা দেখা যায়। সংগীতৰ ক্ষেত্ৰখনতো এই একেবোৰ প্ৰভাৱেই বিদ্যমান। এই সংগীতত গাম্ভীর্য ফুটি উঠিলেও ঠায়ে ঠায়ে উৰণীয়া ভাবৰ সংমিশ্রণো কোনো কোনো ঠাইত দেখা যায়। আধ্যাত্মিকতাৰ ক্ষেত্ৰখনতো বেদ উপনিষদৰ সমানে ইছলামীয় ধর্মগ্রন্থ আদিৰ প্ৰচাৰ হোৱা দেখা যায়।

ভাৰতীয় সংস্কৃতি সাহিত্য-সম্পদৰ ক্ষেত্ৰখনত অতি চহকী। পুৰণি সাহিত্য ভক্তিমূলক আছিলএই ভক্তিমূলক সাহিত্যৰ মূল কিন্তু একেজাতীয়ই যদিও বিভিন্ন ভাষাই ইয়াত বিভিন্নতা আনিছে। নিজৰ প্রকাশভঙ্গীৰে ভাৰতীয় সাহিত্য উজ্জীৱিত হৈ আছে। অৱশ্যে বিশ্বৰ বিভিন্ন সাহিত্যৰ প্রভার ইয়াত আছে।

ভাৰতীয় সংস্কৃতিৰ সাহিত্য, ধর্ম আদিবোৰৰ উপৰিও বিশেষভাৱে গুৰুত্ব লাভ কৰে ভাস্কর্য কলাই। ভাস্কর্য কলা সদায়ে সমূহীয়া প্রচেষ্টাত গঢ় লৈ উঠে। অর্থাৎ সমাজ জীৱনৰ পূৰ্ণ প্ৰভাৱেৰে ই মহিমামণ্ডিত। সংস্কৃতি কেতিয়াও ব্যক্তিগত প্রচেষ্টা বা মৌলিকত্বৰ ওপৰত নির্ভশী হৈ সৃষ্টি নহয়ই সদায় সমন্ধ্যায়ৰ ওপৰত প্রতিষ্ঠিত।

১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰ: ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’

সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ প্রতিচ্ছবি। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় সাধনবদ্বাৰা সৃষ্ট হৈছে। দৰাচলতে ভাৰতীয় সভ্যতাৰ সৃষ্টি এক সমিলমিলৰ ওপৰত। সেই সমিলমিলদ ফলতেই সভ্যতা ভেদে অহা আচাৰ, বিচাৰ, ৰীতি, নীতি এই সংস্কৃতিত বিলীন হৈ ভাৰতীয় সংস্কৃতি গঢ় দিছে।

আর্য, অনার্য, মংগোলীয় আদি বিভিন্ন জাতি-জনজাতি সময়ে সময়ে ভাৰত ভূমিলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি স্থাপন কৰিছে। তেওঁলোক এক বিশাল জাতিত পৰিণত হৈছে। ফলত গড়ি উঠিছে সংস্কৃতিৰ বিশাল সাগৰ। আফগানিস্তান, ভাৰত আদিৰ সাংস্কৃতিক সমিলমিলৰ উদাহৰণ দাঙি থিয় হৈ আছে কান্দাহাৰ চহৰ। আফগানিস্তানত অৱস্থিত হ’লেও কান্দাহাৰ হৈছে ভাৰতীয় শব্দ। এয়া দৰাচলতে সম্ভৱ হৈছে সংস্কৃতিৰ একত্ৰীকৰণৰ ফলত। ভাৰতীয় সংস্কৃতি একালত দক্ষিণ-পূৱ এচিয়ালৈ পৰিব্যাপ্ত আছিল।

ভাৰতীয় সংস্কৃতিৰ বুকুত যে বিভিন্ন জাতি-জনজাতিৰ স্বকীয় সাংস্কৃতিক বৈশিষ্ট্য থুপ খাই আছে তাৰেই প্রমাণ ৰাজপুত চিত্র। আকৌ আর্য দেৱী সীতা আৰু অনার্য দেৱ শিৱ এই সংস্কৃতিত আৰাধ্য দেৱ-দেৱী হিচাপে সমাদৃত হৈছে। এয়াই দৰাচলতে সমন্বয় এনেদৰেই ভাৰতীয় সংস্কৃতিত সমন্বয় সাধিত হৈছে বিভিন্ন জাতি-জনজাতিৰ সাংস্কৃতিক উপাদানসমূহৰ।

ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনত ভাস্কর্য শিল্পৰ বিশেষ সমাদৰ আছে। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ সতে দক্ষিণ ভাৰতৰ ভাস্কর্য সম্পূর্ণরূপে নিমিলে। এই ভাস্কৰ্যৰ ক’ৰবাত যদি ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ আছে, ক’ৰবাত আছে মোগল ভাস্কৰ্যৰ প্রভাব। এই ভিন্নমুখী প্রভাৱে সমন্বয়ৰদ্বাৰা এক বিশেষ সৃষ্টি হোৱাত সহায় কৰিছে। উদাহৰণ তাজমহল, ফটেহপুৰ চিকি আদি। অজন্তাৰ গুহাবোৰেই ভাৰতীয় সংস্কৃতিৰ মহান ঐতিহ্য বহন কৰিছে। চিত্রকলাৰ কথাও সেই একে। সমন্বয় সাধনেই জন্ম দিছে চিত্রকলাৰ ইতিহাসৰ। মোগল সম্রাট বাবৰে বুকুত বান্ধি অনা চিত্রশিল্পৰ নতুন ধাৰা ভাৰতভূমিত প্ৰৱেশ কৰি ভাৰতীয় হৈ পৰে আৰু ভাৰতীয় চিত্রকলাক এক বিশেষ গতি প্রদান কৰে।

ভাৰতীয় সংস্কৃতিৰ অন্য দুটা দিশ হৈছে সংগীত তথা সাহিত্য। সংগীতৰ ক্ষেত্ৰখনত সমন্বয়ৰ ছবি পৰিস্ফুট। উত্তৰ ভাৰতীয় সংগীতত ঠায়ে ঠায়ে গাম্ভীর্যৰ লগত উৰণীয়া ভাবৰ সংযোগ দেখা যায়পাঠান আৰু মোগল সাম্ৰাজ্যৰ অধীনত আনহাতে ভাৰতীয় সাহিত্যই উৎকর্ষ লাভ কৰে। একে ঠাইত বর্তি থাকিয়ে বিশ্বৰ ৰ’দৰ ৰেঙনি গ্ৰহণ কৰিব পৰাতো হৈছে ভাৰতীয় সাহিত্যৰ বৈশিষ্ট্য ।

ভাৰতীয় সংস্কৃতি এনেদৰেই সমন্বয়ৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠিছে ই সমন্বয়ৰ সংস্কৃতি। বিভিন্ন জাতি-উপজাতিৰ স্বকীয় উপাদানৰ সঠিক সংস্কৰণৰ ফলত এই সংস্কৃতিয়ে জন্ম লভিছে

১৩। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ: ‘সভ্যতা আৰু সংস্কৃতি’ দুয়োটা শব্দৰ মাজত প্রভেদ আছে সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটত সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমান এখনৰ জীৱন প্রতিভা। সভ্যতাই সমাজ সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে। সভ্যতা দৰাচলতে এখন সমাজ। সমাজখনৰ ভাষা সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে জাতি বিশেষত সংস্কৃতিৰ মাপকাঠী।

১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰ: উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজত বিস্তৰ প্রভেদ দেখা যায়। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকে ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়ই ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যক ৰঙীন কবিছে।

দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহগঠনৰ বিশালতা এই ভাস্কর্যৰ আন এক বৈশিষ্ট্যপ্রত্যেকটো ভংগীমাই হৈছে সুকীয়া। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তি দেখা নাযায় । উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি মন্দিৰটোত প্রায় এহাজাৰমান স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আন এটাৰ লগত নিমিলে এইবোৰৰ সাজ-সজ্জাৰ জাক-জমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে।

উত্তৰ ভাৰতৰ ভাস্কৰ্য আকৌ দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে । এই ভাস্কৰ্যত বৃত্ত আৰু বক্র ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ । এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ সুস্পষ্ট। ই দৰাচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ হৈছে।

ইছলামীয় ভাস্কর্যৰ মূল বৈশিষ্ট্য হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াৰ বিশেষত্ব। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। হিন্দু ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে। এনেকৈয়েই হৈছে বিৰাট সমন্বয়ৰ বস্তু তাজমহল, ফটেহপুৰ চিক্ৰি , ইচমৎদৌল্লাৰ অসম্পূর্ণ ভাস্কর্য আদি এই ভাস্কৰ্যৰ উজ্জ্বল নিদর্শন।

১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰ: অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰায়। এই গুহাত অনন্তকালৰ বাবে শিল্প-কলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি-প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱৰ প্ৰকাশ দেখা যায়এটা হৈছে সন্ন্যাস জীৱন, আনটো সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হ’ল জীৱন আনন্দৰ উচ্ছাসময় চিত্র। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্রেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিয়েই বেলেগ। দুয়োবিধতেই দুখন সুকীয়া জগত প্রতিফলিত হৈছে। কিন্তু পৃথক যদিও আকৌ দুয়োখন জগত পৃথকে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ কৰিবপৰাকৈ প্ৰেৰণা যোগোৱা শক্তিৰ সম্ভেদ এই ছবিবোৰৰ মাজত থকা দেখা যায়। প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইত অংকিত হৈছে। দৰাচলতে জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছেএই জীৱন প্রাচুর্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। ছবিবোৰত ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা স্পষ্ট ৰূপত আছে। ইয়াৰোপৰি শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছে অজন্তাৰ চিত্রশিল্পৰ মাজত। এয়েই এই চিত্রশিল্পৰ গৌৰৱ।

১৬। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রবেশ কবা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

উত্তৰ: মোগল সম্রাট বাবৰৰ দিনত চিত্রশিল্পব নতুন ধাৰা এটা ভাৰতত প্রৱেশ কৰে। এই চিত্রশিল্পৰ মূলত আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আর্টত জনজীৱন বা সংস্কৃতি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত। গতিকে যুগৰ দাবী অনুসৰি এই আর্ট কঠোৰ আৰু বাস্তৱবাদী হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্রৱণতা নাই আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্রেৰণা। ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্রশিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নোহোৱা কৰিছিল এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্রণত এটা নতুন পদ্ধতিৰ সৃষ্টি হৈছিল।

১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?

উত্তৰ: উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু চকুত পেলায়-গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত উৰণীয়া ভাবৰ সংযোগ দেখা যায়।

১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।

উত্তৰ: ভাৰতীয় সংস্কৃতিৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ বিশেষ অৱদান থকা দেখা যায়। ভাৰতীয় সংস্কৃতিত ইছলামীয় দর্শনে যিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে সেয়া উপনিষদৰ দৰ্শনৰ সতে প্রায় একে। ছুফিবাদৰ মূল কোৰাণ শাস্ত্র ছুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূর্ব মিল থকা দেখা যায়। আনহাতে ভাৰতীয় স্থাপত্য-ভাস্কর্যৰ ওপৰতো ইছলামীয় প্রভাব বিৰাজমান। উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্র ৰেখাৰ প্রাদুর্ভাব সৰহ। এই অঞ্চলৰ ভাস্কর্যত দৰাচলতে ইছলামীয় প্রভাৰ পৰিছে। ই সংহতিৰ ভাস্কর্য। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সুক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। গঠনৰ সৰলতা আৰু সূক্ষ্মতাই ইছলামীয় ভাস্কর্যক এক বিশেষ মর্যাদা প্রদান কৰিছে। ই হৈছে ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন। হিন্দু ভাস্কর্যক ইছলামীয় ভাস্কর্যই কাৰু-কার্য প্রদান কৰিছে। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচমৎদৌল্লাৰ অসম্পূর্ণ ভাস্কর্য আদি হৈছে ভাৰতীয় সংস্কৃতিলৈ ইছলামীয়সকলৰ বিশেষ অৱদান। সাংস্কৃতিক ক্ষেত্ৰখনত সমন্বয়ৰদ্বাৰা এক সংস্কৃতি হৈ হিন্দু আৰু ইছলামীয়সকলে অৱদান আগবঢ়াইছিল। বিশেষ বিশেষ সৃষ্টিৰ তেনেদৰেই জন্ম। ইছলামীয়সকলৰ সাংস্কৃতিক অৱদান চিত্রশিল্প, ধর্ম আদিৰ ক্ষেত্ৰতো দেখা যায়।

১৯। প্রাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰ: ভাৰতীয় ভাস্কর্য তথা শিল্পকলাৰ ক্ষেত্ৰখনত ইছলামসকলৰ অৱদান বিশেষভাৱে মন কৰিবলগীয়া। প্রাক্-মুছলিম আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলা বিশেষভাৱে মন কৰিবলগীয়াভাৰতীয় সংস্কৃতিৰ এই ক্ষেত্ৰসমূহতো বিভিন্ন প্ৰকাৰৰ সমন্বয়ৰ ফলত এক বিশেষ সৃষ্টি সাধন হৈছে।

ভাৰতবৰ্ষ বৈচিত্র্যৰে আৱৰা। এই ঠাইৰ ভাস্কর্য তথা শিল্পকলাৰ ক্ষেত্রখনতো বিচিত্রতা বিৰাজমান। উত্তৰ ভাৰতৰ ভাস্কৰ্ষৰ সতে দাক্ষিণাত্যৰ ভাস্কর্য সম্পূর্ণৰূপে নিমিলে। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। ইয়াৰ এটা নির্দিষ্ট বিচাৰ পদ্ধতি আছে। ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যক ই ৰঙীন কৰিছে। দাক্ষিণাত্যৰ ভাস্কর্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা ইয়াৰ অন্য এক বৈশিষ্ট্য। ইয়াত বিৰাজমান প্রত্যেক ভঙ্গীমাই হৈছে সুকীয়া। উদাহৰণস্বৰূপে, কাঞ্জিভৰামৰ মন্দিৰৰ কথা ক’ব পাৰি। এই মন্দিৰত প্রায় এহাজাৰটা স্তম্ভ আছে। কিন্তু এই স্তম্ভসমূহৰ এটাৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ-সজ্জাৰ জাক-জমকতা আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে। উত্তৰ ভাৰতৰ ভাস্কর্যত কিন্তু বৃত্ত আৰু বক্র ৰেখাৰ প্রাদুর্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰসমূহত ইছলামীয় ভাস্কর্যৰ প্রভাৱ পৰিছে। এই ভাস্কর্য দৰাচলতে হিন্দু আৰু ইছলামৰ সমন্বয়ৰ দ্বাৰা সাধিত হৈছে। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য হৈছে কাৰুকাৰ্যৰ বিশালতা। তাজমহল, ফটেহপুৰ চিক্ৰি আদিয়ে সেই যুগৰ ভাস্কর্যৰ মর্যাদা বহু পৰিমাণে বৃদ্ধি কৰিছে। ইছলামীয় অনুষ্ঠানত হিন্দু ভাস্কর্যৰ কলহ, পদুম ফুল আদিৰ ব্যৱহাৰে দুয়ো ধৰ্মৰে উদাৰতাৰ দিশটো উদঙাই দেখুৱায়। এনে উদাৰতাই বিভিন্ন ধৰণৰ সুকুমাৰ কলাৰ শ্ৰীবৃদ্ধিৰ বাট প্রশস্ত কৰিছিল। সুকুমাৰ কলাসমূহৰ ভিতৰত আটাইতকৈ স্থায়ী হৈছে চিত্রকলা।

মোগল সম্রাট বাবৰৰ আমোলত চিত্রশিল্পৰ নতুন ধাৰা এটা পোন প্রথমবাৰৰ বাবে ভাৰতভূমিত প্রবেশ কৰে। এই চিত্রশিল্পৰ মূলতে হৈছে প্ৰচুৰ ব্যক্তিবোধ। ব্যক্তিৰ জীৱনৰ প্ৰকাশ হৈছে ইয়াৰ প্ৰধান লক্ষ্যএনে চিত্রকলাৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজদৰবাৰত। এই আর্টসমূহত ভাৱপ্ৰৱণতাৰ পৰিৱৰ্তে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ ছবি ফুটি উঠিছেব্যক্তিবাদে চিত্র-শিল্পত সংকেত বা ইংগিতৰ স্থান প্রায় নোহোৱা কৰি বুদ্ধিৰ চিত্ৰ প্ৰকট কৰিছিল। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্রণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অনুভূতিৰ প্রসাৰেই হৈছে মোগল আৰু ৰাজপুত আর্টৰ প্রধান লক্ষণ। এবিধ আনন্দাপ্লুত, বস চঞ্চল। আনবিধ ধীৰ, মন্থৰ প্রাণ।

২০। ব্যাখ্যা কৰাঃ

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

উত্তৰ:

উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তর্গত হেম বৰুৱাদেৱৰ ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে।

সংস্কৃতিক ইয়াত অবিচ্ছিন্ন ধাৰা বুলি উল্লেখ কৰা হৈছে।

সংস্কৃতি হৈছে কোনো এটা বা সমাজ এখনৰ জীৱন প্রতিভা ভাষা, সাহিত্য, সুকমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। ভাৰতীয় জীৱনৰ মূল সম্পদ হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। এই ধাৰা বাধাহীন গতিৰে বোঁৱতী সুতিৰদৰে বৈ ৰৈছে। এই ধাৰা একেৰাহে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে। সংস্কৃতিৰ এই অবিচ্ছিন্ন ধাৰাটোৱে দৰাচলতে অতীতৰপৰা ভাৰতভূমিত বর্তি থকা নৃত্য, গীত, কলা, চিত্রশিল্প আদিক নির্দেশ কৰিছে। এই সমূহেই অতীতৰপৰা ভাৰতীয় সংস্কৃতিক জীপাল কৰি বাখিছে। ভাৰতীয় সংস্কৃতিৰ অৱয়ব সুসংগঠিত তথা বৃদ্ধি কৰাত এইবোৰৰ অৱদান অপাৰ ।

(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

উত্তৰ: উদ্ধৃত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত হেম বৰুৱাৰ ‘ভাবতীয় সংস্কৃতি’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে।

ভাৰত বুৰঞ্জীৰ ইতিহাস বিয়পাই সতেজ হৈ বোৱা ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বৰ্ণনা বিৱৰাৰ প্ৰসংগত এই বাক্যশাৰী প্রকাশিত হৈছে।

ভাৰতভূমি হৈছে বিভিন্ন জাতি-উপজাতিব সমন্বয় ভূমি। সময়ে সময়ে এই ভূমিলৈ বিভিন্ন জাতি-জনজাতিৰ লোক আহিছে। কোনোবা জাতি আহিছে যুঁজ-বাগৰৰ অর্থে, কোনোবা আহিছে বেপাৰ বাণিজ্যৰ উদ্দেশ্যে। সময়ৰ সোঁতত নিজক বিলীন কৰি তেওঁলোক এটা সময়ত এই ভূমিবেই স্থায়ী বাসিন্দা হৈ পৰিছে। সকলোৱে লগত লৈ আহিছে নিজা নিজা সংস্কৃতি। এই সংস্কৃতিৰপৰা মূল সংগ্ৰহ কৰিয়েই গঠিত হৈছে বিশাল ভাৰতীয় সংস্কৃতি। সেয়ে ভাৰতীয় সংস্কৃতি তথা ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত । ভাৰতভূমিত ৰাজপুত, মোগল আদি জাতি এই একে প্রক্রিয়াবেই আহি এদিন বাসিন্দা হৈছিলহি। এই সংস্কৃতিত তেওঁলোকে নিজৰ প্রায় সকলোখিনি ত্যাগ কৰিছিলতেনেবোৰ বিষয় বৰ্ণনাৰেই ভাৰত বুৰঞ্জী সমৃদ্ধ হৈছে। ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বিস্তৰ বৰ্ণনাই হৈছে ভাৰত বুৰঞ্জী।

(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ।

উত্তৰ: উদ্ধৃত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য চয়নিকা’ৰ অন্তৰ্গত হেম বৰুৱাৰ ‘ভাৰতীয় সংস্কৃতি’ পাঠটিৰপৰা তুলি দিয়া হৈছে।

সকলো আৰ্টৰ মূলতে থকা বিপৰীত পন্থা দুটাৰ কথা ইয়াত আলোচনা কৰা হৈছে।

চিত্রকলাৰ ক্ষেত্ৰত ভাৰতীয় বুৰঞ্জী আগবঢ়া। ভাৰতীয় সংস্কৃতিত ইয়াৰ বিশেষ অৱদান থকা দেখা যায়। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এই দুটাৰ এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি; আনঢৈাৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটা বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে, আনটোৱে মানুহৰ অন্তৰ আত্মা স্পর্শ কৰি অভিভূত কৰে। আকৌ প্রথমটোৱে প্রায়েই বিৰাট পটভূমিৰ অৱতাৰণা কৰে; দ্বিতীয়টোৰে তেনে পদ্ধতিৰ অৱতাৰণা নকৰে। ইয়াৰোপৰি প্ৰথমবিধ আৰ্টৰ বহির্জাগতিক বিস্তৃতি আছে দ্বিতীয়টোৰ সেই বিস্তৃতি নাই।

ভাষা-বিষয়ক:

১। সন্ধি ভাঙা :

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত

উত্তৰ:

সংস্কৃতি = সম্ + কৃতি

সমন্বয় = সম + অন্বয়

সম্বন্ধ = সম বন্ধ

ভাৰাক্ৰান্ত = ভাৰ আক্ৰান্ত

সম্মত = সম+ মত

২) বিশেষ্য বা বিশেষণলৈ নিয়া:

বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লব।

উত্তৰ:

বিশেষ্য

বিশেষণ

বৈচিত্র্য

ভৌগোলিক

বিস্তৃতি

নৈৰাশ্য

বিপ্লৱ

বিচিত্র

ভূগোল

বিস্তৃত্

নৈৰাশ, নিৰাশ

বৈপ্লৱিক

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Assamese Chapter 7 – ভাৰতীয় সংস্কৃতি FAQs
ভাৰতীয় সংস্কৃতি পাঠটোৰ মূল বিষয় কি?
ভাৰতীয় সংস্কৃতি হ’ল ভাৰতৰ বৈচিত্ৰ্যময় ঐতিহ্য, ধৰ্ম, শিল্প, আৰু মূল্যবোধৰ ওপৰত আলোকপাত কৰা এটি সাহিত্যিক ৰচনা। (Bharatiya Sanskriti is a literary composition that highlights India’s diverse heritage, religion, arts, and values.)
ভাৰতীয় সংস্কৃতিৰ সাহিত্যিক বৈশিষ্ট্য কি?
পাঠটোত বর্ণনামূলক ভাষা, সাংস্কৃতিক উল্লেখ, উপমা, আৰু ঐক্যৰ বাৰ্তাৰ ব্যৱহাৰ দেখা যায়। (It features descriptive language, cultural references, metaphors, and a message of unity.)
ভাৰতীয় সংস্কৃতিৰ সাংস্কৃতিক তাৎপৰ্য কি?
এই পাঠে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য আৰু ঐক্যৰ গুৰুত্ব তুলি ধৰে, অসমীয়া সাহিত্যৰ জৰিয়তে জাতীয় পৰিচয়ৰ প্ৰচাৰ কৰে। (It emphasizes the importance of India’s diversity and unity, promoting national identity through Assamese literature.)
HSLC পৰীক্ষাত ভাৰতীয় সংস্কৃতিৰ পৰা কেনে প্ৰশ্ন আশা কৰা যায়?
সংক্ষিপ্ত প্ৰশ্ন (মূল ভাৱ, সংস্কৃতিৰ দিশ), ব্যাখ্যামূলক প্ৰশ্ন (তাৎপৰ্য, বৈচিত্ৰ্যৰ ভূমিকা), আৰু শব্দাৰ্থ। (Short questions (main idea, aspects of culture), explanatory questions (significance, role of diversity), and vocabulary.)
এই অধ্যায়ৰ মূল উদ্দেশ্য কি?
ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য আৰু ঐক্যৰ সৈতে পৰিচয় কৰোৱা আৰু অসমীয়া সাহিত্যৰ জৰিয়তে সাংস্কৃতিক গৌৰৱ শিকোৱা। (To introduce students to the diversity and unity of Indian culture and teach cultural pride through Assamese literature.)
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top